Advertisment

ৰাজ্যৰ যুৱক-যুৱতীসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা !

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ চেক বিতৰণ কাৰ্যসূচীৰ পৰাই ৰাজ্যৰ যুৱক-যুৱতীসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। মাৰ্চত খুলি দিয়া হ’ব CMAAA ৩.Oৰ আবেদন প’ৰ্টেল।

 ৰাজ্যৰ যুৱক-যুৱতীসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা !

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ চেক বিতৰণ কাৰ্যসূচীৰ পৰাই ৰাজ্যৰ যুৱক-যুৱতীসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা।

Advertisment

Also Read....‘আপোনালোকে মোক কেতিয়াও দবাই ৰাখিব নোৱাৰিব’। বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰীৰ প্ৰচণ্ড খং!

খানাপাৰাৰ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অনুষ্ঠিত হোৱা অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে কেইবাটাও ডাঙৰ ঘোষণা।


২০২০ত মাত্ৰ ৯ হাজাৰ ল’ৰাই MSME প’ৰ্টেলত নিজৰ নাম পঞ্জীয়ন কৰিছিল। কিন্তু ইয়াৰ বিপৰিতে ২০২৪ত এই সংখ্যা হ'লগৈ ২ লাখলৈ বৃদ্ধি। উদ্যম প’ৰ্টেলত ১২ লাখ যুৱক-যুৱতীয়ে নাম ভৰ্তি কৰিছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। যুৱ শক্তিক সবল কৰি আত্মনিৰ্ভৰ কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ অভিলাসী পদক্ষেপ ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান–২.O’। আজি এই অভিযানৰ অধীনত প্ৰথম কিস্তিৰ ধন বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Also Read....ভূপেন বৰা-গৌৰৱ গগৈৰ মাজত কি হৈছিল? মুখ্যমন্ত্ৰীৰ দাবী কিমান সঁছা?

মাৰ্চত খুলি দিয়া হ’ব CMAAA ৩.Oৰ আবেদন প’ৰ্টেল। এই কথা ঘোষণা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, এইবাৰ ৫ লাখ আবেদন লাগে মোক CMAAA ৩.০ ত। যোৱাবাৰ ২ লাখ টকা পোৱা ২৫ হাজাৰৰ ৯০ শতাংশই ভাল কাম কৰিলে যদিও ১০ শতাংশই টকাটো খাই দিলে। লগতে আৰু কয়, অহাবাৰ আমাৰ চৰকাৰ আহিলে ৫ বছৰত ১০ লাখ ল’ৰা-ছোৱালীক CMAAAৰ ধন দিয়া হ’ব বুলি ডাঙৰ ঘোষণা কৰে।

Also Read...হ্ৰাস পালে সোণৰ দাম, সোণৰ বিপণীলৈ যোৱাৰ পূৰ্বে জানি লওক দাম!

মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘‘দুই-এজনে ধন ঘূৰাই নিদিলে চৰকাৰে বেংকক ওভতাই দিব ধন। দুই-এজন উদ্যোগীয়ে ধন ঘুৰাই নিদিলেও বেংকসমূহে ঋণ দিয়া বন্ধ নকৰিব।’’ বেংক সমূহলৈ এই আহ্বান অসমৰ চৰকাৰৰ। দুই-এজনৰ কাৰণে সকলোকে বঞ্চিত নকৰিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে।

Advertisment
Advertisment