Assameseগুৱাহাটীত CRPF দিৱসত গৃহমন্ত্ৰী অমিত শ্বাহৰ ডাঙৰ ঘোষণা !সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত CRPFৰ ৮৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। উল্লেখ্য যে প্ৰথমবাৰলৈ অসমত অনুষ্ঠিত হৈছে CRPFৰ প্ৰতিষ্ঠা দিৱসৰ পেৰেড।Estafur Rahman Feb 21, 2026 14:05 ISTগুৱাহাটীত CRPF দিৱসত গৃহমন্ত্ৰী অমিত শ্বাহৰ ডাঙৰ ঘোষণা ! Also Read....এপাৰ্টমেণ্টৰ কোঠাত উদ্ধাৰ যুৱকৰ মৃতদেহদুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হয় গৃহমন্ত্ৰী অমিত শ্বাহ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ আজি দ্বিতীয়টো দিন। দ্বিতীয়টো দিনত সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত CRPFৰ ৮৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। উল্লেখ্য যে প্ৰথমবাৰলৈ অসমত অনুষ্ঠিত হৈছে CRPFৰ প্ৰতিষ্ঠা দিৱসৰ পেৰেড।AdvertismentCRPFৰ ৮৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশ লৈ দেশৰ বীৰ জোৱানৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে গৃহমন্ত্ৰী অমিত শ্বাহ। অমিত শ্বাহে কয় ‘‘দেশৰ বাবে আমাৰ জোৱান সকলে যথেষ্ট ত্যাগ কৰিছে। প্ৰথমবাৰৰ বাবে উত্তৰ-পূবত বাৰ্ষিক পেৰেড হৈছে। ৮৭ বছৰে CRPFএ উৎকৃষ্টতা প্ৰদৰ্শন কৰি আহিছে। CRPF অবিহনে কিদৰে সুৰক্ষা হ’লহেঁতেন আমাৰ দেশ? দেশৰ বাবে এতিয়ালৈকে ২২৭০গৰাকী CRFP জোৱান আত্মবলিদান দিছে। দেশৰ সুৰক্ষাৰ, নিৰাপত্তাৰ বাবে বলিদান দিছে। উত্তৰ-পূবত ৭০০ জোৱানে বলিদান দিছে। ৫৪০গৰাকী CRPF জোৱানে জম্মু-কাশ্মীৰত বলিদান দিছে। এসময়ত CRPFএ সৰ্বোচ্চ বলিদান দিয়া বাবে এতিয়া উত্তৰ-পূবত শান্তি আহিছে। ৭৯ জোৱানে অসমত শান্তি প্ৰতিষ্ঠাৰ বাবে বলিদান দিছে। মাওবাদী ক্ষেত্ৰতে হওক, কাশ্মীৰে হওক, উত্তৰ-পূবে হওক, শান্তিৰ বাবে দেশৰ ভিন্নপ্ৰান্তৰ আমাৰ জোৱানে বলিদান দিছে।’’Also Read...'জয় জুবিন দা' ধ্বনিৰে মুকলি আকাশৰ তললৈ ভিক্টৰ দাসগৃহমন্ত্ৰীগৰাকীয়ে আৰু কয় ‘‘দুটা বেটেলিয়ানেৰে আৰম্ভ হোৱা CRPFৰ বৰ্তমান ২৪৩টা বেটেলিয়ান আছে। CRPFত ৩ লাখ ৮৯ হাজাৰ জোৱান আছে। যি সময়ত কলকাতাত বামপন্থীয়ে আৰক্ষীক হত্যা কৰিছিল তেতিয়া CRPFএ সেই পৰিস্থিতি চম্ভালিছিল। CRPFৰ জোৱান কেতিয়াও বিফল নহয়, সদায় পৰিণাম লগত লৈ আহে। এতিয়া জম্মু-কাশ্মীৰত হিংসা নোহোৱা হৈছে, ইয়াৰ বাবে CRPF, BSF আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে এই ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। এটা সময়ত মাওবাদীয়ে দেশবাসীলৈ ভাবুকি আনিছিল। দিল্লীৰ সাংসদ ভৱন, ৰামমন্দিৰ আক্ৰমণৰে আদি ঘটনাত জড়িত আছিল মাওবাদী। আৰু আজি কঠোৰ হাতেৰে মাওবাদীক নিযন্ত্ৰণ কৰিছে CRPFএ।’’Also Read...'বিজেপি এতিয়া ৰাজনৈতিক দল নহয়, ব্যক্তিগত কোম্পানীহে' -ৰাজেন গোঁহাইAdvertismentAdvertisment Read the Next Article