Assameseশিল্পী তুমি তিনিও কালৰ, হস্তশিল্পী সপোন নেওগৰ দেহাৱসানঅৱশেষত জীৱন যুঁজত হাৰ মানিলে অসমৰ ৰাইন'মেন তথা 'মাষ্টাৰ ক্ৰাফটমেন' হিচাপে পৰিচিত লগতে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন হস্তশিল্পী তেজপুৰ ডিপোটাৰ নিবাসী সপোন নেওগে।Naba Gogoi Sep 17, 2025 21:53 ISTবিদায় হস্তশিল্পী সপোন নেওগ Photograph: (FILE)হে মহান শিল্পী, বিদায় তোমাক...অৱশেষত জীৱন যুঁজত হাৰ মানিলে অসমৰ ৰাইন'মেন তথা 'মাষ্টাৰ ক্ৰাফটমেন' হিচাপে পৰিচিত লগতে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন হস্তশিল্পী তেজপুৰ ডিপোটাৰ নিবাসী সপোন নেওগে। ভাৰত চৰকাৰে 'মাষ্টাৰ ক্ৰাফটমেন' হিচাপে বিভূষিত কৰা এইগৰাকী শিল্পী দীৰ্ঘ দিন অসুস্থতাৰ অন্তত বুধবাৰে ইহলীলা সম্বৰণ কৰে।Advertismentঅসমলৈ হস্তশিল্পী সপোন নেওগৰ বিশেষ অৱদান। যিগৰাকী শিল্পীয়ে কাঠত খোদিত কৰা মায়া সভ্যতাৰ ভাস্কৰ্য দেখি ব্ৰিটিছ মিউজিয়ামৰ কিউৰেট অভিভূত হৈছিল। আজিও হস্তশিল্পী সপোন নেওগৰ সেই অনন্য শিল্প ব্ৰিটিছ মিউজিয়ামত সংৰক্ষিত হৈ আছে। সমগ্ৰ অসমতে হস্তশিল্পী সপোন নেওগক 'ৰাইনো মেন' হিচাপে এক পৰিচয় আছে। সেইগৰাকী মহান শিল্পীয়ে জীৱনৰ অন্তিম দিনকেইটাৰ লৈকে চৰকাৰৰ পৰা যিধৰণৰ সহায়-সহযোগিতা পাব লাগিছিল সেয়া নাপালে। জাতীয় সংগঠনেও যি সন্মান বা গুৰুত্ব দিব লাগিছিল সেয়া প্ৰদান নকৰিলে শিল্পীগৰাকীক।১৯৫৮ চনৰ ২১ নবেম্বৰত জন্ম গ্ৰহণ কৰা সপোন নেওগে ১৯৭৭ চনৰ পৰা কাঠশিল্পৰ সৈতে জড়িত হৈ গড় নিৰ্মাণেৰে সমগ্ৰ দেশতেই 'ৰাইন' মেন' হিচাপে খ্যাতি অৰ্জন কৰিছিল। কেৱল ইমানেই নহয় ইয়াৰ লগতে বিভিন্ন অনুষ্ঠানৰ প্ৰতীকপট অৰ্থাৎ মেমেন্ট' নিৰ্মাণ কৰিছিল। ইয়াৰ উপৰি কাঠেৰেই অসমীয়া বিহুৰ সকলো সা-সামগ্ৰী, মহিলাৰ কুন্দতকটা গহণা আদি নিৰ্মাণ কৰি সমগ্ৰ দেশতে খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল। এনে কৰ্মদক্ষতাৰ থকাৰ বাবে অসম চৰকাৰে আৰু ভাৰত চৰকাৰে কাঠশিল্পৰ এগৰাকী প্ৰশিক্ষক হিচাপে নেওগক নিযুক্তি দিছিল। নেওগে ৰাজ্যখনৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়াৰ পিছত ভাৰত চৰকাৰৰ জৰিয়তে ২০০৭ চনত দক্ষিণ আফ্ৰিকাত সুদীৰ্ঘ সময় দক্ষিণ আফ্ৰিকাৰ বিদ্যালয়-মহাবিদ্যালয়সমূহত কাঠশিল্পৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল।উল্লেখ্য যে শিল্পকৰ্মৰ সমান্তৰালভাৱে সদ্যপ্ৰয়াত নেওগৰ আছিল প্ৰকৃতিৰ প্ৰতি বিশাল প্ৰেম। এগৰাকী বৃক্ষ বন্ধু হিচাপে সপোন নেওগে বাসগৃহৰ চৌহদৰ প্ৰায় ৭ বিঘা মাটিত বিভিন্ন মূল্যবান গছ-গছনিৰ লগতে লুপ্ত হ'বলৈ ধৰা অসমীয়া ফুলৰ উপৰিও বিদেশী বিভিন্ন গছ ৰোপণ কৰি সমগ্ৰ বাসগৃহটো এখন তপোবনলৈ ৰূপান্তৰ কৰিছিল। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন হস্তশিল্পীগৰাকীৰ পৰলোকপ্ৰাপ্তিত সমগ্ৰ তেজপুৰতে বৰ্তমান পৰিছে শোকৰ ছাঁ। Read the Next Article