Assameseচুৰি হ'ল জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি...!মহাত্মা গান্ধীৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি চুৰি। জাতিৰ পিতা গান্ধীৰ প্ৰতিমূৰ্তি চুৰি হোৱাৰ ঘটনাই আচম্বিত কৰি তুলিছে সকলোকে। অষ্ট্ৰেলিয়াৰ মেলব'র্ন চহৰৰ আউষ্ট্ৰলিয়ান ইণ্ডিয়ান কমিউনিটী চেণ্টাৰৰ পৰা চুৰি হয় মহাত্মা গান্ধীৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটো। Estafur Rahman Feb 04, 2026 17:02 ISTকোনে চোৰ কৰিলে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি?এক আচৰিত ঘটনা। এটা চুৰি কাণ্ড। যি চুৰি কাণ্ডই চকু কপালত তুলিছে সকলোৰে। চুৰি হৈছে জাতিৰ পিতা মহত্মা গান্ধীৰ প্ৰতিমূৰ্তি। অষ্ট্ৰেলিয়াৰ মেলব'র্ন চহৰৰ আউষ্ট্ৰলিয়ান ইণ্ডিয়ান কমিউনিটী চেণ্টাৰৰ পৰা চুৰি হয় মহাত্মা গান্ধীৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটো। এই ঘটনাক লৈ ইতিমধ্যে ভাৰতে অসন্তুষ্টি প্ৰকাশ কৰিছে। খবৰ অনুসৰি তিনিজন অচিনাক্ত লোকে অতি কৌশলেৰে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিটো ভৰিৰ পৰা কাটি চুৰি কৰি লৈ যায়। কেৱল থৈ যায় ভৰিৰ আধা অংশ। এই চুৰিকাণ্ডক লৈ অষ্ট্ৰেলিয়াত থকা প্ৰৱাসী ভাৰতীয়ই দুখ প্ৰকাশ কৰিছে। Advertismentমহত্মা গান্ধীৰ এই প্ৰতিমূৰ্তিটো নতুন দিল্লীৰ ICCR (Indian Council For Cultural Relations)ৰ পৰা উপহাৰ হিচাপে প্ৰদান কৰা হৈছিল। সেইসময়ৰ অষ্ট্ৰেলিয়ান প্ৰধানমন্ত্ৰী স্কট ম'ৰিছনে ১২ নৱেম্বৰ, ২০২১ তাৰিখে প্ৰতিমূৰ্তিটো উন্মোচন কৰে। অষ্ট্ৰেলিয়াস্থিত প্ৰৱাসী ভাৰতীয়ৰ বাবে এই প্ৰতিমূৰ্তি আছিল এক গৌৰৱৰ প্ৰতীক।ইতিমধ্যে এই ঘটনাক লৈ ভিক্টোৰিয়া আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। খবৰ অনুসৰি ১২ জানুৱাৰীৰ পুৱা কোনো দুৰ্বৃত্তই চুৰি কৰি লৈ যায় মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিটো। অষ্ট্ৰেলিয়া টুডেত দিয়া এক বিবৃতি অনুসৰি, অষ্ট্ৰেলিয়াত থকা স্ক্ৰেপ ধাতুৰ সৈতে জড়িত ব্যৱসায়ীসকলক এই চুৰি কাণ্ডক লৈ সতৰ্ক কৰি দিয়া হৈছে। যাতে চোৰে প্ৰতিমূৰ্তিটো বিক্ৰী কৰিবলৈ লৈ যোৱাৰ সময়ত ততাতৈয়াকৈ আৰক্ষীক খবৰ দিব পাৰে। উল্লেখ্য যে ২০২১ চনৰ নৱেম্বৰত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিটো উন্মোচন কৰাৰ ২৪ ঘন্টা পিছতেই কোনোবা অজ্ঞাত ব্যক্তিয়ে প্ৰতিমূৰ্তিটো ক্ষতি-সাধন কৰিছিল। ইয়াৰ পাছতেই ভাৰত আৰু অষ্ট্ৰেলিয়া দুয়োখন দেশতে উক্ত ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। অজ্ঞাত ব্যক্তিয়ে প্ৰতিমূৰ্তিটো ক্ষতি-সাধন কৰাৰ পাছতেই অষ্ট্ৰেলিয়া আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰিছিল যদিও কোনো এজন লোকক আটক কৰিবলৈ সক্ষম হোৱা নাছিল। পুনৰ এবাৰ সেই অনুৰূপ ঘটনা সংঘটিত হোৱাত আচৰিত হৈছে সকলো।AdvertismentAdvertisment Read the Next Article