Advertisment

গোৱালপাৰাত তৃণমুল কংগ্ৰেছৰ বেনাৰ ফালিলে কোনে ?

গোৱালপাৰাত তৃণমুল কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ প্ৰচাৰ বেনাৰ ফালি দিয়াক লৈ তীব্ৰ চাঞ্চল্য। গোৱালপাৰা চহৰৰ মিলন নগৰ, দুৰ্গামন্দিৰ, বাপুজীনগৰ আৰু ভালুকডুবি আদি অঞ্চলত খাইৰুল বাসাৰে ওলমাইছিল নিজৰ বেনাৰ।

 গোৱালপাৰাত তৃণমুল কংগ্ৰেছৰ বেনাৰ ফালিলে কোনে ?

গোৱালপাৰাত তৃণমুল কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ প্ৰচাৰ বেনাৰ ফালি দিয়াক লৈ তীব্ৰ চাঞ্চল্য।

Advertisment

Also Read....মিঞাৰ সমৰ্থনত ওৱেইছি... উভতি ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক

বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত একাংশ টিকক প্ৰত্যাশী প্ৰাৰ্থীয়ে নিজৰ নিজৰ নামৰ লগত দলৰ প্ৰতীক ব্যৱহাৰ কৰি বেনাৰ লগোৱা দেখা পোৱা যায়। কোনে টিকট পাব সেয়া যদিও নিশ্চিয়তা নাই তাৰ পাছতো দলৰ নেতা সকলে টিকট প্ৰত্যাশী হিচাপে বেনাৰ, ফলক লগাই ৰাইজৰ চকুত পৰাকৈ ওলমাই থৈ দিয়ে। ঠিক একেই কাম কৰিছিল গোৱালপাৰা জিলা তৃণমুল কংগ্ৰেছৰ গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ টিকট প্ৰত্যাশী প্ৰাৰ্থী খাইৰুল বাসাৰে। গোৱালপাৰা চহৰৰ মিলন নগৰ, দুৰ্গামন্দিৰ, বাপুজীনগৰ আৰু ভালুকডুবি আদি অঞ্চলত খাইৰুল বাসাৰে ওলমাইছিল নিজৰ বেনাৰ। কিন্তু খাইৰুল বাসাৰে প্ৰচাৰ চলোৱা সকলো বেনাৰ নষ্ট কৰি ভাঙি চূৰমাৰ কৰে দুষ্ট চক্ৰই। ইতিমধ্যে তৃণমুল কংগ্ৰেছৰ নেতাগৰাকীয়ে ঘটনা সন্দৰ্ভত গোৱালপাৰা সদৰ থানাত দাখিল কৰে এজাহাৰ।

Also Read....উচ্চতম ন্য়ায়ালয়ত মমতা বেনাৰ্জীৰ সৱল যুক্তি। SIRক লৈ বিজেপি আৰু নিৰ্বাচন আয়োগক তুলাধূনা

বেনাৰ ফালি দিয়া ঘটনাক লৈ গোৱালপাৰা তৃণমুল কংগ্ৰেছৰ জিলা সভাপতি আখতাৰ আহমেদে সাংবাদিকৰ আগত কয়, কেৱল আমাৰ দলৰ বেনাৰে নহয়,কংগ্ৰেছ দলৰ বাহিৰে সকলো দলৰে বেনাৰ ফালিছে দুষ্ট চক্ৰই। বিজেপি, ৰাইজৰ দল আৰু তৃণমুল কংগ্ৰেছৰহে ফালি দিয়া হৈছে বেনাৰ। এই কাৰ্য কৰা সকলে পাগল হ'ব নোৱাৰে কাৰণ তেওঁলোকে বাচি বাচিহে বেনাৰ ফালিছে। কোন দলে সেই কাম কৰিছে নাম নকলেও কথাৰ ইংগিতে বুজাই দিছে। ইয়াৰ পাছতেই তেওঁ আৰু কয়, এয়া কেৱল এক ৰাজনৈতিক দলৰ জানি বুজি কৰা অভিসন্ধি। ইচ্ছা কৰিলে এই কাৰ্যৰ প্ৰতিশোধ আমিও ল'ব পাৰো। কিন্তু আমি নকৰো আমাৰ অনুৰোধ যাতে ভৱিষ্যতে এনে কাৰ্য পুনৰবাৰ নকৰে তাৰবাবে সকীয়নি প্ৰদান কৰিছো। কেৱল সকীয়নিয়ে নহয় যদি সাহস আছে দিনৰ পোহৰত কৰি দেখুৱাওক বুলিও মন্তব্য কৰে।

Also Read...চুৰি হ'ল জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি...!

Advertisment
Advertisment