Advertisment

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন

কাইলৈৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন। গুৰুবন্দনাৰে মুখৰ শোণিতপুৰৰ জামুগুৰিহাটৰ জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰ। লাখ লাখ ভকতক আদৰিবলৈ সম্পূৰ্ণ সাজু জামুগুৰিবাসী।

 শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন Photograph: (DY365)
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন Photograph: (DY365)

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন


জ্যোতি–বিষ্ণু সমন্বয় ক্ষেত্ৰত উখল-মাখল পৰিৱেশ

কাইলৈৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন। গুৰুবন্দনাৰে মুখৰ শোণিতপুৰৰ জামুগুৰিহাটৰ জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰ। লাখ লাখ ভকতক আদৰিবলৈ সম্পূৰ্ণ সাজু জামুগুৰিবাসী।

Advertisment

কাইলৈৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন। দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰ্যৱসিত জামুগুৰিহাট ঢলাইবিল জ্যোতি–বিষ্ণু সমন্বয় ক্ষেত্ৰ। আধ্যাত্মিক ৰসত বুৰ গৈছে সহস্ৰাধিক ভকত–বৈষ্ণৱ।

Also Read: গোৱালপাৰাত তৃণমুল কংগ্ৰেছৰ বেনাৰ ফালিলে কোনে ?

তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া অধিৱেশনলৈ ভকতৰ আগমন ঘটিছে। দূৰ-দূৰণিৰ পৰা ইতিমধ্যে অধিৱেশথলীলৈ আহিছে অজস্ৰ ভকত-বৈষ্ণৱ। লাখ লাখ ভকতক আদৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে জামুগুৰিবাসী। ৰন্ধনশাল, ভোজনালয়, পানী যোগান, অনাময়কে ধৰি সকলো ব্যৱস্থা সম্পূৰ্ণ হৈ উঠিছে। ভকত–অতিথিৰ আতিথ্যৰ বাবে আদৰণি সমিতিয়ে সম্পূৰ্ণ কৰি তুলিছে প্ৰস্তুতি।

Also Read: মিঞাৰ সমৰ্থনত ওৱেইছি... উভতি ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক

আজিৰে পৰাই ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ পৰা আহিব প্ৰতিনিধি। আধ্যাত্মিক ভক্তিৰসত গদ গদ প্ৰতিজন ভক্তপ্ৰাণ৷ হৰিনামৰে মুখৰিত অধিৱেশনস্থলী৷ ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে আটকধুনীয়া প্ৰতিনিধি শিবিৰ৷ দিল্লী, পুৰী, নগালেণ্ড, অৰুণাচল, মিজোৰামৰ ভক্তপ্ৰাণ ৰাইজৰ বাবেও নিৰ্মাণ কৰা হৈছে প্ৰতিনিধি শিবিৰ৷

Also Read: কলিতা জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ সভাপতিৰ ছাত্ৰীৰ সৈতে জঘন্য কাণ্ড!

অধিৱেশনস্থলীত দেখিবলৈ পোৱা গৈছে অভূতপূৰ্ব দৃশ্য। নানা ফুলেৰে সজাই তুলিছে অধিৱেশনস্থলীৰ চৌপাশ। আই–মাতৃসকলৰ লগতে বাপসকল ব্যস্ত হৈ পৰিছে অধিৱেশনৰ কাম-কাজত। সমূহীয়াভাৱে প্ৰস্তুত কৰা তিল, পিঠা, লাৰুৰে ভকতক আদৰিবলৈ ব্যস্ত প্ৰতিগৰাকী আইমাতৃ।  মুঠৰ ওপৰত উখল–মাখল পৰিৱেশে বিৰাজ কৰিছে জামুগুৰিহাট জ্যোতি–বিষ্ণু সমন্বয় ক্ষেত্ৰ। 

Advertisment
Advertisment