Advertisment

মিঞাৰ সমৰ্থনত ওৱেইছি... উভতি ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক

'আপোনালোকে কয় আমি মহাশক্তিমান হ'ম, চন্দ্ৰত ঘৰ সাজিম'। 'কিন্তু ৰিক্সাৱালাক ভাড়াৰ বাবে টকা এটাও দিব নিবিচাৰে'। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা সাংসদ আছাদুদ্দিন ওৱেইছিৰ।

 মিঞাৰ সমৰ্থনত ওৱেইছি... উভতি ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক

অসমৰ মিঞাৰ সমৰ্থনত গৰজি উঠিল আছাদুদ্দিন ওৱেইছি

মিঞাক কষ্ট দিম বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ওৱেইছিৰ গৰ্জন

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰশ্ন আছাদুদ্দিন ওৱেইছিৰ। 'আপোনালোকে কয় আমি মহাশক্তিমান হ'ম, চন্দ্ৰত ঘৰ সাজিম'। 'কিন্তু ৰিক্সাৱালাক ভাড়াৰ বাবে টকা এটাও দিব নিবিচাৰে'। অসমৰ মিঞা মুছলমানক অসন্মান কৰাৰ অভিযোগ তুলি বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিল সাংসদ ওৱেইছি। হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰি ওৱেইছিয়ে ক'লে, 'কোনোগৰাকী মুখ্যমন্ত্ৰীয়ে এনেকুৱা কথা ক'ব পাৰে? যে ৰিক্সা যদি মিঞাই চলাই আৰু ভাৰা যদি পাঁচ টকা হয়, তেন্তে তেওঁক চাৰি টকা দিব? কিন্তু এইখন দেশত বিজেপিৰ কাৰণে সকলো সম্ভৱ। এগৰাকী বিজেপিৰ মুখ্যমন্ত্ৰীয়ে কেৱল ভোটৰ লালসাত এনেধৰণৰ মন্তব্য কৰিছে'। 

Advertisment

Also Read: উচ্চতম ন্য়ায়ালয়ত মমতা বেনাৰ্জীৰ সৱল যুক্তি। SIRক লৈ বিজেপি আৰু নিৰ্বাচন আয়োগক তুলাধূনা

লগতে সাংসদ আছাদুদ্দিন ওৱেইছিয়ে কয়, 'অসমত মিঞা বুলি ক'লে সেইসকলক বুজাই যিসকলক ১৫০-২০০ বছৰ পূৰ্বে ব্ৰিটিছে খেতি কৰিবলৈ আৰু কাম কৰিবলৈ অসমলৈ আনিছিল'। 'তেওঁলোকৰ মূলত ভাষা আছিল বাংলা'। 'তেওঁলোকে বঙালী ভাষাত কথা কয়, ভাৰতৰ প্ৰকৃত নাগৰিক তেওঁলোক’। 'ভাৰতৰ নাগৰিক হোৱাটোৱেই তেওঁলোকৰ ডাঙৰ ভুল নেকি'? 

বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি ওৱেইছিয়ে ভাষণ প্ৰসংগত পুনৰ কয়, 'চৰকাৰে উন্নত ভাৰত গঢ়ি তোলাৰ কথা কয়, বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ কথা কয়, ভাৰত বিশ্বৰ মহাশক্তি হিচাপে আত্মপ্ৰকাশ কৰাৰ কথা কয়, কিন্তু এজন ৰিক্সা চালকক 'এটকা' দিবলৈ কুণ্ঠাবোধ কৰে, আৰু এনেকৈ আমাৰ দেশ এদিন বিশ্ব মহাশক্তি হিচাপে আত্মপ্ৰকাশ কৰিবনে? মিঞাৰ নামত ঘৃণাৰ ৰাজনীতি কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে'। 

Also Read...চুৰি হ'ল জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি...!

চলিত বৰ্ষৰ ২৯ জানুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত 'মিঞা' সন্দৰ্ভত কৰা মন্তব্যই দেশৰ ৰাজনীতিত জোকাৰণিৰ সৃষ্টি কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে, 'মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিঞা শান্তিত থাকিব নোৱাৰে। মিঞাৰ ৰিক্সাচালকৰ ভাড়া যদি ৫ টকা হয়, তেন্তে দিয়ক ৪ টকা'। এনে মন্তব্যৰ পিছতেই AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে উভতি ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।

Advertisment
Advertisment