Assameseতিনিচুকীয়াৰ ফিল’বাৰীত শিক্ষকৰ নিৰ্মম প্ৰহাৰত ছাত্ৰৰ মৃত্যুৰ অভিযোগতিনিচুকীয়াৰ ফিল’বাৰীত চাঞ্চল্যকৰ ঘটনা! শিক্ষক সঞ্জীৱ শৰ্মাৰ নিৰ্মম প্ৰহাৰত ছাত্ৰৰ মৃত্যুৰ অভিযোগ। ঘটনাৰ মূল অভিযুক্ত শিক্ষক সঞ্জীৱ শৰ্মাক কঠোৰ শাস্তি বিহাৰ লগতে বিদ্যালয়খনৰ সকলো শিক্ষককেই তদন্তৰ আওতালৈ আনিবলৈ দাবী স্থানীয় ৰাইজৰ।Estafur Rahman Feb 07, 2026 18:38 ISTতিনিচুকীয়াৰ ফিল’বাৰীত চাঞ্চল্যকৰ ঘটনা! শিক্ষক সঞ্জীৱ শৰ্মাৰ নিৰ্মম প্ৰহাৰত ছাত্ৰৰ মৃত্যুৰ অভিযোগ।Advertisment ঘটনাৰ মূল অভিযুক্ত শিক্ষক সঞ্জীৱ শৰ্মাক কঠোৰ শাস্তি বিহাৰ লগতে বিদ্যালয়খনৰ সকলো শিক্ষককেই তদন্তৰ আওতালৈ আনিবলৈ দাবী স্থানীয় ৰাইজৰ। ঘটনাৰ পাছতেই স্বতঃস্ফূৰ্তভাৱে সমগ্ৰ ফিল’বাৰী অঞ্চল বন্ধ হৈ পৰিছে।Also Read....শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গৃহ সমষ্টিৰ উন্নয়নৰ ফোঁপোলা স্বৰূপতিনিচুকীয়া জিলাৰ ফিল’বাৰী আৰক্ষী থানাৰ অন্তৰ্গত শংকৰদেৱ শিশু নিকেতন, ফিল’বাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। সঞ্জীৱ শৰ্মা নামৰ নিকেতনৰ এগৰাকী শিক্ষকে এজন সপ্তম শ্ৰেণী ছাত্ৰক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। বিদ্যালয় ছুটীৰ সময়ত শিক্ষকজনে গুৰুলাগুৰুলকৈ মুখত আৰু মূৰত প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।Also Read....ৰাজ্যৰ যুৱক-যুৱতীসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা !ঘটনাটো সংঘটিত হৈছিল বৃহস্পতিবাৰৰ দিনটোত। ঘটনাটো সংঘটিত হোৱাৰ পাছতেই নিকেতন কৰ্তৃপক্ষই ছাত্ৰজনক অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাইছিল যদিও শুকুৰবাৰে নিশা চিকিৎসাধীন অৱস্থাত ছাত্ৰজনৰ মৃত্যু হয়। সমগ্ৰ ঘটনাক নিকেতন কৰ্তৃপক্ষই গাপ দিয়াৰ চেষ্টা চলোৱাৰো অভিযোগ উত্থাপিত হৈছে। ছাত্ৰজনৰ পিতৃৰ ঘৰ শিৱসাগৰ জিলাৰ আমগুৰি কপাহতলিত। প্ৰথম শ্ৰেণীৰ পৰাই ছাত্ৰজনে শংকৰদেৱ শিশু নিকেতন, ফিল’বাৰীত অধ্যয়ন কৰি আছিল। ছাত্ৰাবাসত থাকি অধ্যয়ন কৰিছিল ছাত্ৰজনে।Also Read....মেঘালয়ৰ কয়লাখনিত মৃতকৰ সংখ্যা ৩৫জনলৈ বৃদ্ধি ঘটনাৰ পাছতেই ফিল’বাৰী তিনিআলিৰ লগতে শংকৰদেৱ শিশু নিকেতনৰ সন্মুখত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ডুমডুমা-ফিল’বাৰী পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে।ঘটনাৰ মূল অভিযুক্ত শিক্ষক সঞ্জীৱ শৰ্মাক কঠোৰ শাস্তি বিহাৰ লগতে বিদ্যালয়খনৰ সকলো শিক্ষককেই তদন্তৰ আওতালৈ আনিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। ঘটনাৰ পাছতেই স্বতঃস্ফূৰ্তভাৱে সমগ্ৰ ফিল’বাৰী অঞ্চল বন্ধ হৈ পৰিছে।শুকুৰবাৰে সন্ধিয়া শংকৰদেৱ শিশু নিকেতনখনৰ অভিযুক্ত শিক্ষক সঞ্জীৱ শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে। ছাত্রজনৰ পৰিয়ালৰ লোকে ফিল’বাৰী থানাত গোচৰ ৰুজু কৰাৰ পাছতে শিক্ষকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।AdvertismentAdvertisment Read the Next Article