Assameseমুখ্যমন্ত্ৰীৰ মৃত্যু বিচাৰিলে মছজিদৰ মিঞা ইমামে!গোৱালপাৰা জিলাৰ পৰা এক চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহিছে। গোৱালপাৰাৰ হেদায়ৎপুৰ চাহ বাগান মছজিদত ইছলামিক ধৰ্মীয় অনুষ্ঠানত অভিযোগ অনুসৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মৃত্যু বিচাৰি দোৱা কৰা হৈছিল।Estafur Rahman Feb 08, 2026 11:59 ISTগোৱালপাৰা জিলাৰ পৰা এক চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহিছে। খবৰ অনুসৰি চলিত বৰ্ষৰ ৩০ জানুৱাৰী আৰু ৭ ফেব্ৰুৱাৰীত গোৱালপাৰাৰ হেদায়ৎপুৰ চাহ বাগান মছজিদত ইছলামিক ধৰ্মীয় অনুষ্ঠান জালালি খতম অনুষ্ঠিত হৈছিল। জালালি খতম অনুষ্ঠানটো শেষ হোৱাৰ পাছতেই সেই অনুষ্ঠানতে অভিযোগ অনুসৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মৃত্যু বিচাৰি দোৱা কৰা হৈছিল।AdvertismentAlso Read.....ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক থকা-সৰকা বিধায়ক অখিল গগৈৰ।ইতিমধ্যে এই ঘটনা সন্দৰ্ভত অসমৰ এটা চেটেলাইট চেনেলে বাতৰি প্ৰকাশ কৰিছে। এই সমগ্ৰ ঘটনাৰ অভিযোগ দাঙি ধৰিছিল মানৱঅধিকাৰ সংস্থা Legal Rights Observatoryয়ে। গোৱালপাৰাৰ হেদায়ৎপুৰ চাহ বাগান মছজিদৰ ইমাম হাফিজ আছিকুৰ ৰহমান আৰু হাফিজ ইছমাইল হুচেইনে এই জালালি খতম দোৱা কৰা বুলিও বাতৰি প্ৰকাশ হৈছিল।Also Read...তিনিচুকীয়াৰ ফিল’বাৰীত শিক্ষকৰ নিৰ্মম প্ৰহাৰত ছাত্ৰৰ মৃত্যুৰ অভিযোগউল্লেখ্যে যে এইখিনিতে এটা কথা ক'ব লাগিব,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা কেইটামান দিনৰ পৰাই মিঞা সন্দৰ্ভত বহু বিস্ফোৰক মন্তব্য কৰি আহিছিল। শেহতীয়াকৈ মিঞা ৰিক্সাচলকক লৈ কৰা মন্তব্যই কেৱল অসমতেই নহয় সমগ্ৰ দেশতেই তোলপাৰৰ সৃষ্টি কৰিছে। ইতিমধ্যে মুখ্যমন্ত্ৰীৰ এই মন্তব্যই লোকসভাৰ সদনতো বিৰোধীয়ে দাঙি ধৰিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত ধৰ্মৰ নামত ৰাজনীতি কৰা বুলি বিৰোধীয়ে বাৰে বাৰে দাবী কৰি আহিছে। এনেবোৰ কথা চলি থকাৰ মাজতেই গোৱালাপাৰা জিলাৰ এটা মছজিদৰ ইমামে মুখ্যমন্ত্ৰীৰ মৃত্যুৰ দোৱা কৰাকলৈও জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। Also Read...আহাৰ গ্ৰহণ কৰাৰ সময়ত আপুনিও ঘামে নেকি ? এয়া কিহৰ লক্ষণ ? জানো আহক... উক্ত ঘটনা সন্দৰ্ভত DY365ৰ কেমেৰাৰ আগত মছজিদ পৰিচালনা কমিটীৰ সভাপতি আৰু সম্পাদকে এই ঘটনাক সম্পৰ্ণ মিছা বুলি কয়। তেওঁলোকে আৰু কয়,মছজিদত কেতিয়াও কাৰো বেয়া চিন্তা কৰি দোৱা কৰা নহয়। মছজিদত সকলোৰে ভাল কামনা কৰি দোৱা কৰা হয়। কোনো এজন মুছলমানে এইটো কথা কোনোপধ্যেই স্বীকাৰ কৰি ল'ব নোৱাৰিব যে মছজিদত কাৰোবাৰ মৃত্যুৰ কাৰণে দোৱা কৰা হয় বুলি। কেৱল মানুহক বিভ্ৰান্তিৰ সৃষ্ঠি কৰাৰ কাৰণে মিছা বাতৰি প্ৰকাশ কৰা হৈছে। সমগ্ৰ ঘটনাটো বিপথে পৰিচালিত কৰাৰ কাৰণে প্ৰসাশনৰ তদন্তত আমি পূৰ্ণ সহযোগ কৰিম দৰকাৰ হ'লে আমাৰ ফালৰ পৰাও ঘটনা সন্দৰ্ভত অভিযোগ দিয়া হ'ব। এতিয়া সমগ্ৰ ঘটনাৰ সত্যতা আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব।Also Read....ৰাজ্যৰ যুৱক-যুৱতীসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা !AdvertismentAdvertisment Read the Next Article