Assamese'প্ৰতিটো জনমলৈ, প্ৰতিটো জন্মান্তৰলৈ...' জুবিনবিহীন প্ৰথমটো বিবাহ বাৰ্ষিকীত আৱেগিক গৰিমাআজি জুবিন গাৰ্গ আৰু গৰিমাৰ ২৪ সংখ্যক বিবাহ বাৰ্ষিকী। জুবিন বিহীন প্ৰথমটো বিবাহ বাৰ্ষিকীত পত্নী গৰিমা শইকীয়া গাৰ্গৰ সামাজিক মাধ্যমত আৱেগিক পোষ্ট।Estafur Rahman Feb 04, 2026 16:41 IST'প্ৰতিটো জনমলৈ, প্ৰতিটো জন্মান্তৰলৈ... তোমাৰ মৰমেৰে, আশীৰ্বাদেৰে মোক সদায় আবৰি ৰাখিবা, মোৰ ঈশ্বৰপুত্ৰ'Advertismentজুবিন বিহীন প্ৰথমটো বিবাহ বাৰ্ষিকীত পত্নী গৰিমা শইকীয়া গাৰ্গৰ আৱেগিক পোষ্ট।আজি জুবিন গাৰ্গ আৰু গৰিমাৰ ২৪ সংখ্যক বিবাহ বাৰ্ষিকী। ২৪ বছৰ পূৰ্বে ২০০২ চনৰ আজিৰ দিনটোতেই বিবাহপাশত আৱদ্ধ হৈছিল জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গ। সুখে-দুখে দুয়োয়ে একেলগে পাৰ কৰিছিল জীৱনৰ ২৪টা বছৰ। কিন্তু হঠাৎ জীৱনৰ আদবাটতে পত্নীক এৰি কোনোদিনে ঘূৰি নহাৰ বাটেৰে গুচি গ’ল প্ৰাণৰ শিল্পীগৰাকী। প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাই কেৱল জুবিনৰ পৰিয়ালেই নহয়, সমগ্ৰ অসমবাসীয়ে এই অনাকাংক্ষিত বেদনা মানি ল'ব পৰা নাই। কিন্তু এয়াই যে নিয়তিৰ খেল। কোন কেতিয়া, ক'ত কেনেকৈ সকলোকে কন্দুৱাই এৰি গুচি যাব লগা হয় কোনেও নাজানে। সমগ্ৰ অসমবাসীৰ লগতে দেশবাসীয়ে চিৰদিনলৈ মনত ৰাখিব ছিংগাপুৰত সংঘটিত হোৱা সেই অভিশপ্ত দিনটো। এতিয়াও জুবিন গাৰ্গৰ ন্যায় বিচাৰি অসমবাসীয়ে অধিক আশাৰে বাট চাই ৰৈ আছে। প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায় সন্দৰ্ভত ক্ৰিয়া-প্ৰতিক্ৰিয়া চলি থকাৰ মাজতেই নিশা ১২ বজাত পত্নী গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত কৰিলে এক আৱেগিক পোষ্ট।also read....মৰিগাঁৱত BJP টিকটক লৈ বঙহৰ যুঁজ অব্যাহত !'আজি জুবিন আৰু গৰিমাৰ বিবাহ বাৰ্ষিকী। এই আনন্দৰ দিনটোত পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগত নাই জুবিন। জুবিনক সুঁৱৰি পত্নী গৰিমাই সামাজিক মাধ্যমত পোষ্ট কৰি লিখিলে, 'Happy 24th Anniversary Goldie! প্ৰতিটো জনমলৈ, প্ৰতিটো জন্মান্তৰলৈ... তোমাৰ মৰমেৰে, আশীৰ্বাদেৰে সদায় আৱৰি ৰাখিবা মোক... মোৰ ঈশ্বৰপুত্ৰ'।also read....কোনে কৈছে অসম এতিয়া উন্নয়নৰ শীৰ্ষত?স্বামী বিহীন প্ৰথমটো বিবাহ বাৰ্ষিকীত জুবিনক সুঁৱৰি গৰিমা শইকীয়া গাৰ্গে পুৰণি ভিডিঅ' এটাও শ্বেয়াৰ কৰিলে। পত্নী গৰিমাই পোষ্ট কৰাৰ লগে লগেই কমেন্টত অজস্ৰ গুণমুগ্ধই শুভেচ্ছা দিয়াৰ লগতে জুবিনৰ ন্যায় বিচাৰিও কৰিলে কমেন্ট।AdvertismentAdvertisment Read the Next Article