Advertisment

মিঞাৰ বিৰুদ্ধে আন্দোলন আৰম্ভ

মিঞা’ৰ বিৰুদ্ধে আন্দোলন আৰম্ভ উজনি অসমত। উজনি অসমৰ শিৱসাগৰত ‘মিঞা’ৰ বিৰুদ্ধে সৰৱ হৈ উঠিল অসমীয়া যুৱ মঞ্চ আৰু জাতীয় সংগ্ৰামী সেনা নামৰ দুটাকৈ জাতীয় সংগঠন।

'মিঞাক খেদক দেশ বচাওঁক'


মিঞাৰ বিৰুদ্ধে আন্দোলন আৰম্ভ

‘মিঞা’ৰ বিৰুদ্ধে আন্দোলন আৰম্ভ উজনি অসমত। উজনি অসমৰ শিৱসাগৰত ‘মিঞা’ৰ বিৰুদ্ধে সৰৱ হৈ উঠিল অসমীয়া যুৱ মঞ্চ আৰু জাতীয় সংগ্ৰামী সেনা নামৰ দুটাকৈ জাতীয় সংগঠন।

Advertisment

ৰাজ্যত আৰম্ভ হ'ল বাংলাদেশী মিঞাৰ বিৰুদ্ধে আন্দোলন। বাংলাদেশী মিঞা খেদা অভিযানক লৈ উজনি অসমত জাগ্ৰত হৈ উঠিল জাতীয় সংগঠন। ‘মিঞা খেদাওক দেশ বচাওঁক’, ‘মিঞা খেদি অসম বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰক’ আদি শ্লোগানেৰে হৰ্ডিং আঁৰিলে অসমীয়া যুৱ মঞ্চই। শিৱসাগৰ নগৰৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আঁৰি থোৱা দেখা গ’ল ডাঙৰ ডাঙৰ হৰ্ডিং।

Also Read: ভাৰতৰ হাতত পৰাজয়ে আমুৱাইছে! সেয়ে ভাৰত-পাকিস্তানৰ মেচ বয়কটৰ সিদ্ধান্ত ল'লে নেকি পাকিস্তানে?

'জাগ ঐ জাগ-অসমীয়া জাগ, খেদ ঐ খেদ-মিঞা বাংলাদেশীক খেদ'। 'বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ অসম, ইয়াত নহ'ব মিঞাৰ দখল'। এনেদৰে শিৱসাগৰত বাংলাদেশী মিঞা খেদাৰ সমৰ্থনত জাতীয় সংগঠনৰ বৃহৎ বেনাৰ, হৰ্ডিং এতিয়া দেখিবলৈ পোৱা গৈছে। ভিন্ন প্ৰান্তত বৃহৎ বেনাৰ লগাই আন্দোলন আৰম্ভ কৰিলে দুটাকৈ জাতীয় সংগঠনে। জাতীয় সংগ্ৰামী সেনা অসম আৰু অসমীয়া যুৱ মঞ্চই মিঞা খেদা অভিযান আৰম্ভ কৰি আঁৰিলে বৃহৎ বৃহৎ বেনাৰ, হৰ্ডিং। 

Also Read: মই হিন্দুও নহয়, মুছলমানো নহয়, দেশজুৰি চৰ্চাত থকা কোন এইজন মহম্মদ দীপক?

মিঞাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৰৱ হোৱাৰ সময়তে জাতীয় সংগঠনেও আৰম্ভ কৰিলে আন্দোলন। শিৱসাগৰ নগৰৰ লগতে ৰাজপথৰ কাষত আঁৰিলে মিঞা খেদাৰ বৃহৎ বেনাৰ। 'মিঞাক খেদক দেশ বচাওঁক', 'থলুৱাক নিয়ুক্তি দি মিঞা খেদক'। 'মিঞা খেদি অসম বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰক'। 'জাগিলে অসম ৰখিব দেশ, নহ’লে হ'ব বাংলাদেশ' আদি বিভিন্ন শ্লোগানেৰে ৩৭, ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আঁৰিলে হৰ্ডিং। বাংলাদেশী মিঞাৰ বিৰুদ্ধে সৰৱ হৈ পৰিল জাতীয় সংগ্ৰামী সেনা অসম আৰু অসমীয়া যুৱ মঞ্চ। আগন্তুক সময়ত সমগ্ৰ ৰজ্যজুৰি মিঞাৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰাৰ হুংকাৰ সংগঠন দুটাৰ। 

Advertisment
Advertisment