Advertisment

শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গৃহ সমষ্টিৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ

এইবাৰ খোদ মন্ত্ৰীৰ সমষ্টিতে বিকশিত অসমৰ উন্নয়নৰ ছবি দাঙি ধৰিলে সমষ্টিবাসীয়ে। শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গৃহ সমষ্টিত এতিয়া বিপদসংকুলভাৱে যাতায়াত কৰিব লগা হৈছে সমষ্টিবাসী ৰাইজে।

 শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গৃহ সমষ্টিৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ

এইবাৰ খোদ মন্ত্ৰীৰ সমষ্টিতে বিকশিত অসমৰ উন্নয়নৰ ছবি দাঙি ধৰিলে সমষ্টিবাসীয়ে। শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গৃহ সমষ্টিত এতিয়া বিপদসংকুলভাৱে যাতায়াত কৰিব লগা হৈছে সমষ্টিবাসী ৰাইজে।

Advertisment

Also Read...‘আপোনালোকে মোক কেতিয়াও দবাই ৰাখিব নোৱাৰিব’। বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰীৰ প্ৰচণ্ড খং!

মাজত মাত্ৰ কেইটামান দিন বাকী। তাৰপিছতেই ৰাজ্যত বিধান সভা নিৰ্বাচন। ইতিমধ্যে ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ তুংগত। শাসক ,বিৰোধীয়ে নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত। নানা প্ৰতিশ্ৰ্ৰতিৰে সকলো দলে চলাইছে নিৰ্বাচনী প্ৰচাৰ। বিশেষকৈ শাসকীয় দল চাৰিওফালে উন্নয়ৰ গুণ গাণ কৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে। কংগ্ৰেছ চৰকাৰে কৰিব নোৱাৰা কাম মাত্ৰ ১০ বছৰত বিজেপিয়ে কৰি দেখুৱাইছে আদি ডাঙৰ ডাঙৰ ভাষণৰে ৰাইজক আকৰ্ষিত কৰাৰ চেষ্টা চলাইছে। 

Also Read....ভূপেন বৰা-গৌৰৱ গগৈৰ মাজত কি হৈছিল? মুখ্যমন্ত্ৰীৰ দাবী কিমান সঁছা?

এতিয়া প্ৰশ্ন হয়, উন্নয়ন আচলতে হৈছে ক'ত ?

এইবাৰ খোদ মন্ত্ৰীৰ সমষ্টিতে বিকশিত অসমৰ উন্নয়নৰ ছবি দাঙি ধৰিলে সমষ্টিবাসীয়ে। শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গৃহ সমষ্টিত এতিয়া বিপদসংকুলভাৱে যাতায়াত কৰিব লগা হৈছে সমষ্টিবাসী ৰাইজে। ধেমাজিৰ বৰদলনি উন্নয়ন খণ্ডৰ অন্তৰ্গত ভেবেলী গাঁও পঞ্চায়তৰ কৌপাতনি, ধৰ্মপুৰ গাঁওবাসীয়ে স্বাধীনতাৰ ৭৭ বছৰ পিছতো এডাল সাঁকোৰ ওপৰতেই ভৰষা কৰি যাতায়াত কৰি আহিব লগা হৈছে। বাঁহৰ সাঁকোৰে পাৰ হওঁতে বহু কণ কণ শিশু, ছাত্ৰ-ছাত্ৰী সকলৰ লগত সৰু-বৰ দু্ৰ্ঘটনা সংঘটিত হৈ কেবাজনো লোক আঘাতপ্ৰাপ্ত হোৱাৰ খবৰো প্ৰচাৰ কৰা হৈছে। কিন্তু তাৰ পিছতো  শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে নিজৰ সমষ্টিত গুৰুত্ব নিদিয়াৰ অভিযোগ সমষ্টিবাসী ৰাইজৰ।

Also Read...১৪ কোটি টকাৰ ড্ৰাগছ জব্দ

 
উল্লেখ্য যে গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই শ্ৰমদান কাৰ্যসূচীৰে ২০২০চনত এখন বাঁহৰ দলং নিৰ্মাণ কৰি দিছিল। তাৰ পিছতেই জনপ্ৰতিনিধি সকলে দলং নিৰ্মাণৰ আশ্বাস প্ৰদান কৰিছিল যদিও আজিকোপতি সাঁকোৰ ওপৰতে নিৰ্ভৰ কৰি আহিছে গাঁওবাসী। কৌপাতনি-ধৰ্মপুৰ সংযোগী একমাত্ৰ পথটোত থকা ভেকুবিলৰ ওপৰত পকী দলং নিৰ্মাণৰ বাবে গাঁওবাসীয়ে বছৰ বছৰ ধৰি চৰকাৰক আবেদন নিবেদন জনাই অহাৰ পিছতো কিন্তু সমস্যাৰ প্ৰতি কোনো গুৰুত্ব নাই স্থানীয় বিধায়ক ডাঃ ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱাৰ। খৰালীত পানী শুকুৱাই যোৱাত নদীয়েদি যাতায়াত কৰিব পাৰি যদিও বাৰিষা কালত দলঙৰ অভাৱত বিদ্যালয়লৈ অহা-যোৱাৰ ক্ষেত্ৰত ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰী, চিকিৎসায়লৈ যোৱা ক্ষেত্ৰত ভীষণ সমস্যাৰ সৃষ্টি হৈ আহিছে। ৰাইজৰ দাবী নিৰ্বাচনৰ পূৰ্বেই আমাক অতি সোনকালে এই দলংখন নিৰ্মাণ কৰি দিব লাগে।

Also Read...হ্ৰাস পালে সোণৰ দাম, সোণৰ বিপণীলৈ যোৱাৰ পূৰ্বে জানি লওক দাম!

Advertisment
Advertisment