Assameseনতুন প্ৰজন্মই সলনি কৰিলে দেশ! Gen Zৰ বিদ্ৰোহে আনিলে নেপালত বৃহৎ পৰিৱৰ্তনযুৱপ্ৰজন্মৰ বিদ্ৰোহে সলনি কৰিলে নেপালৰ ৰাজনীতি! Gen Zৰ বিদ্ৰোহে নেপালৰ ৰাজনীতিত আনিলে বৃহৎ পৰিৱৰ্তন। Gen Zৰ প্ৰতিবাদক নেতত্ব দিয়া বলেন শ্বাহ হ’ব পাৰে নেপালৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰীEstafur Rahman Mar 07, 2026 18:17 ISTনতুন প্ৰজন্মই সলনি কৰিলে দেশ! Gen Zৰ বিদ্ৰোহে আনিলে বৃহৎ পৰিৱৰ্তনAlso Read...বৃদ্ধি কৰা হ’ল HS প্ৰথম বৰ্ষৰ উত্তীৰ্ণৰ নম্বৰ, এতিয়াৰে পৰা ৩০ শতাংশ পালেই নহ’বAdvertismentযুৱপ্ৰজন্মৰ বিদ্ৰোহে সলনি কৰিলে নেপালৰ ৰাজনীতি! Gen Zৰ বিদ্ৰোহে নেপালৰ ৰাজনীতিত আনিলে বৃহৎ পৰিৱৰ্তন। Gen Zৰ প্ৰতিবাদক নেতৃত্ব দিয়া নেতা হ’ব পাৰে নেপালৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী। বৃহৎ জয়ৰ দিশে আগবাঢ়িছে বলেন শ্বাহৰ RSP দলে। ৪৭খন আসনত বৰ্তমানলৈকে জয় ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টীৰ। খবৰ অনুসৰি ৭২ আসনত বৰ্তমানলৈকে বৃহৎ অগ্ৰগতি বলেন শ্বাহৰ দলৰ। নেপালৰ ঝাপা-৫ সমষ্টিত হৈছে আকৰ্ষণীয় যুঁজ। পূৰ্বৰ প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাৰ বিৰুদ্ধে যুঁজত নামিছিল বলেন শ্বাহে। ৪২,৫৪৩ ভোটত বৃহৎ জয় বলেন শ্বাহৰ। ২৭৫ আসনৰ বাবে অনুষ্ঠিত হৈছিল সাধাৰণ নিৰ্বাচন। Gen Zৰ বিদ্ৰোহৰ পিছত এয়া নেপালৰ প্ৰথমটো নিৰ্বাচন। Also Read...সৰুপথাৰত জন আশীৰ্বাদ যাত্ৰাউল্লেখ্য যে,২০২৫ চনৰ ছেপ্টেম্বৰ মাহত যুৱ প্ৰজন্মৰ প্ৰতিবাদৰ বাবে নেপালত প্ৰধানমন্ত্ৰী অলিৰ চৰকাৰৰ পতন ঘটিছিল। ইয়াৰ তিনিদিন পিছতে অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীয়ে। বিভিন্ন স্তৰত আলোচনাৰ অন্তত সেই দেশৰ নিৰ্বাচন আয়োগে ৫ মাৰ্চত সংসদীয় নিৰ্বাচনৰ দিন ঘোষণা কৰে। সেই অনুসৰি বৃহস্পতিবাৰে নেপালত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়। ৬৫টা ৰাজনৈতিক দলে এই নিৰ্বাচনী যুঁজত অংশ লৈছিল।নেপালৰ Gen Zৰ এক বৃহৎ অংশৰ বাছনি আছিল প্ৰাক্তন গায়ক তথা ৰাজধানী কাঠমাণ্ডুৰ প্ৰাক্তন মেয়ৰ বলেন শ্বাহ। যোৱা ছেপ্টেম্বৰ মাহত Gen Zৰ আন্দোলনৰ অন্যতম পৃষ্ঠপোষক আছিল তেওঁ। এইবাৰ ঝাপা-৫ সমষ্টিত ক্ষমতাচ্যুত প্ৰধানমন্ত্ৰী তথা নেপাল কমিউনিষ্ট পাৰ্টি অলিৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লয় বলেন শ্বাহে। ২০২২ চনৰ সাধাৰণ নিৰ্বাচনত তেওঁৰ দল ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টীয়ে চতুৰ্থ স্থান লাভ কৰিছিল।AdvertismentAlso Read...অহা ১৫ বছৰলৈকে বিটিচিত ময়েই শাসন কৰিমঃ হাগ্ৰামা মহিলাৰীএতিয়ালৈকে প্ৰাথমিক গণনাৰ পিছত দেখা গৈছে যে নেপালে পুৰণি বা পৰিচিত দলৰ ওপৰত নহয়, তুলনামূলকভাৱে নতুন দল আৰু নতুন নেতাৰ ওপৰত বিশ্বাস ৰাখিছে। Read More AdvertismentAdvertisment Read the Next Article