Assameseমহন্তৰ হ'ব নেকি অন্ত? কলিয়াবৰ কাৰ? এইবাৰ অগপৰ দুৰ্গ কঁপাব নেকি কংগ্ৰেছে?১৯৯৬ চনৰে পৰা অগপৰ দখলত থকা কলিয়াবৰ বিধানসভা সমষ্টিত এইবাৰ কি হ'ব ফলাফল? কলিয়াবৰ দখল কৰিবলৈ শাসক-বিৰোধীৰ তুমুল যুঁজ। '২৬ত কলিয়াবৰৰ নিৰ্বাচনী যুঁজখন হ'ব আকৰ্ষণীয়। Estafur Rahman Feb 04, 2026 16:27 IST১৯৯৬ চনৰে পৰা অগপৰ দখলত থকা পূৰ্বৰ ৮৯নং আৰু বৰ্তমান ৫৭নং কলিয়াবৰ বিধানসভা সমষ্টিত এইবাৰৰ নিৰ্বাচনী যুঁজখন হ'ব আকৰ্ষণীয়...Advertismentalso read....কোনে কৈছে অসম এতিয়া উন্নয়নৰ শীৰ্ষত?কলিয়াবৰ সমষ্টিত এইবাৰ মুঠ ভোটাৰৰ সংখ্যা ১,৯৪,৩৩৪গৰাকী। সমষ্টিটোত হিন্দু বাঙালী ভোটাৰৰ সংখ্যা - ৪৯,০৪৪গৰাকী আৰু দ্বিতীয় স্থানত থকা চাহ বাগিচা ভোটাৰৰ সংখ্যা ৪৬,৫৬৭গৰাকী। অন্যহাতে মুছলমান ভোটাৰৰ সংখ্যা- ৪১,১৩২গৰাকী আৰু অন্য ভোটাৰৰ সংখ্যা ৩৬,৭৫৩গৰাকী। সমষ্টিটোত অগপ দলৰ বিধায়ক কেশৱ মহন্তই ২০০৬ চনৰ পৰা একেৰাহে চাৰিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ লগতে কেবিনেট মন্ত্ৰীৰ দায়িত্বৰে দুটাকৈ কাৰ্যকাল ইতিমধ্যে প্ৰায় সম্পূৰ্ণ কৰিছে। এইবাৰ কলিয়াবৰ বিধানসভা সমষ্টিটো বিজেপিৰ তৃণমূল কৰ্মীয়ে তেওঁলোকৰ নিজাববীয়া প্ৰাৰ্থী ঠিয় কৰাব বিচাৰি সামাজিক মাধ্যমত ব্যাপক প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। কলিয়াবৰ বিধানসভা সমষ্টিত অগপ -বিজেপি মিত্ৰজোঁটৰ উমৈহতীয়া প্ৰাৰ্থীৰ বিপৰীতে বিজেপিয়ে এইবাৰ নিজৰ দলীয় প্ৰতীকত নিৰ্বাচন খেলাৰ কুচকাৱাজ চলোৱাত বিজেপিৰ শীৰ্ষ মহলত বিষয়টোৱে চৰ্চা লাভ কৰিছে। ইয়াকে লৈ কলিয়াবৰ বিজেপিত আভ্যন্তৰীণ সংঘাতো আৰম্ভ হোৱা পৰিলক্ষিত হৈছে।also read: পুনৰ গ্ৰেপ্তাৰ নূপুৰ বৰাএকালৰ ছাত্ৰ নেতাৰ পৰা সাংসদ আৰু পৰৱৰ্তী সময়ত বিধায়ক তথা কেবিনেট মন্ত্ৰী হিচাপে কলিয়াবৰৰ জন-জীৱনৰ সৈতে একাত্ম হৈ পৰা বৰ্তমানৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ জনপ্ৰিয়তাই নিসন্দেহে পুনৰবাৰ তেওঁকেই ভোটাৰে প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰিব। কলিয়াবৰ বিধানসভা সমষ্টিটো পুনৰ নিৰ্ধাৰণ হোৱাত এইবাৰ বৃদ্ধি পালে বঙালী ভোটাৰৰ সংখ্যা। প্ৰাৰ্থী বিজয়ী হোৱাত বঙালী আৰু চাহ বাগিচাৰ ভোটাৰে এইবাৰ নিৰ্ণায়ক ভূমিকা পালন কৰিব কলিয়াবৰ বিধানসভা সমষ্টিত। বিৰোধী দল কংগ্ৰেছৰ সাংগঠনিক স্থিতি