Advertisment

দেশজুৰি বৃদ্ধি পালে LPG চিলিণ্ডাৰৰ মূল্য, কিমান বাঢ়িল ঘৰুৱা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম?

নতুন সিদ্ধান্ত অনুসৰি ঘৰুৱা ব্যৱহাৰৰ এলপিজি চিলিণ্ডাৰৰ দাম ৬০ টকাকৈ বৃদ্ধি কৰা হৈছে। আনহাতে বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ১১৫ টকাকৈ বৃদ্ধি কৰা হৈছে।

দেশজুৰি বৃদ্ধি পালে LPG চিলিণ্ডাৰৰ মূল্য,কিমান বাঢ়িল ঘৰুৱা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম?

Advertisment

Also Read....শুকুৰবাৰে ঘোষণা হ'ল UPSCৰ ফলাফল। ফলাফলত উজলিল অসমৰ তিনিগৰাকী সন্তান

নতুন সিদ্ধান্ত অনুসৰি ঘৰুৱা ব্যৱহাৰৰ এলপিজি চিলিণ্ডাৰৰ দাম ৬০ টকাকৈ বৃদ্ধি কৰা হৈছে। আনহাতে বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ১১৫ টকাকৈ বৃদ্ধি কৰা হৈছে।তেল বিপণন কোম্পানীসমূহে ঘোষণা কৰা নতুন মূল্য মাজনিশাৰ পৰা সমগ্ৰ দেশতে প্ৰযোজ্য হৈছে। মূল্যবৃদ্ধিৰ সিদ্ধান্তৰ ফলত সাধাৰণ গ্ৰাহকসকলৰ ওপৰত পুনৰ আৰ্থিক বোজা বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে।


যোৱা কেইমাহমানৰ পৰা বাণিজ্যিক চিলিণ্ডাৰৰ দাম ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে। বছৰৰ আৰম্ভণিতে অৰ্থাৎ ২০২৬ চনৰ ১ জানুৱাৰীত এটা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য একেকোবে ১১১ টকা বৃদ্ধি পাইছিল। ১ ফেব্ৰুৱাৰীত পুনৰ বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ৪৯ টকা বৃদ্ধি পাইছিল। আশা কৰা হৈছিল, বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি হ’লেও ঘৰুৱা ৰন্ধন গেছৰ মূল্যৰ কোনো পৰিৱৰ্তন নহ'ব। কিন্তু সেই সকাহ স্থায়ী নহ’ল! মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দামও বৃদ্ধি পালে। আগতে গুৱাহাটীত যিটো এলপিজি চিলিণ্ডাৰ ৯০২ টকাত পোৱা গৈছিল, এতিয়া সেই চিলিণ্ডাৰৰ দাম হ’ব ৯৬২ টকা। অৰ্থাৎ মুঠ ৬০ টকা বৃদ্ধি। 

Advertisment

Also Read...চকলেটৰ প্ৰলোভন দি ৩ বছৰীয়া কণমানিৰে অপকৰ্ম


দেশৰ তেল বিপণন কোম্পানীসমূহে বিশ্ব বজাৰত পেট্ৰ’লিয়ামৰ মূল্য তুলনা কৰি পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰে। তদুপৰি বিশ্ব বজাৰত খাৰুৱা তেলৰ মূল্যই দাম বৃদ্ধি বা হ্ৰাসৰ ক্ষেত্ৰত বহু পৰিমাণে নিৰ্ভৰশীল। অৱশ্যে আন্তঃৰাষ্ট্ৰীয় মহলে ধাৰণা কৰিছে যে বৰ্তমান আমেৰিকা-ইজৰাইল আৰু ইৰাণ যুদ্ধই বিশ্ব বজাৰত খাৰুৱা তেলৰ মূল্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাব। আৰু যদি তেনেকুৱা হয় তেন্তে ভৱিষ্যতে পেট্ৰ’ল বা গেছৰ দাম আৰু অধিক বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।

Also Read...১৬ বছৰৰ তলৰ শিশু-কিশোৰৰ বাবে নিষিদ্ধ সামাজিক মাধ্যম!

Advertisment
Advertisment