Advertisment

কাইলৈৰ পৰা HSLC পৰীক্ষা

কাইলৈৰ পৰা আৰম্ভ হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। ছাত্ৰ-ছাত্ৰীৰ শিক্ষা জীৱনৰ এক গুৰুত্বপূৰ্ণ পৰীক্ষালৈ মাজত মাথোঁ কেইটামান ঘণ্টা বাকী। এইবাৰৰ HSLC পৰীক্ষাত অৱৰ্তীণ হ’ব সৰ্বমুঠ ৪,৩৮,৫৬৫গৰাকী পৰীক্ষাৰ্থী।

 কাইলৈৰ পৰা HSLC পৰীক্ষা Photograph: (DY365)
কাইলৈৰ পৰা HSLC পৰীক্ষা Photograph: (DY365)

কাইলৈৰ পৰা HSLC পৰীক্ষা


কি কি নতুন নিয়ম থাকিব এইবাৰৰ পৰীক্ষাত?

কাইলৈৰ পৰা আৰম্ভ হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। ছাত্ৰ-ছাত্ৰীৰ শিক্ষা জীৱনৰ এক গুৰুত্বপূৰ্ণ পৰীক্ষালৈ মাজত মাথোঁ কেইটামান ঘণ্টা বাকী। এইবাৰৰ HSLC পৰীক্ষাত অৱৰ্তীণ হ’ব সৰ্বমুঠ ৪,৩৮,৫৬৫গৰাকী পৰীক্ষাৰ্থী। 

Advertisment


মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী। কাইলৈ ১০ ফেব্ৰুৱাৰী মঙলবাৰৰ পৰা আৰম্ভ হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। এইবাৰৰ HSLC পৰীক্ষাত অৱৰ্তীণ হ’ব সৰ্বমুঠ ৪,৩৮,৫৬৫গৰাকী পৰীক্ষাৰ্থী। ইয়াৰে ভিতৰত ছাত্ৰৰ সংখ্যা ১,৯০,২৪৩গৰাকী আৰু ছাত্ৰীৰ সংখ্যা ২,৪৮,৩২২গৰাকী। এইবাৰ HSLC পৰীক্ষা ১,০৪৪টা চেণ্টাৰত অনুষ্ঠিত হ’ব। পূৰ্বতকৈ এইবাৰ বৃদ্ধি কৰা হৈছে ১১৭টা পৰীক্ষা চেণ্টাৰ। পৰীক্ষাৰ প্ৰশ্নকাকত প্ৰতিটো ভাষাত পৃথকে পৃথকে থাকিব। 

Also Read: 'আজিৰ পৰা আৰু জুবিন ক্ষেত্ৰলৈ নাহো'

এইবাৰৰ পৰীক্ষাৰ বাবে অনা হৈছে নতুন নিয়ম। কি কি নতুন নিয়ম থাকিব এইবাৰৰ পৰীক্ষাত?

পৰীক্ষাকেন্দ্ৰৰ চেণ্টাৰ ইনচাৰ্জৰ বাবে আছে গাইডলাইন 
এইবাৰ HSLC আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা অনুষ্ঠিত নহয় প্ৰাইভেট স্কুলত
নিৰীক্ষক হিচাপে নাথাকে প্ৰাইভেট বিদ্যালয়ৰ কোনো শিক্ষক
সম্পূৰ্ণভাৱে চৰকাৰী শিক্ষকেই পৰিচালনা কৰিব পৰীক্ষা
নতুনকৈ নিযুক্তিপ্ৰাপ্ত শিক্ষকৰ কান্ধতো পৰিব পৰীক্ষাকেন্দ্ৰ নিয়ন্ত্ৰণৰ ভাৰ
স্বচ্ছভাৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে লোৱা হৈছে বিশেষ সিদ্ধান্ত
‘প্ৰাইভেট স্কুলৰ শিক্ষকে অনিয়ম কৰিলে ল’ব নোৱাৰি বিভাগীয় ব্যৱস্থা
‘নিৰ্বাচনী ধামখুমীয়াৰ মাজতে অনুষ্ঠিত হ’ব এই‍বাৰৰ পৰীক্ষা’
‘পৰীক্ষাত বেমেজালি সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে দুষ্টচক্ৰই’
‘আগৰ দৰে প্ৰশাসনৰ সহায় নাপাব, সেয়ে দায়িত্ব বাঢ়িব শিক্ষকসকলৰ’
‘পৰীক্ষা কেন্দ্ৰৰ নিয়ন্ত্ৰকসকলে দায়িত্ব দিব নোৱাৰিব অন্য কোনো লোকক’
‘পৰীক্ষা নিয়ন্ত্ৰণত খেলিমেলি হ’লে ক্ষমা নকৰিব জনতাই’
‘প্রশ্নকাকত থকা কক্ষত শিক্ষক-শিক্ষয়িত্ৰীয়ে নিব নোৱাৰিব মোবাইল ফোন’
‘উত্তৰবহী থকা কোঠাত CCTV চলি আছেনে নাই, নিৰীক্ষণ কৰিব শিক্ষকে’

Advertisment
Advertisment