Advertisment

মিত্ৰতা নে সংঘাত? সমষ্টিক লৈ অগপ-বিজেপিৰ মাজত শীতল যুদ্ধ!

অভয়াপুৰী বিধানসভা সমষ্টিক লৈ শীতল যুদ্ধ চলিছে অগপ আৰু বিজেপিৰ মাজত। অভয়াপুৰী সমষ্টি নিজৰ দখললৈ নিয়াৰ বাবে অগপই নিজৰ মতে ৰণকৌশল প্ৰস্তুতি চলোৱাৰ সময়তেই বিজেপি দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ চৰ্চা চলিছে সমষ্টিটোত।

 মিত্ৰতা নে সংঘাত? সমষ্টিক লৈ অগপ-বিজেপিৰ মাজত শীতল যুদ্ধ!

বিধায়কৰ সংখ্যা বঢ়াব লাগে...! দলৰ ভেটি শক্তিশালী কৰিব লাগে!

কোনোবাখিনিত মিত্ৰ দলৰ সৈতেও যেন মুকলি সংঘাত...

সমষ্টিক লৈ অগপ-বিজেপিৰ মাজত শীতল যুদ্ধ!

ৰাজ্যত এতিয়া বিধানসভা নিৰ্বাচনক লৈ শাসক-বিৰোধীৰ চলিছে নিৰ্বাচনী কুচকাৱাজ। মাজত মাত্ৰ কেইটামান দিন বাকী তাৰ পাছতে অসমত বিধানসভা নিৰ্বাচন। বিধানসভা নিৰ্বাচনক লৈ শাসক-বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত। শাসক-বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত চলি থকাৰ সময়তে নামনি অসমৰ এটা সমষ্টিত বিজেপি আৰু অগপৰ মাজত চলিছে শীতল যুদ্ধ।  অভয়াপুৰী বিধানসভা সমষ্টিক লৈ শীতল যুদ্ধ চলিছে অগপ আৰু বিজেপিৰ মাজত। অভয়াপুৰী সমষ্টি নিজৰ দখললৈ নিয়াৰ বাবে অগপই নিজৰ মতে ৰণকৌশল প্ৰস্তুতি চলোৱাৰ সময়তেই বিজেপি দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ চৰ্চা চলিছে সমষ্টিটোত। ইয়াৰ পাছতেই এতিয়া চিন্তিত হৈ পৰিছে মিত্ৰদল অগপ। সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত নতুনকৈ সৃষ্টি হোৱা অভয়াপুৰী বিধানসভা সমষ্টিৰ দলীয় প্ৰাৰ্থীক লৈ দুয়োটা দলৰ মাজত চলিছে খোৱা-কামোৰা। নতুনকৈ সৃষ্টি হোৱা অভয়াপুৰী বিধানসভা সমষ্টিৰ মুঠ ভোটাৰ সংখ্যা ১৮২,৬৬৫ গৰাকী। সেই অনুপাতে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ পিছত মুঠ জনসংখ্যাৰ অনুপাতে হিন্দু ভোটাৰ ৭৪.৪২ শতাংশ আৰু মুছলমান ভোটাৰ ২৫.১৫ শতাংশ। তাকেলৈ বিজেপি দলৰ মাজত প্ৰাৰ্থীত্বক লৈয়ো আৰম্ভ হৈছে খোৱা-কামোৰা।

Advertisment

also read...কোনে কৈছে অসম এতিয়া উন্নয়নৰ শীৰ্ষত?

ইতিমধ্যে বিজেপি দলৰ হৈ উজ্জ্বল কান্তি ৰায়, ৰুদ্ৰ কুমাৰ পাঠক, সঞ্জয় ৰায়, জীবেশ ৰায়, দীনেশ সৰকাৰ, নৱ কুমাৰ দাস, ডাঃ ইতেশ বৰদলৈ, শ্যামল নাৰায়ণ দেৱ, জিতু বণিক্যকে ধৰি ৯ জনকৈ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে থিয় দিছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ হোৱা আগৰে পৰাই দীৰ্ঘ দিন ধৰি নিজৰ দখলত ৰখা অগপ দলেও কিন্তু কোনো কাৰণতে আশা এৰি দিয়া নাই। উত্তৰ অভয়াপুৰীৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায়ে নতুনকৈ সৃষ্টি হোৱা অভয়াপুৰী সমষ্টিত অগপ দলৰ ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে সমষ্টিটোৰ চুকে-কোণে সভা সমিতি অনুষ্ঠিত কৰি আহিছে।

বিজেপি দলৰ একাংশ সমৰ্থকে সমষ্টিটোত এইবাৰ বিজেপি দলৰ পৰা প্ৰাৰ্থী বিচাৰিছে। তেওঁলোকৰ দাবী এতিয়ালৈকে আমাৰ সমষ্টিটোত চৰকাৰ পক্ষৰ বিধায়ক আমি পোৱা নাই। চৰকাৰ কোনোবা দলৰ হ'লে আমাৰ সমষ্টিত বিপৰীত দলৰহে বিধায়ক হয় সেয়ে এইবাৰ আমি অভয়াপুৰী বিধানসভা সমষ্টিটো বিজেপিৰ দখলত বিচাৰো। আনফালে অগপ দলৰ একাংশ সমৰ্থকে পুনৰ এবাৰ সমষ্টিটো অগপৰ দখলত বিচাৰিছে। দীৰ্ঘ দিন ধৰি সমষ্টিটো অগপৰ দখলত থকাৰ বাবেই কোনো কাৰণতে বিজেপিক এৰি দিবলৈ বিচৰা নাই অগপ দলৰ সমৰ্থকে।

also read...মৰিগাঁৱত BJP টিকটক লৈ বঙহৰ যুঁজ অব্যাহত !

আনফালে অগপ আৰু বিজেপি মিত্ৰজোঁটত থকা দল দুটাৰ মাজত প্ৰাৰ্থিত্বক লৈ শীতল যুদ্ধ তুংগত উঠাৰ সময়ত নতুনকৈ অভয়াপুৰী সমষ্টি হোৱাৰ পিছত কংগ্ৰেছ দলৰ মাজত নাই কোনো বিসম্বাদ। পূৰ্বৰ বিধায়ক প্ৰদীপ সৰকাৰৰ বাহিৰে দলটোৰ মাজত নাই অন্য প্ৰাৰ্থী। একমাত্ৰ প্ৰদীপ সৰকাৰে আবেদন কৰিছে অভয়াপুৰী সমষ্টিৰ পৰা। সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাত ৭৪.৪২ শতাংশ হিন্দু ভোটাৰ থকা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয় হোৱাটো একপ্ৰকাৰ যদিও অসম্ভৱ কিন্তু পিছলৈ কি হয় সেয়া সময়ে ক'ব। তাৰ বিপৰীতে অগপ আৰু বিজেপিৰ মাজত অভয়াপুৰী বিধানসভা সমষ্টিক লৈ চলা শীতল যুদ্ধত কোনটো দলে সমষ্টিটো নিজৰ হাতত ৰাখিব পাৰিব সেয়া হ'ব লক্ষনীয়।

Advertisment
Advertisment