ৰাজনীতিমৰিগাঁৱত BJP টিকটক লৈ বঙহৰ যুঁজ অব্যাহত !এইবাৰ শাসকীয় দল বিজেপিতো টিকট বিচাৰি প্ৰাৰ্থীৰ মাজত আৰম্ভ হৈছে বঙহৰ যুঁজ। মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীলৈ প্ৰত্যাহ্বান অনা টিকট প্ৰত্যাশীক চিনি নাপাই বিধায়কগৰাকীয়ে।Estafur Rahman Feb 03, 2026 14:41 ISTমাজত মাত্ৰ কেইটামান দিন বাকী তাৰ পাছেতই অসমত বিধানসভা নিৰ্বাচন। নিৰ্বাচনক লৈ ইতিমধ্যে শাসক-বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত । কেৱল নিৰ্বাচনী প্ৰচাৰে নহয় সমান্তৰালভাৱে প্ৰাৰ্থীৰ মাজত টিকটক লৈ খোৱা-কামোৰাও দেখা পোৱা গৈছে। ইতিমধ্যে কংগ্ৰেছ দলৰ পৰা টিকট বিচাৰি কেইদিনমান পূৰ্বে অসম কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত ৰাজ্যৰ সিমূৰৰ পৰা সিমূৰৰলৈ বহু প্ৰাৰ্থীয়ে আবেদন পত্ৰ দাখিল কৰিছে । Advertismentalso read...উচ্ছেদিত এজনো যদি বাংলাদেশী ওলাই তেন্তে গুলীয়াই মাৰক, কোন বিধায়কে জনালে এই আহ্বান?এইবাৰ শাসকীয় দল বিজেপিতো টিকট বিচাৰি প্ৰাৰ্থীৰ মাজত আৰম্ভ হৈছে বঙহৰ যুঁজ। মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীলৈ প্ৰত্যাহ্বান অনা টিকট প্ৰত্যাশীক চিনি নাপাই বিধায়কগৰাকীয়ে। মৰিগাঁও সমষ্টিৰ পৰা টিকট বিচাৰি মৰিগাঁও জিলা বিজেপি কাৰ্যালয়ত ভিৰ কৰিছে টিকট প্ৰত্যাশী প্ৰাৰ্থীয়ে । মৰিগাঁও জিলা BJP কাৰ্যালয়ত ইজনৰ পাছত সিজনৰ টিকট বিচাৰি আবেদন৷ টিকট বিচাৰি কৰা আবেদনৰ আটাইকেইজনেই বৰ্তমানৰ বিধায়ক ৰমাকান্ত দেউৰীৰ এসময়ৰ ঘনিষ্ঠ। হঠাৎ বিধায়ক ৰমাকান্ত দেউৰীৰ সোঁৱে-বাঁৱে থকা ঘনিষ্ঠ সকলে টিকট বিচাৰি কৰা আবেদনক লৈ মৰিগাঁও বিজেপিত আৰম্ভ হৈছে বঙহৰ যুঁজ। মৰিগাঁও সমষ্টিৰ পৰা বিজেপিৰ টিকট বিচাৰি এইবাৰ আবেদন কৰিলে ৰমাকান্ত দেউৰীৰ সৈতে কিছু দিন আগলৈ একেলগে ঘূৰি থকা বিধায়কৰ সোঁহাত স্বৰূপ দন্দুৱা জিলা পৰিষদৰ সদস্য চুৰেণ দাসে৷ টিকট বিচাৰি আবেদন কৰিলে ৰমাকান্ত দেউৰীৰ লগত কেইবছৰমান আগলৈ ছাঁটোৰ দৰে থকা তিৱা স্বায়ত্ত্ব পৰিষদৰ প্ৰাক্তন CEM পৱন মান্তাই৷ দুটা দিনৰ আগত টিকটৰ বাবে আবেদন কৰিছিল ৰমাকান্ত দেউৰীৰ সোঁৱে-বাঁৱে থকা একালৰ ঘনিষ্ঠ BJP নেতা তিৱা স্বায়ত্ত্ব পৰিষদৰ CEM জীৱন চন্দ্ৰ কোঁৱৰে।also read...মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক বিষবাষ্প বিপয়াইছে! লতাশিল থানাত ৰুজু গোচৰকেৱল ইমানেই নহয় BJPৰ যুৱ নেতা বিষ্ণু ভাগৱতী, যুৱ নেতা উৎপল নাথ আৰু কিছুদিনৰ আগলৈ ৰমাকান্ত দেউৰীৰ অতি ঘনিষ্ঠ বৰ্তমান তিৱা স্বায়ত্ত্ব পৰিষদৰ চৰকাৰী মনোনীত সদস্য অজিত ডেকাই। মৰিগাঁও সদৰ সমষ্টিত ৰমাকান্ত দেউৰী দুবাৰকৈ সমষ্টিটোৰ বিধায়ক হিচাপে থকাৰ পিছতো তৃতীয়বাৰো ৰমাকান্ত দেউৰী তীব্ৰ দাবীদাৰ যদিও এতিয়া এইসকলে টিকট বিচৰাৰ পাছতে বিধায়ক ৰমাকান্ত দেউৰী অকলশৰীয়া হৈ তীব্ৰ সংকটত যে পৰিব সেয়া নিশ্চিত৷ সাংবাদিকে টিকট প্ৰত্যাশীৰ বিষয়ে প্ৰশ্ন কৰাত উত্তৰত কয়, ' জিলাত টিকট বিচাৰি আবেদন কৰা নিয়ম নহয়, এয়া BJP ৰ নীতিত নপৰে ।'also read....Who is হিমন্ত বিশ্ব শৰ্মা? এইবাৰ প্ৰশ্ন বদৰুদ্দিন আজমলৰআচল কথা হ'ল এসময়ৰ ঘনিষ্ঠক চিনি নাপাই হেনো বিধায়ক ৰমাকান্ত দেউৰীয়ে৷ এতিয়া লক্ষণীয় হ'ব বিজেপি দলে দুবাৰৰ বিধায়ক ৰমাকান্ত দেউৰীক টিকট প্ৰদান কৰিব নে টিকট বিচাৰি আবেদন কৰাসকলৰ ভিতৰত কোনোবা এজনক টিকট প্ৰদান কৰিব? ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে, বিধায়ক ৰমাকান্ত দেউৰীয়ে বিজেপিৰ টিকটক লৈ এক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব।AdvertismentAdvertisment Read the Next Article