Advertisment

অহা ১৫ বছৰলৈকে বিটিচিত ময়েই শাসন কৰিমঃ হাগ্ৰামা মহিলাৰী

বিটিচিৰ বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে শুকুৰবাৰে এক ডাঙৰ ঘোষণা কৰে। তেওঁ অতি আত্মবিশ্বাসেৰে কয়, যে আগন্তুক অন্ততঃ ১৫ বছৰৰ বাবে বড়োলেণ্ড আঞ্চলিক পৰিষদৰ নেতৃত্ব কেৱল মোৰ হাততেই থাকিব।

 Photograph: (northeast now)
Photograph: (northeast now)

অহা ১৫ বছৰলৈকে বিটিচিত ময়েই শাসন কৰিমঃ হাগ্ৰামা মহিলাৰী


বিটিচিৰ বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে শুকুৰবাৰে এক ডাঙৰ ঘোষণা কৰে। তেওঁ অতি আত্মবিশ্বাসেৰে কয়, যে আগন্তুক অন্ততঃ ১৫ বছৰৰ বাবে বড়োলেণ্ড আঞ্চলিক পৰিষদৰ নেতৃত্ব কেৱল মোৰ হাততেই থাকিব। বাক্সা জিলাৰ নিমুৱাত বিপিএফ দলৰ পৰা আয়োজন কৰা দিছপুৰ চলো কাৰ্যসূচীৰ এখন বিশাল জনসভাত ভাষণ দি এই মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে। মহিলাৰীৰ এই ভাষণৰ পাছতেই বিটিচিৰ ৰাজনৈতিক মহলত আলোড়নৰ সৃষ্টি কৰিছে।

Advertisment

Also Read....ৰাজীৱ ভৱনত সেৱা লৈ কংগ্ৰেছ দল এৰিলে ৰাতুল কলিতাই!

দিছপুৰ চলো কাৰ্যসূচী সভাত উপস্থিত থকা হাজাৰ হাজাৰ লোকক উদ্দেশ্যি ভাষণত মহিলাৰীয়ে কয়, বিপিএফ দলে সদায় বিটিচি অঞ্চলৰ জনসাধাৰণৰ সমস্যাসমূহ সমাধানৰ বাবে কাম কৰি আহিছে আৰু ভৱিষ্যতেও কৰি যাব। বিশেষকৈ উচ্ছেদ অভিযান আৰু বিশেষ নিযুক্তিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত তেওঁ ভাষণ প্ৰদান কৰাৰ লগতে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিব বুলিও কয়। নিৰ্বাচনৰ সময়ত সকলো জাতি, জনগোষ্ঠীক মাটিৰ পট্টা দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি আমি দিছিলো। আৰু এতিয়া আমি প্ৰতিশ্ৰুতি পালন কৰি মাটিৰ পট্টা দিয়া হ'ব বুলিও হাগ্ৰামাই কয়।

হাগ্ৰামা মহিলাৰীয়ে সভাত উপস্থিত থকা সকলোকে আশ্বাস দিয়ে যে, তেওঁৰ দলটো জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ সম্পূৰ্ণৰূপে দায়বদ্ধ। বিপিএফৰ এই কাৰ্যসূচীত বহুতো নতুন লোকে দলটোত যোগদান কৰে যাৰ ফলত দলটো অধিক শক্তিশালী হৈ পৰা বুলি তেওঁ উল্লেখ কৰে।

Also Read...দেশজুৰি বৃদ্ধি পালে LPG চিলিণ্ডাৰৰ মূল্য, কিমান বাঢ়িল ঘৰুৱা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম?

Advertisment

সভাৰ শেষত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মহিলাৰীয়ে আশা প্ৰকাশ কৰে যে অহা ১৩ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কোকৰাঝাৰ ভ্ৰমণৰ সময়ত তেওঁ বিটিচি অঞ্চলৰ বাবে কিছুমান ভাল আঁচনি ঘোষণা কৰিব। 

Advertisment
Advertisment