"ডিব্ৰুগড়ৰ পৰা দিছপুৰ দখলৰ হুংকাৰ বিজেপি সভাপতি নীতিন নবীনৰ। ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব গ্ৰহণৰ পাছত প্ৰথমবাৰ অসমলৈ অহা নীতিন নবীনে বুধবাৰে ডিব্ৰুগড়ত দলৰ পৃষ্ঠাপ্ৰমুখৰ সন্মিলনত অংশগ্ৰহণ কৰে। ডিব্ৰুগড়ৰ খনিকৰ চাৰিআলিৰ পৰা মানকটা খেলপথাৰলৈ আদৰি অনা হয় দলৰ সভাপতিজনক। ৰাজ্য বিধানসভা নিৰ্বাচনৰ পূৰ্বে শাসকীয় ভাৰতীয় জনতা পাৰ্টীৰ তত্পৰতা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা আৰম্ভ কৰি অসমলৈ সোঁত বৈছে এজনৰ পিছত আনজন বিজেপি নেতাৰ। দুদিনীয়া কাৰ্যসূচীৰে বুধবাৰে অসমত বিজেপিৰ সভাপতি নীতিন নবীন।Advertisment বুধবাৰে দুপৰীয়া ডিব্ৰুগড়ৰ মোহনবাৰী বিমানন্দৰত বিজেপিৰ সভাপতি নীতিন নবীনক আদৰণি জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াকে ধৰি দলৰ নেতৃত্বই। ডিব্ৰুগড়ৰ খনিকৰ চাৰিআলিৰ পৰা মানকটা খেলপথাৰলৈ আদৰি অনা হয় দলৰ সভাপতিজনক। বিহুৰ লগতে জনগোষ্ঠীয় নৃত্য-গীতেৰে বিজেপিৰ সভাপতি নীতিন নবীনক জনোৱা হয় আদৰণি। মানকটা খেলপথাৰত বিজেপিৰ ২৩ হাজাৰ পৃষ্ঠাপ্ৰমুখৰ সন্মিলনত অংশ লয় নীতিন নবীনে। সভাত দিছপুৰ দখলৰ হুংকাৰ নীতিন নবীনৰ। দলৰ পৃষ্ঠাপ্ৰমুখসকলক উদ্দেশ্যি দিয়া ভাষণত দলৰ সভাপতি নীতিন নবীনে কয়- উত্তৰ-পূবৰ দুৱাৰ আজিৰ দিনত বিকাশৰ দুৱাৰ। আজিৰ অসম অশান্তজৰ্জৰ অসম নহয়, আজিৰ অসম সম্ভাৱনাৰ অসম।বিজেপি চৰকাৰ ৰাষ্ট্ৰৰ সুৰক্ষাক লৈ সদায় কঠোৰ। দেশৰ পৰিৱৰ্তন আপোনালোকৰ ভোটৰ বাবে হৈছে। বিজেপি চৰকাৰে শ্ৰমিক, কৃষক, দৰিদ্ৰৰ বাবে কাম কৰিছে। আমি অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ় দিম। ইফালে, পৃষ্ঠাপ্ৰমুখৰ সন্মিলনত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত অসমত তীব্ৰ গতিত উন্নয়ন হোৱা বুলি উল্লেখ কৰে। বিজেপিৰ শাসনকালত উত্তৰ-পূবলৈ শান্তি ঘূৰি আহিছে। আমি অসমীয়া জাতিক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিব লাগিব। দলৰ সভাপতিৰ দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰ অসমলৈ অহা নীতিন নবীনে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, লখিমপুৰ, ঢকুৱাখনা, ধেমাজি আৰু মাজুলী জিলাৰ সভাপতি-সম্পাদকসকলৰ সৈতেও আলোচনাত মিলিত হয়। কাইলৈ তিনিচুকীয়াৰ গুইজানত মটক ৰজা সৰ্বানন্দ সিংহৰ সমাধিস্থলীলৈ যাব নীতিন নবীন। ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাত এখন সভাতো অংশগ্ৰহণ কৰিব নীতিন নবীনে। "