Advertisment

কেৱল নিজৰ স্বাৰ্থৰ বাবে ৰাজনীতি কৰিছিল ভূপেন বৰাই, সৰৱ মীৰা বৰঠাকুৰ

‘কেৱল মাত্ৰ নিজৰ স্বাৰ্থত ৰাজনীতি কৰিছিল ভূপেন বৰাই। ভূপেন বৰাক নিৰ্লজ্জ বুলি আখ্যা দিছিল হিমন্ত বিশ্ব শৰ্মাই। সেইজন হিমন্ত বিশ্ব শৰ্মাকে এতিয়া ধূপ-ধূনাৰে আদৰিছে ভূপেন বৰাই'।

 File Photo
File Photo

কেৱল নিজৰ স্বাৰ্থৰ বাবে ৰাজনীতি কৰিছিল ভূপেন বৰাই, সৰৱ মীৰা বৰঠাকুৰ

‘কেৱল মাত্ৰ নিজৰ স্বাৰ্থত ৰাজনীতি কৰিছিল ভূপেন বৰাই। ভূপেন বৰাক নিৰ্লজ্জ বুলি আখ্যা দিছিল হিমন্ত বিশ্ব শৰ্মাই। সেইজন হিমন্ত বিশ্ব শৰ্মাকে এতিয়া ধূপ-ধূনাৰে আদৰিছে ভূপেন বৰাই'। বিজেপিমুখী হোৱাৰ পিছতে ভূপেন বৰাক কঠোৰ সমালোচনা কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ।

Advertisment

Read More- ভূপেন বৰাই বিজেপিত কি সন্মান পাব? প্ৰশ্ন গৌৰৱ গগৈৰ

বিজেপিমুখী প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰা। মঙলবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাক্ষাত কৰিছিল ভূপেন বৰাক। তাৰ পাছতেই ভূপেন বৰাক কাষত বহুৱাই সংবাদমেল সম্বোধন কৰিছিল মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ পাছতেই চূড়ান্ত হ'ল ভূপেন বৰাৰ বিজেপি গমনৰ দিন!

Read More- বুজনিয়ে কাম নিদিব! কংগ্ৰেছত নাথাকে ভূপেন বৰা!

ভূপেন বৰাৰ বিজেপি গমন চূড়ান্ত হোৱাৰ পাছতেই ভূপেন বৰাৰ বিৰুদ্ধে সৰৱ হৈছে অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ। সামাজিক মাধ্যমত ভূপেন বৰাৰ বিৰুদ্ধে ক্ষোভ উজাৰি মীৰা বৰঠাকুৰে ক'লে- ‘কেৱল মাত্ৰ নিজৰ স্বাৰ্থত ৰাজনীতি কৰিছিল ভূপেন বৰাই। লাজ লাগিছে, ভূপেন বৰাৰ দৰে ব্যক্তিৰ নেতৃত্বত আমি কাম কৰিছিলোঁ। যিজন হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাক নিৰ্লজ্জ আৰু চৰিত্ৰহীন আখ্যা দিছিল সেইজন মুখ্যমন্ত্ৰীকে এতিয়া ধূপ-ধূনাৰে আদৰিছে ভূপেন বৰাই। 

Read More- ভূপেন বৰাৰ বাবে খোলা আছে বিজেপিৰ দুৱাৰ- মুখ্যমন্ত্ৰী

স্বাভিমানৰ কথা কৈ কংগ্ৰেছ ত্যাগ কৰা ভূপেন বৰাক যেতিয়া মুখ্যমন্ত্ৰীয়ে চৰিত্ৰহীন আৰু নিৰ্লজ্জ বুলি কৈছিল তেতিয়া ক'ত গৈছিল ভূপেন বৰাৰ স্বাভিমান? হিমন্ত বিশ্ব শৰ্মাই যে কৈ থাকে কংগ্ৰেছৰ কোনো নেতাই দলটোৰ ভিতৰুৱা খবৰবোৰ তেখেতক দি থাকে সেয়া আন কোনো নহয়। মুখ্যমন্ত্ৰীক কংগ্ৰেছৰ প্ৰতিটো খবৰ দিয়া মানুহজন ভূপেন বৰাই আছিল।

Advertisment
Advertisment