Advertisment

উচ্চতম ন্য়ায়ালয়ত মমতা বেনাৰ্জীৰ সৱল যুক্তি। SIRক লৈ বিজেপি আৰু নিৰ্বাচন আয়োগক তুলাধূনা

উচ্চতম ন্যায়ালয়ত SIR সন্দৰ্ভত হোৱাৰ শুনানিত উপস্থিত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বন্দ্যোপাধ্যায়। আদালতৰ কক্ষত অধিবক্তাৰ ৰূপত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।

 উচ্চতম ন্য়ায়ালয়ত মমতা বেনাৰ্জীৰ সৱল যুক্তি। SIRক লৈ বিজেপি আৰু নিৰ্বাচন আয়োগক তুলাধূনা

উচ্চতম ন্যায়ালয়ত SIR সন্দৰ্ভত হোৱাৰ শুনানিত উপস্থিত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বন্দ্যোপাধ্যায়। আদালতৰ কক্ষত অধিবক্তাৰ ৰূপত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।দুপুৰীয়া ১ বজাত লাঞ্চ ব্ৰেক থকাৰ পাছতো, কোনো লাঞ্চ ব্ৰেক নোলোৱাকৈ চলি আছিল শুনানি। মুখ্য  ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগচী, ন্যায়াধীশ বিপুল এম পাঞ্চোলিৰ বিচাৰপীঠত অধিবক্তাৰ ৰূপত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এটাৰ পাছত এটাকৈ কৰি গ'ল প্ৰশ্ন। এক কথাত SIR শুনানি প্ৰক্ৰিয়াত ইতিহাস ৰচিলে মমতাই। 

Advertisment

SRৰ বিৰোধিতা কৰি ইয়াৰ পূৰ্বেও সৰ্বোচ্চ ন্যায়ালয়ত গোচৰ তৰিছিল তৃণমূল কংগ্ৰেছৰ তিনি সাংসদ দোলা সেন, মহুৱা মৈত্ৰ আৰু ডেৰেক ও'ব্ৰায়েনে। অৱশ্যে আজিৰ শুনানিত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰশ্ন আছিল যে, 'আৰু মাত্ৰ ৪ দিন আছে, কিন্তু এতিয়াও SRত ৬৩ লাখ মানুহৰ শুনানি বাকী আছে। নিৰ্বাচনৰ আগতে কিয় SR লৈ ইমান খৰখেদা কৰিছে সেইটোহে বুজি পোৱা নাই। বিজেপি শাসিত ৰাজ্যসমূহত SRৰ গইনা লৈ ইতিমধ্যে বহু নাগৰিকক হাৰাশাস্তি কৰা পৰিলক্ষিত হৈছে'। 

Also Read....'প্ৰতিটো জনমলৈ, প্ৰতিটো জন্মান্তৰলৈ...' জুবিনবিহীন প্ৰথমটো বিবাহ বাৰ্ষিকীত আৱেগিক গৰিমা

সমান্তৰালকৈ আদালতৰ মজিয়াত থিয় হৈ মুখ্যমন্ত্ৰী মমতাৰ প্ৰশ্ন, 'আপোনালোকৰ অনুগ্ৰহত মই আজি ইয়াত। সমস্যাটো হ'ল সকলো শেষ হৈ গৈ আছে কিন্তু আমি ন্যায় পোৱা নাই। মই মোৰ দলৰ হৈ যুঁজ কৰা নাই, মোৰ ৰাজ্যৰ জনগণৰ কাৰণে যুঁজ কৰিছো। SIRত যাতে কোনো বৈধ ভোটাৰৰ নাম বাদ নপৰে, কেৱল ভাষাৰ উচ্চাৰণক লৈ কোনেও যাতে কাকো টাৰ্গেট কৰিব নোৱাৰে। তেওঁলোকে ইচ্ছাকৃতভাৱে এইবোৰ কৰি আছে। বিয়া হৈ যোৱা যুৱতীৰ নাম কাটিছে, দৰিদ্ৰ লোকে কামৰ কাৰণে অন্য ঠাইলৈ যাব লগা হৈছে কিন্তু তেওঁলোকে কৈছে লজিকেল ডিছক্ৰিপেন্সি বুলি। দেশত একেলগে কেইবাখনো ৰাজ্যত নিৰ্বাচন হ'বলৈ গৈ আছে। নিৰ্বাচনৰ আগত তেওঁলোকে খৰখেদা কৰিছে।SIR হৈছে বৈধ ভোটাৰৰ নাম কৰ্তন কৰাৰ এক প্ৰক্ৰিয়া। ৪ মাহৰ পৰা তাকেই কৰি আছে বিজেপিয়ে। অপৰিকল্পিতভাৱে বিজেপি শাসিত ৰাজ্যৰ পৰা মানুহ অনা হৈছে। পশ্চিমবংগৰ মানুহৰ ওপৰত একপ্ৰকাৰ বুলড'জাৰ চলোৱা হৈছে। সকলো ক্ষমতা তেওঁলোকে কাঢ়ি লৈছে। বিজেপি শাসিত ৰাজ্যৰ পৰা প্ৰায় ৮,৩০০ মাইক্ৰো অৱজাৰ্ভাৰ লৈ আহিছে। মাইক্ৰো অৱজাৰ্ভাৰে অফিচত বহি এফালৰ নাম কাটি গৈছে। ফৰ্ম ৬ জমা ল'বলৈও অমান্তি হৈছে, বহু মানুহক মৃত ঘোষণা কৰিছে'। 

Also Read....মহন্তৰ হ'ব নেকি অন্ত? কলিয়াবৰ কাৰ? এইবাৰ অগপৰ দুৰ্গ কঁপাব নেকি কংগ্ৰেছে?

SIR প্ৰক্ৰিয়া আৰু বিজেপিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ যুক্তিত SIRক লৈ নিৰ্বাচন আয়োগলৈ জাননি জাৰি কৰে উচ্চতম ন্যায়ালয়ে। সোমবাৰৰ ভিতৰত দেশৰ নিৰ্বাচন আয়োগক উত্তৰ দিবলৈ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ।

Advertisment
Advertisment