Advertisment

দুদিনীয়া কাৰ্যসূচীৰে অসমত নিৰ্বাচন আয়োগৰ দল

ৰাজ্যত এতিয়া নিৰ্বাচনী বতাহ বলিছে। শাসক-বিৰোধীয়ে বান্ধিছে টঙালি। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাজনৈতিক দল সমূহে চলাইছে নিৰ্বাচনী প্ৰচাৰ। অসম বিধানসভা নিৰ্বাচন ৰঙালী বিহুৰ পূৰ্বেই অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

 দুদিনীয়া কাৰ্যসূচীৰে অসমত নিৰ্বাচন আয়োগৰ দল

ৰাজ্যত এতিয়া নিৰ্বাচনী বতাহ বলিছে। শাসক-বিৰোধীয়ে বান্ধিছে টঙালি। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাজনৈতিক দল সমূহে চলাইছে নিৰ্বাচনী প্ৰচাৰ। অসম বিধানসভা নিৰ্বাচন ৰঙালী বিহুৰ পূৰ্বেই অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

Advertisment

Also Read....ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক থকা-সৰকা বিধায়ক অখিল গগৈৰ।

অসম বিধানসভা নিৰ্বাচনক লৈ নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ বাবে শনিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে নিৰ্বাচন আয়োগৰ এটা দল। শনিবাৰে গুৱাহাটীত উপস্থিত হোৱা নিৰ্বাচন আয়োগৰ দলটোত আছে মনিষ গাৰ্গ, পৱন কুমাৰ শৰ্মা, সঞ্জয় কুমাৰ, ভানু কুমাৰ য়াতুব। প্রতিখন জিলাৰ আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰে বৈঠকত বহিব নিৰ্বাচন আয়োগৰ দলটো। প্ৰতিখন জিলাৰে আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে বৈঠকত মিলিত হোৱাৰ লগতে আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্য সচিবৰ সৈতেও সুকীয়াকৈ বৈঠকত মিলিত হ'ব আয়োগৰ দলটো।

Also Read....মুখ্যমন্ত্ৰীৰ মৃত্যু বিচাৰিলে মছজিদৰ মিঞা ইমামে!

আনহাতে শাসক-বিৰোধী ৰাজনৈতিক দলবোৰৰ সৈতেও নির্বাচন আয়োগৰ দলটো বৈঠকত বহাৰো সম্ভাৱনা আছে। ইতিমধ্যে অসম চৰকাৰে বিহুৰ পূৰ্বেই নির্বাচন অনুষ্ঠিত কৰিবলৈ আয়োগক আহ্বান জনাইছে । এনে পৰিস্থিতিত অসমৰ পৰা ঘূৰি গৈয়ে দলটোৱে ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰো সম্ভাৱনা আছে ।

উল্লেখ্য যে দেশত একে সময়তে পাঁচখন ৰাজ্যত বিধানসভা নির্বাচন অনুষ্ঠিত হ'ব।অসমৰ লগতে তামিলনাডু, পশ্চিমবংগ, কেৰালা আৰু পুডুচেৰীত একে সময়তে নির্বাচন অনুষ্ঠিত হ'ব । অসম আৰু পশ্চিমবংগত প্ৰথমে তাৰ পাছত তামিলনাডু, কেৰালা আৰু পুডুচেৰীত নিৰ্বাচন অনুষ্ঠিত কৰাৰ চিন্তা-চৰ্চা কৰিছে নিৰ্বাচন আয়োগে । নিৰ্বাচনত নিয়োজিত কৰিবলগীয়া নিৰাপত্তাৰক্ষী তথা আন আন বিষয়বোৰৰ প্ৰতি লক্ষ্য ৰাখিয়েই এনেদৰে প্ৰথমে অসম আৰু পশ্চিমবংগত নির্বাচন অনুষ্ঠিত কৰাৰ চিন্তা কৰিছে ।

লক্ষণীয় বিষয় যে ২০২১ চনত নিৰ্বাচন আয়োগে ২৬ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ দিন ঘোষণা কৰিছিল । ২০২১ ত অসমত তিনিটা পৰ্যায়ত ক্রমে ২৭ মার্চ, ১ এপ্ৰিল আৰু ৬ এপ্রিলত নির্বাচন অনুষ্ঠিত হৈছিল ।

Also Read....তিনিচুকীয়াৰ ফিল’বাৰীত শিক্ষকৰ নিৰ্মম প্ৰহাৰত ছাত্ৰৰ মৃত্যুৰ অভিযোগ

ইয়াৰ পূৰ্বে ২০১৬ চনতো ৰঙালী বিহুৰ পূৰ্বেই বিধানসভাৰ নির্বাচন অনুষ্ঠিত হৈছিল। অসমত যিহেতু এতিয়া আইন-শৃংখলাজনিত চিন্তা কৰিবলগীয়া কোনো পৰিৱেশ নাই, সেয়েহে এইবাৰো নিৰ্বাচন বিহুৰ পূৰ্বেই অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত সমষ্টিৰ সংখ্যা পূৰ্বৰ দৰে একেই আছে যদিও সমষ্টিৰ ভোটাৰৰ ব্যাপক সালসলনি হৈছে । বহু সমষ্টি নোহোৱা হোৱাৰ উপৰি বহু সমষ্টি নতুনকৈ হৈছে।

Also Read....ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক থকা-সৰকা বিধায়ক অখিল গগৈৰ।

Advertisment
Advertisment