Assameseমুখ্যমন্ত্ৰীৰ সংবাদমেলক ফটা ঢোল বজোৱা আখ্যা অজাপ সভাপতি লুৰিণজ্যোতি গগৈৰআজি দিনৰ ১০ বজাত লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এখনি সংবাদমেল আয়োজন কৰে। মুখ্যমন্ত্ৰীৰ এই সংবাদমেলখনৰ মূল বিষয় আছিল সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তান লিংক লগতে পত্নী এলিজাবেথৰে পাকিস্তান সম্পৰ্ক। Estafur Rahman Feb 08, 2026 15:07 ISTআজি দিনৰ ১০ বজাত লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এখনি সংবাদমেল আয়োজন কৰে। মুখ্যমন্ত্ৰীৰ এই সংবাদমেলখনৰ মূল বিষয় আছিল সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তান লিংক লগতে পত্নী এলিজাবেথৰে পাকিস্তান সম্পৰ্ক।AdvertismentAlso Read....এখন ফটোৱে পোহৰলৈ আনিছিল গৌৰৱ গগৈৰ পাক-সংযোগঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাএক দীৰ্ঘদিনীয়া বিতৰ্কৰ অন্ত পেলাই অৱশেষত দিছপুৰ লোকসেৱা ভৱনত আয়োজন কৰা হয় সংবাদমেলখন। গৌৰৱ গগৈৰ পাক-সংযোগ সন্দৰ্ভত সংবাদমেল পাতি মুখ্যমন্ত্ৰীয়ে কয়, আমাৰ জাতিটোৰ বাবে এয়া অতি দুখৰ দিন। ২০১৫ চনৰ ১৪ ছেপ্টেম্বৰত এই তথ্য পোহৰলৈ আহিছিল। মুখ্যমন্ত্ৰীৰ ভাষ্যমতে, যুৱ প্ৰজন্মৰ এটা দলক পাকিস্তান এমবেচীলৈ লৈ গৈছিল গৌৰৱ গগৈয়ে। সেইসময়ত মই ছিংগাপুৰত থাকোঁতে মোৰ হোৱাইটছএপত এখন ফটো পাইছিলো। প্ৰথমে মই ভাবিছিলোঁ ফটোখন ভুৱা কোনোবাই ভুৱা ফটোখন প্ৰচাৰ কৰি আছে। কিন্তু কংগ্ৰেছৰ নেতাই দাবী কৰিলে এয়া সত্য, তাৰ পাছত তদন্ত আৰম্ভ হ'ল। তদন্তত পোহৰলৈ আহিল পাকিস্তানৰ আলী টৌকীৰ শ্বেখৰে থকা সম্পৰ্কৰ তথ্য। মুঠৰ ওপৰত এখন ফটোৱে পোহৰলৈ আনিছিল গৌৰৱ গগৈৰ পাক-সংযোগৰ কথা।Also Read...জোনাইত বিধ্বংসী অগ্নিকাণ্ডমুখ্যমন্ত্ৰীৰ এই সংবাদমেলক লৈ অজাপ সভাপতি লুৰীণজ্যোতি গগৈক সাংবাদিকৰ প্ৰশ্ন আছিল। সাংবাদিকৰ প্ৰশ্নত লুৰীণৰ উত্তৰ আছিল এনেকুৱা '' মুখ্যমন্ত্ৰীৰ সংবাদমেল ফটা ঢোল বজোৱা আছিল। ইমান দিনৰ পৰা মুখ্যমন্ত্ৰীয়ে বিষয়টো দাবী কৰাৰ অহাৰ পাছতো একোৱে দাঙি ধৰিব নোৱাৰিলে সংবাদমেলত। এতিয়া মুখ্যমন্ত্ৰীয়ে বিষয়টো কেন্দ্ৰলৈ ঠেলি দি ঘটনাটোৰ পৰা সাৰিবলৈ চেষ্টা কৰিছে। অসমৰ ৰাইজক এক বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ এক পৰিকল্পনা কৰিছে। অসমৰ জলন্ত সমস্যাবোৰৰ পৰা ফালৰি কাটিবলৈ এনেবোৰ অলাগতিয়াল বিষয়ত মন্তব্য কৰি আছে।Also Read...দুদিনীয়া কাৰ্যসূচীৰে অসমত নিৰ্বাচন আয়োগৰ দলকেৱল ইমানেই নহয় লগতে আৰু কয়, বিজেপিয়ে অসমত যি পৰিৱেশৰ সৃষ্টি কৰিছে সেইয়া চৰম লজ্জাজনক বিষয়। কংগ্ৰেছ দলৰ ৰেলীত একাংশ বিজেপি নেতাই যি কাণ্ড কৰিছে সেয়া দেশৰ গণতন্ত্ৰৰ কাৰণে চৰম ভাবুকি। এটা সময়ত ইটো দলৰ নেতাই সিটো দলৰ নেতাৰ গাড়ীত উঠি নিৰ্বাচনী প্ৰচাৰ চলাইছিল। কিন্তু আজি সেই পৰিৱেশক বিজেপিয়ে বিনষ্ট কৰি তুলিছে। ইয়াৰ পাছতেই অজাপ দলত অগপ দলৰ নেতাৰ যোগদানকলৈও মন্তব্য কৰে বিজেপিৰ টিকত বঞ্চিত আৰু অগপৰ কেবাজনো নেতা-মন্ত্ৰী শীঘ্ৰেই অজাপত যোগদান কৰাৰ সম্ভাৱনা আছে। এই সন্দৰ্ভত আমাৰ আলোচনা চলি আছে।শাসক পক্ষৰ বহুতো প্ৰাক্তন মন্ত্ৰী-নেতাৰ লগত আমাৰ আলোচনা চলি আছিল আৰু চলি আছে। কোন কোন নেতাই যোগদান কৰিব সেয়া আমি পৰৱৰ্তী সময়ত জনাই দিম বুলি কয়। আজি পাঠশালাৰ আজাদ ভৱনত অজাপৰ বুথ সন্মিলনত উপস্থিত হৈ এনে মন্তব্য কৰে অজাপ নেতা লুৰীণজ্যোতি গগৈয়ে।Also Read....মুখ্যমন্ত্ৰীৰ মৃত্যু বিচাৰিলে মছজিদৰ মিঞা ইমামে!AdvertismentAdvertisment Read the Next Article