Assameseমেঘালয়ৰ কয়লাখনিত সংঘটিত হোৱা বিস্ফোৰণত মৃত্যুৰ সংখ্যা ১৮জনলৈ বৃদ্ধিমেঘালয়ৰ অবৈধ কয়লাখনিত সংঘটিত হোৱা ভয়াৱহ বিস্ফোৰণৰ ঘটনাত মৃত্যুৰ সংখ্যা ১৮ লৈ বৃদ্ধি। ইয়াৰে ৬জন কাছাৰৰ কাটিগড়া সমষ্টিৰ। ঘটনাস্থলীত NDRFৰ উদ্ধাৰ অভিযান অব্যাহত।Estafur Rahman Feb 06, 2026 16:08 ISTমেঘালয়ৰ অবৈধ কয়লাখনিত সংঘটিত হোৱা ভয়াৱহ বিস্ফোৰণৰ ঘটনাত মৃত্যুৰ সংখ্যা ১৮ লৈ বৃদ্ধি। ইয়াৰে ৬জন কাছাৰৰ কাটিগড়া সমষ্টিৰ। ঘটনাস্থলীত NDRFৰ উদ্ধাৰ অভিযান অব্যাহত।AdvertismentAlso Read....শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশনআহত অৱস্থাত উদ্ধাৰ হৈছে ৫০জনৰো অধিক শ্ৰমিক। ইয়াৰে কেইবাজনৰো অৱস্থা সংকটজনক। আহত হোৱা ৫জন শ্ৰমিকক শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে, বাকী সকলক শ্বিলং আৰু ক্লেৰিয়াহাট হাস্পতালত চিকিৎসা চলাই থকা হৈছে। মৃত্যুৰ সংখ্যা আৰু বৃদ্ধিৰ সম্ভাৱনা আছে বুলিও উদ্ধাৰকাৰীৰ দলে জানিব দিছে। মেঘালয়ৰ অবৈধ কয়লাখনিত উদ্ধাৰ হোৱা কাটিগড়াৰ ৬ মৃত শ্ৰমিক হৈছে সৰিসাকুৰিৰ ভায়েক-ককায়েক দিলদাৰ হুছেইন, আনোৱাৰ হুছেইন, বিহাড়াৰ ফাৰুক আহমেদ,গুমড়া ৰাজপুৰৰ পুৰঞ্জয় বৈষ্ণৱ আৰু নিকেঞ্জয় বৈষ্ণৱ,গুমড়াৰ কৃষ্ণ বৈষ্ণৱ ।Also Read...ভয়ংকৰ দুৰ্ঘটনাৰ পৰা প্ৰাণ ৰক্ষা পৰিল গোৱালপাৰাৰ এটা অঞ্চল ঘটনা সংঘটিত হোৱাৰ পাছতেই কাছাৰ জিলা প্ৰশাসনে মুকলি কৰিছে হেল্পলাইন নম্বৰ। হেল্পলাইন নম্বৰ হৈছে ০৩৮৪২-২৩৯২৪৯,৯৪০১৬২৪১৪। ইতিমধ্যে ঘটনাস্থলীত কাছাৰ অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱা আৰু কাটিগড়াৰ চক্ৰ বিষয়া যাত্রাকান্ত কর্মকাৰ আৰু দুর্যোগ মুকাবিলা বিভাগৰ প্রতিনিধি ঘটনাস্থলীত উপস্থিত হয়। আনফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত নিশাই কাটিগড়াৰ নিহত শ্ৰমিকসকলৰ পৰিলায়ৰ বুজ লয় উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই। মৃত শ্ৰমিক সকলৰ বাসগৃহলৈ গৈ পৰিয়ালৰ সদস্য সকলক সাক্ষাৎ কৰে কমলাক্ষই। নিহত শ্ৰমিক সকলৰ পৰিয়ালৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৫ লাখ টকা আৰ্থিক সাহায্য প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীৰ ঘোষণাৰ কথাও জনাই বিধায়ক কমলাক্ষই ।Also Read...গোৱালপাৰাত তৃণমুল কংগ্ৰেছৰ বেনাৰ ফালিলে কোনে ? বৰ্তমান শিলচৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা শ্ৰমিক সকল হৈছে কালাইনৰ ছাইদুৰ ৰহমান, ৰামচন্দ্ৰ বৈষ্ণৱ,নিমান উদ্দিন, বিষ্ণুদান বৈষ্ণৱ আৰু কৃষ্ণদান বৈষ্ণৱ।AdvertismentAdvertisment Read the Next Article