Assameseআহাৰ গ্ৰহণ কৰাৰ সময়ত আপুনিও ঘামে নেকি ? এয়া কিহৰ লক্ষণ ? জানো আহক...কিছুমান মানুহে খাদ্য খোৱাৰ সময়ত হঠাতে ঘামি উঠে। এই ঘামৰ বতৰৰ লগত কোনো মিল নাই। বতৰ গৰমে হওক বা ঠাণ্ডা, সাধাৰণ আহাৰে হওক বা বিশেষ টেঙা খাদ্য, মুঠৰ ওপৰত যিয়েই নাখাওক কিয় খোৱাৰ সময়তে কঁপাল, মুখ বা ডিঙি ঘামি যায় বহু মানুহৰ।Estafur Rahman Feb 07, 2026 15:51 ISTআপুনি নিশ্চয় লক্ষ্য কৰিছে যে কিছুমান মানুহে খাদ্য খোৱাৰ সময়ত হঠাতে ঘামি উঠে।AdvertismentAlso Read...হ্ৰাস পালে সোণৰ দাম, সোণৰ বিপণীলৈ যোৱাৰ পূৰ্বে জানি লওক দাম!এই ঘামৰ বতৰৰ লগত কোনো মিল নাই। বতৰ গৰমে হওক বা ঠাণ্ডা, সাধাৰণ আহাৰে হওক বা বিশেষ টেঙা খাদ্য, মুঠৰ ওপৰত যিয়েই নাখাওক কিয় খোৱাৰ সময়তে কপাল, মুখ বা ডিঙি ঘামি যায় বহু মানুহৰ। কিন্তু বহুতেই ইয়াক অতি সাধাৰণ বুলি ভাবি লয়। Also read....১৪ কোটি টকাৰ ড্ৰাগছ জব্দস্বাস্থ্য বিশেষজ্ঞৰ মতে এয়া কি হয় আৰু কিহৰ লক্ষণ ?স্বাস্থ্য বিশেষজ্ঞৰ মতে, খাদ্য খোৱাৰ সময়ত ঘামিলে ইয়াক চিকিৎসা বিজ্ঞানৰ ভাষাত গাষ্টেটৰী শ্বেটিং (Gustatory Sweating) বুলি কোৱা হয়। সাধাৰণতে অত্যাধিক টেঙা বা অধিক মছলাযুক্ত খাদ্য খালে এনে হোৱা দেখা যায়। কিন্তু কেতিয়াবা এনেকুৱাও হয় বহুতৰ মচুৰ দাইল, ৰুটি বা সাধাৰণ খাদ্য খালেও ঘাম ওলাই। কেৱল গৰমৰ বতৰতে নহয় ঠাণ্ডা বতৰতো এনে দেখা পোৱা যায়।এইটো কি বেমাৰৰ লক্ষণ হয় ?সকলো ক্ষেত্ৰতেই খাদ্য খোৱাৰ সময়ত ঘাম ওলোৱাটো যদিও কোনো ৰোগৰ লক্ষণ নহয়। কাৰণ কিছুমান মানুহৰ বাবে ই-স্বাভাৱিক শাৰীৰিক প্ৰতিক্ৰিয়া হ’ব পাৰে। কিন্তু কিছুমান ক্ষেত্ৰত এই লক্ষণে বহু গুৰুত্বপূৰ্ণ ৰোগৰো ইংগিত দিব পাৰে।যেনে,ডায়েবেটিছ: দীৰ্ঘদিনীয়া ডায়েবেটিছৰ ফলত স্নায়ু ক্ষতিগ্ৰস্ত হ’ব পাৰে। আৰু ইয়াৰ ফলত খাদ্য গ্ৰহণ কৰাৰ সময়ত অস্বাভাৱিকভাৱে ঘাম ওলাব পাৰে। কেতিয়াবা এইটো ডায়েবেটিছৰ প্ৰাৰম্ভিক লক্ষণো হ’ব পাৰে।থাইৰয়ড সমস্যা: হৰম’নৰ অসমতা থাকিলে শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ বিঘ্নিত হয়, আৰু যাৰ ফলত খাদ্য খোৱাৰ সময়ত ঘাম ওলাব পাৰে।Also read.....ভূপেন বৰা-গৌৰৱ গগৈৰ মাজত কি হৈছিল? মুখ্যমন্ত্ৰীৰ দাবী কিমান সঁছা?খাদ্য খোৱাৰ সময়ত ঘাম ওলোৱাটো সকলো ক্ষেত্ৰতেই বিপদজনক নহয়। কিছুমানৰ বাবে ই স্বাভাৱিক শাৰীৰিক প্ৰতিক্ৰিয়া হ’লেও, কিছুমানৰ ক্ষেত্ৰত ই ডায়েবেটিছ, থাইৰয়ড বা হৰম’নৰ সমস্যাৰ লক্ষণ হ’ব পাৰে। সেয়ে লক্ষণসমূহ বুজি লৈ সময়মতে চিকিৎসকৰ পৰামৰ্শ লোৱাটোয়েই বুদ্ধিমত্তাৰ কাম।AdvertismentAdvertisment Read the Next Article