কলিয়াবৰ বিধানসভা সমষ্টিত আজিৰ তাৰিখত অতিকৈ দূৰ্বল যদিও কংগ্ৰেছৰ প্ৰায় ৩০ হাজাৰৰো অধিক ভোটাৰ আছে কলিয়াবৰত। ২০০১ চনৰে পৰা কলিয়াবৰ বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্বৰে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি পৰাজয় বৰণ কৰা প্ৰতিগৰাকী কংগ্ৰেছী নেতা এতিয়া বিজেপি আৰু এজিপি দলৰ হৈ কাম কৰি আছে। ২০০১ আৰু ২০০৬ চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি অগপ দলৰ প্ৰাৰ্থী গুনীন হাজৰিকা আৰু কেশৱ মহন্তৰ হাতত পৰাজয় বৰণ কৰা সীমাঞ্চল দীগালো এতিয়া বিজেপি দলত। also reaD: মিত্ৰতা নে সংঘাত? সমষ্টিক লৈ অগপ-বিজেপিৰ মাজত শীতল যুদ্ধ!২০১১ত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি অগপ দলৰ প্ৰাৰ্থী কেশৱ মহন্তৰ হাতত পৰাজয় বৰণ কৰা তপন কুমাৰ বৰা এতিয়া অগপ দলত। ২০১৬ চনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি অগপ দলৰ প্ৰাৰ্থী কেশৱ মহন্তৰ হাতত পৰাজয় বৰণ কৰা বিন্দু গঞ্জুৱো এতিয়া অগপ দলত। একেদৰে ২০২১ত কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি অগপ দলৰ প্ৰাৰ্থী কেশৱ মহন্তৰ হাতত পৰাজয় বৰণ কৰা প্ৰশান্ত কুমাৰ শইকীয়াই কংগ্ৰেছ ত্যাগ কৰি বিজেপি দলত যোগদান কৰাত নেতাহীন হৈ পৰিছিল কলিয়াবৰৰ কংগ্ৰেছ কৰ্মী। শেহতীয়াকৈ ২০২৬ৰ বিধানসভা নিৰ্বাচনত কলিয়াবৰৰ পৰা দলীয় প্ৰাৰ্থিত্ব বিচাৰি কংগ্ৰেছৰ চাৰিগৰাকী প্ৰাৰ্থীয়ে আবেদন দাখিল কৰিছে। নগাঁও জিলা কংগ্ৰেছ কমিটিৰ উপ- সভাপতি প্ৰদীপ বৰুৱা, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক মেঘনাথ ছেত্ৰী, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক মানৱ জ্যোতি মহন্ত আৰু পশ্চিম কলিয়াবৰ ব্লক কংগ্ৰেছ কমিটীৰ সম্পাদক মানিক বৰাই দলীয় প্ৰাৰ্থিত্ব বিচাৰি ৰাজীৱ ভৱনত আবেদন জনাইছে। অগপৰ দখলত থকা কলিয়াবৰ সমষ্টিটো কংগ্ৰেছ দলে উদ্ধাৰ কৰাত যে সফল হোৱাত সহজ নহয় সেয়া একপ্ৰকাৰ নিশ্চিত। কিয়নো প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সমষ্টিটোত গণভিত্তি কম। আনহাতে কংগ্ৰেছৰ চিপৰাং মৰা ৰাজনীতি যদি পূৰ্বৰ দৰে গা কৰি উঠে তেন্তে মিত্ৰজোঁটৰ প্ৰাৰ্থী মন্ত্ৰী কেশৱ মহন্ত পুনৰ বিজয়ী হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিব। AdvertismentAdvertisment Read the Next Article