Assamese১৪ কোটি টকাৰ ড্ৰাগছ জব্দৰাজ্যত অব্যাহত ড্ৰাগছৰ ৰমৰমীয়া বেহা! অসম-মণিপুৰ সীমান্তৰ বৰাক নৈৰ পৰা জব্দ ১৪ কোটি টকাৰ ড্ৰাগছ। গ্ৰেপ্তাৰ মণিপুৰৰ এটা সৰবৰাহকাৰী। জব্দ ১৫৪টা চাবোনৰ বাকচত ১.৮৮ কেজি হেৰ’ইনসহ ১০ হাজাৰ য়াবা টেবলেট। Jyotiprasad Sarma Feb 06, 2026 17:59 IST১৪ কোটি টকাৰ ড্ৰাগছ জব্দ Photograph: (DY365)১৪ কোটি টকাৰ ড্ৰাগছ জব্দকোনে কেনেকৈ চলাই আছে বৰবিহৰ অবাধ বেহা?ৰাজ্যত অব্যাহত ড্ৰাগছৰ ৰমৰমীয়া বেহা! অসম-মণিপুৰ সীমান্তৰ বৰাক নৈৰ পৰা জব্দ ১৪ কোটি টকাৰ ড্ৰাগছ। গ্ৰেপ্তাৰ মণিপুৰৰ এটা সৰবৰাহকাৰী।Advertismentৰাজ্যত ড্ৰাগছ, নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত। পুনৰ কাছাৰত বুজন পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মণিপুৰৰ এটা সৰবৰাহকাৰীক। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আছাম ৰাইফলছ আৰু কাছাৰ আৰক্ষীৰ এটা দলে যৌথভাৱে চলোৱা অভিযানত জব্দ কৰিবলৈ সক্ষম হয় বৰবিহখিনি। কাছাৰৰ লক্ষীপুৰৰ তলেনগ্ৰামৰ বৰাক নৈত অভিযান চলাই এখন নাওৰ পৰা জব্দ কৰে ১৫৪টা চাবোনৰ বাকচত ১.৮৮ কেজি হেৰ’ইনসহ ১০ হাজাৰ য়াবা টেবলেট। নৈ পথেৰে বুজন পৰিমাণৰ ড্ৰাগছখিনি সৰবৰাহ কৰাৰ সময়তে আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছখিনি। Also Read: হ্ৰাস পালে সোণৰ দাম, সোণৰ বিপণীলৈ যোৱাৰ পূৰ্বে জানি লওক দাম!ইফালে ঘটনাৰে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে চুবুৰীয়া মণিপুৰৰ জিৰিবাম জিলাৰ জেভিয়েন ভাইপো নামৰ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য ১৪ কোটি টকা হ'ব বুলি জনায় কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত সেনে। লগতে তেওঁ কয়, বুজন পৰিমাণৰ এই ড্ৰাগছখিনি নৈ পথেৰে চুবুৰীয়া মণিপুৰৰ পৰা বহিঃৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা অনা হৈছিল।ইফালে গুৱাহাটী মহানগৰীতো পুনৰ জব্দ লক্ষাধিক টকাৰ ড্ৰাগছ। ভৰলু আঠ নং গেটৰ ওচৰত আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছখিনি। আৰক্ষীয়ে আটক কৰে ববী সিং আৰু মোহিত নামৰ দুই সৰবৰাহকাৰীক। ৬টাকৈ চাবোনৰ বাকচত ভৰাই আনিছিল ড্ৰাগছখিনি। ড্ৰাগছৰ লগতে আৰক্ষীয়ে জব্দ কৰে এখন AS01 FT3259 নম্বৰৰ স্কুটী। মহানগৰীৰ ভৰলু অঞ্চলত ভাৰাতীয়া হিচাপে থাকি এই দুই সৰবৰাহকাৰীয়ে দীৰ্ঘদিনধৰি চলাই আহিছিল ড্ৰাগছৰ বেহা। সম্প্ৰতি ভৰলু আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা চলাই আছে দুই সৰবৰাহকাৰীক। Also Read: মেঘালয়ৰ কয়লাখনিত সংঘটিত হোৱা বিস্ফোৰণত মৃত্যুৰ সংখ্যা ১৮জনলৈ বৃদ্ধিআনহাতে গোৱালপাৰাৰ ধূপধৰাত জব্দ নিষিদ্ধ ড্ৰাগছ। ১১টাকৈ ড্ৰাগছভৰ্তি কণ্টেইনাৰসহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ। ধৃত সৰবৰাহকাৰীটোৰ নাম ৰাজীৱ ৰাভা। ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ড্ৰাগছখিনি বিক্ৰী কৰাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী ৰাজীৱ ৰাভাক। ড্ৰাগছ ক্ৰয় কৰিবলৈ অহা অমৰজিত্ শৰ্মা নামৰ এজনকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ৰাজীৱ ৰাভাৰ পৰা এখন মটৰচাইকেলো জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী। জব্দ কৰা ড্ৰাগছখিনিৰ ওজন প্ৰায় ১৪.৬৩ গ্ৰাম। এতিয়া প্ৰশ্ন উত্থাপন হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত নিতৌ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিছতো একাংশ সৰবৰাহকাৰীয়ে কেনেকৈ চলাই গৈছে অবাধ বেহা? AdvertismentAdvertisment Read the Next Article