"পঞ্চভূতত বিলীন হ"ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। জুবিন গাৰ্গে প্ৰমাণ কৰিলে কি প্ৰতিভাধাৰী সত্ত্বা আছিল তেওঁৰ। ৫ দিন ধৰি শোকস্তব্ধ হৈ আছে অসম। প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধা জনাবলৈ ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ পৰা লাখ লাখ জুবিন অনুৰাগী আহি উপস্থিত হৈছিল গুৱাহাটীত।Advertisment বিশ্বত কেতিয়াও নুশুনা কান্দোনৰ ৰোল গুঞ্জৰিত হৈছে অসমত। প্ৰাৰ্থনালৈ ৰূপান্তৰিত হৈছিল ৰোমাণ্টিক গান 'মায়াবিনী'। সাগৰ আৰু মানুহ ভালপোৱা জুবিন গাৰ্গৰ বাবে গঢ়ি উঠিছিল এখন জনসমুদ্ৰ। বলীউডৰ বহু সংগীত শিল্পীয়েও শ্ৰদ্ধাঞ্জলি জনাই লিখিছিল জুবিন গাৰ্গ কেনেকুৱা আছিল। জ্যেষ্ঠ সাংবাদিক ৰবীশ কুমাৰেও জুবিনক লৈ লিখিলে এক আৱেগিক পোষ্ট। 'চিৰবিদায় জুবিন'। ঈশ্বৰে অসমক এই দুখ সহিবলৈ শক্তি দিয়ক। আমি আমাৰ জীৱনত এনেকুৱা যুগান্তকাৰী বিদায় দেখা নাই। য"ত জনতাই জুবিনৰ চিতাৰ প্ৰতিটো ফিৰিঙতিৰ সৈতে জুবিনৰ গান গাই আছে। জুবিনৰ বাহিৰে কোনেও বেলেগ একো ক"ব বিচৰা নাই। কোনেও আৰু আন কথা শুনিব বিচৰা নাই'। বিগত ৩-৪ দিন ধৰি দেশবাসীয়ে যি দৃশ্য দেখিলে, সেয়া কেতিয়াও কোনেও দেখা নাই। মোৰ তথ্য অনুসৰি কোনো গায়কে এই সন্মান লাভ কৰা নাই যি সন্মান জুবিনে লাভ কৰিছে। আজি জনতাই জুবিনক বিদায় দিয়া নাই, অথচ চিৰজীৱনলৈ নিজৰ অন্তৰত স্থান দিছে। এইটো এক এনে বিষয় যি দিল্লী আৰু মুম্বাইৰ পৰা দূৰত এজন গায়কে মানুহৰ জীৱন গঢ়ি গুচি গ"ল। জুবিন যোৱাৰ দুখ কেৱল অসমতে সীমিত নহয় চুবুৰীয়া ৰাজ্যতো গভীৰ শোকৰ ছাঁ। বাংলাদেশৰ পৰাও বহুতে জুবিনৰ বিষয়ে লিখি আছে, কান্দি আছে। ভাৰততে নহয় সমগ্ৰ বিশ্বৰ পৰা জুবিনে যি লাভ কৰিলে, যি বিশ্বাস জিকিলে, যি মৰম পালে তাৰ কোনো সীমা নাই। যদি আপোনালোকে জুবিন গাৰ্গৰ বিদায় চোৱা নাই, তেন্তে আপোনালোকে দুখৰ অৰ্থ কেতিয়াও বুজি নাপাব। শোক কি হয় সেয়া বুজাটো আধৰুৱা হৈ ৰ"ব। অসমত বহু লোকে কৈছে সকলোৱে এতিয়া মৌন হৈ আছে। ওৰে নিশা উজাগৰে আছে। দিনে নিশাই কান্দি আছে। এনে মহান গায়কক ছেল্যুট। "