Advertisment

সৰুপথাৰত জন আশীৰ্বাদ যাত্ৰা

বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ আজি ষষ্ঠ দিন। শনিবাৰে গোলাঘাটৰ সৰুপথাৰৰ পৰা আৰম্ভ হয় বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰে এই জন আশীৰ্বাদ যাত্ৰাৰ। 

 সৰুপথাৰত জন আশীৰ্বাদ যাত্ৰা Photograph: (DY365)
সৰুপথাৰত জন আশীৰ্বাদ যাত্ৰা Photograph: (DY365)

সৰুপথাৰত জন আশীৰ্বাদ যাত্ৰা


ওলাই আহিল অগণন লোক

বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ আজি ষষ্ঠ দিন। শনিবাৰে গোলাঘাটৰ সৰুপথাৰৰ পৰা আৰম্ভ হয় বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰে এই জন আশীৰ্বাদ যাত্ৰাৰ। 

Advertisment

শনিবাৰে সৰুপথাৰত জন সমুদ্ৰৰ মাজেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰে জন আশীৰ্বাদ যাত্ৰাৰ। ১০৭ নং সৰুপথাৰ সমষ্টিৰ পৰা বিজেপিৰ ষষ্ঠটো দিনৰ জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ঐতিহাসিক দুৱৰণি শিৱ মন্দিৰৰ চৌহদৰ পৰা দিনৰ প্ৰায় ১০.৪৫ বজাত গোলাঘাটৰ ৪টা সমষ্টি সামৰি জন আশীৰ্বাদ যাত্ৰাৰ আৰম্ভ কৰে। 

Also Read: অহা ১৫ বছৰলৈকে বিটিচিত ময়েই শাসন কৰিমঃ হাগ্ৰামা মহিলাৰী

গোলাঘাট জিলাৰ সৰুপথাৰ, গোলাঘাট, খুমটাই আৰু দেৰগাঁও সমষ্টিক সামৰি এই জন আশীৰ্বাদ যাত্ৰা।  এই যাত্ৰাত ৰাজ্যিক বিজেপিৰ সভাপতি দিলিপ শইকীয়া, সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিত্তমন্ত্ৰী অজন্তা নেওগ, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে অংশগ্ৰহণ কৰে।

মুখ্যমন্ত্ৰীৰ এই জন আশীৰ্বাদ যাত্ৰাত আশীৰ্বাদ দিবলৈ ওলাই আহিল সৰুপথাৰ সমষ্টিৰ বিভিন্ন স্থানৰ পৰা হাজাৰ হাজাৰ লোক। কাইলৈ অৰ্থাৎ ৮ মাৰ্চত মাৰ্ঘেৰিটা, ডিগবৈ, মাকুম, তিনিচুকীয়াত হ'ব বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা। ৯ মাৰ্চত সৰভোগ, বজালী, টিহু, নলবাৰীত হ'ব জন আশীৰ্বাদ যাত্ৰা। 

Advertisment

Also Read: যুদ্ধৰ মাজতেই ক্ষমা খুজিলে ইৰানে। আক্ৰমণ নকৰাৰ সিদ্ধান্তত উপনীত ইৰান!


মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাৰ প্ৰথমদিনা ঢেকীয়াজুলি, তেজপুৰ, বৰছলা, নদুৱাৰ, ৰঙাপৰাক সামৰি লৈছিল, দ্বিতীয় দিনা জাগীৰোড, মৰিগাঁও, ৰহা, নগাঁও, বঢ়মপুৰ আৰু তৃতীয় দিনা গহপুৰ, বিহপুৰীয়া, ৰঙানদী, নাওবৈচাক সামৰি লৈছিল জন আশীৰ্বাদ যাত্ৰাই। ৰঙৰ উৎসৱ ফাকুৱাৰ বাবে দুটা দিন বিৰতিৰ পিছত বৃহস্পতিবাৰে ধেমাজিত আৰু শুকুৰবাৰে নাহৰকটীয়াত আছিল বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা। আজি শনিবাৰে সৰুপথাৰত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা।  ৯ মাৰ্চত অন্ত পৰিব প্ৰথম পৰ্যায়ৰ জন আশীৰ্বাদ যাত্ৰাৰ।

Advertisment
Advertisment