Assameseভয়ংকৰ দুৰ্ঘটনাৰ পৰা প্ৰাণ ৰক্ষা পৰিল গোৱালপাৰাৰ এটা অঞ্চলভয়ংকৰ দুৰ্ঘটনাৰ পৰা প্ৰাণ ৰক্ষা পৰিল গোৱালপাৰাৰ মৰনৈ কোদালধোৱা অঞ্চল। গোৱালপাৰাৰ মৰনৈ কোদালধোৱা উদ্যোগিক বিকাশ কেন্দ্ৰৰ সন্মুখত ইথানল কঢ়িওৱা খালী টেংকাৰ বিস্ফোৰণ।Estafur Rahman Feb 05, 2026 19:00 ISTভয়ংকৰ দুৰ্ঘটনাৰ পৰা প্ৰাণ ৰক্ষা পৰিল গোৱালপাৰাৰ মৰনৈ কোদালধোৱা অঞ্চল। গোৱালপাৰাৰ মৰনৈ কোদালধোৱা উদ্যোগিক বিকাশ কেন্দ্ৰৰ সন্মুখত ইথানল কঢ়িওৱা খালী টেংকাৰ বিস্ফোৰণ।AdvertismentAlso Read....গোৱালপাৰাত তৃণমুল কংগ্ৰেছৰ বেনাৰ ফালিলে কোনে ? NL01AH7994 নম্বৰৰ ইথানল কঢ়িওৱা খালী টেংকাৰখন ওৱেলডিঙৰ কাম কৰি থকা সময়তে বিস্ফোৰণ ঘটে। প্ৰচণ্ড শব্দত অঞ্চলজুৰি এক হুৱাদুৱাৰ সৃষ্টি হয়। এই বিস্ফোৰণৰ ফলত কেইবাখনো দোকান, বাসগৃহ, মছজিদৰ লগতে ৰখাই থোৱা বহু বাহনৰ ক্ষতি সাধন হয়। কথমপি প্ৰাণ ৰক্ষা পৰে কাষতে থকা বহুলোক। কঁপাল ভাল আছিল যে টেংকাৰখন ভৰ্তি নাছিলে। টেংকাৰখন ভৰ্তি থকা হ'লে বহু লোকে হয়তো প্ৰাণ হেৰুৱাব লগা হ'লহেঁতেন। কাৰণ কাষতে আছে এইচ পি গেছৰ কোম্পানী।Also Read....কলিতা জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ সভাপতিৰ ছাত্ৰীৰ সৈতে জঘন্য কাণ্ড!আচৰিত কথা যে, গেছ কোম্পানীৰ একেবাৰে সন্মুখতে ওৱেলডিঙৰ দোকান বহিবলৈ অনুমতি দিলে কোনে? ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতেই স্থানীয় ৰাইজে জাঙুৰ খাই উঠে ওৱেলডিঙৰ দোকান কেইখনৰ বিৰুদ্ধে। ওৱেলডিং দোকান কেইখনে যে এদিন ভয়ংকৰ বিপদ মাতি আনিব তাকলৈও মন্তব্য কৰে। ৰাইজৰ দাবী অতি সোনকালে এই দোকান সমূহ অন্য ঠাইলৈ লৈ যাব লাগে। কাৰণ আজি সংঘটিত হোৱা ঘটনাটোৱে ভৱিষ্যতে ইয়াতকৈও যে ডাঙৰ বিপদ হ'ব পাৰে তাৰে আগজাননী দিছে। কেৱল ওৱেলডিঙৰ দোকান কেইখনকলৈয়ে নহয় ইথানল কোম্পানীকলৈও ক্ষোভ উজাৰে স্থানীয়ে ৰাইজে। ইথানল কোম্পানীটোৰ পৰা নিগৰিত হোৱা দুৰ্গন্ধই সমগ্ৰ অঞ্চলটোৰ পৰিৱেশ প্ৰদুষিত কৰি ৰাখে। এই সন্দৰ্ভত বাৰে বাৰে জিলা প্ৰসাশনক অভিযোগ দিয়াৰ পাছতো কোনো ফল পোৱা নাই বুলি কয় স্থানীয় ৰাইজে। Also Read....শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশনভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছৰে পৰাই এতিয়াও পলাতক অৱস্থাত আছে টেংকাৰৰ চালক আৰু ওৱেলডিঙৰ দোকানী। দুৰ্ঘটনাটোত ক্ষতি হোৱা ক্ষতিগ্ৰস্ত লোকে ক্ষতিপূৰণ বিচাৰিও দাবী জনায়।AdvertismentAdvertisment Read the Next Article