Assamese'বিজেপি এতিয়া ৰাজনৈতিক দল নহয়, ব্যক্তিগত কোম্পানীহে' -ৰাজেন গোঁহাইঅন্য দলৰ পৰা মানুহ আনি বিজেপি দলটোক দুৰ্বল কৰিছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মা বিজেপিত থকালৈকে বিজেপিৰ পতন নিশ্চিত। বিজেপি এতিয়া ৰাজনৈতিক দল নহয় এটা কোম্পানীলৈ ৰূপান্তৰ হৈছে। প্ৰাক্তন বিজেপি নেতা ৰাজেন গোঁহাইৰ বিস্ফোৰণ। Mrinmoy Talukdar Feb 20, 2026 19:30 ISTFile Photo'বিজেপি এতিয়া ৰাজনৈতিক দল নহয়, ব্যক্তিগত কোম্পানীহে' -ৰাজেন গোঁহাইঅন্য দলৰ পৰা মানুহ আনি বিজেপি দলটোক দুৰ্বল কৰিছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মা বিজেপিত থকালৈকে বিজেপিৰ পতন নিশ্চিত। বিজেপি এতিয়া ৰাজনৈতিক দল নহয় এটা কোম্পানীলৈ ৰূপান্তৰ হৈছে। প্ৰাক্তন বিজেপি নেতা ৰাজেন গোঁহাইৰ বিস্ফোৰণ। AdvertismentRead More- কংগ্ৰেছে আমাক বিশ্বাসঘাটকতা কৰিছে, অসন্তুষ্ট অখিল গগৈ!বিজেপি দল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ অজাপ নেতা ৰাজেন গোঁহাই। সংবাদমেলযোগে ৰাজেন গোঁহাইৰ কেইবাটাও বিস্ফোৰক মন্তব্য- আগন্তুক নিৰ্বাচনত চৰকাৰ গঠন কৰিব নোৱাৰে বিজেপিয়ে। অন্য দলৰ পৰা মানুহ আনি বিজেপি দলটোক দুৰ্বল কৰিলে হিমন্ত বিশ্ব শৰ্মাই। Read More- কেৱল নিজৰ স্বাৰ্থৰ বাবে ৰাজনীতি কৰিছিল ভূপেন বৰাই, সৰৱ মীৰা বৰঠাকুৰলগতে ৰাজেন গোঁহাইৰ মন্তব্য- 'বিজেপি দলটো এতিয়া অত্যন্ত ভয় আৰু চিন্তাত আছে। বিজেপিয়ে এতিয়া উপলব্ধি কৰিছে যে '২৬ৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাটো এইবাৰ সহজ নহয়। যাৰ বাবে এতিয়া ইখনৰ পাছত আনখন আঁচনি আনিছে বিজেপিয়ে। কিন্তু বিজেপিৰ এইবোৰ নাটক এতিয়া বুজি পোৱা হৈছে অসমৰ ৰাইজে। Read More- ভূপেন বৰাই বিজেপিত কি সন্মান পাব? প্ৰশ্ন গৌৰৱ গগৈৰ'বিজেপিয়ে যে অসমৰ ৰাইজক ঠগ প্ৰৱঞ্চনা কৰি ভোট ল'ব বিচাৰিছে আৰু অসমৰ ৰাইজৰ সমস্যা, দুখ-কষ্টবোৰ সমাধানৰ ক্ষেত্ৰত যে চৰকাৰখনৰ কোনো আন্তৰিকতা নাই এই সকলোবোৰ কথা অসমৰ ৰাইজে মনত ৰাখিছে। গতিকে আগন্তুক নিৰ্বাচনত অসমৰ ৰাইজে প্ৰত্যুত্তৰ দিব বিজেপিক'।Read More- বুজনিয়ে কাম নিদিব! কংগ্ৰেছত নাথাকে ভূপেন বৰা!গতিকে 'বিজেপিয়ে যে আগন্তুক নিৰ্বাচনত চৰকাৰ গঠন কৰিব নোৱাৰে এই কথা নিশ্চিত। হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমৰ ৰাইজ অতিষ্ঠ হৈছে। মুখ্যমন্ত্ৰীৰ চতুৰালি অসমৰ ৰাইজে এতিয়া ভালকৈ উপলব্ধি কৰিছে। বিজেপি এতিয়া ৰাজনৈতিক দল নহয় এটা কোম্পানীলৈ ৰূপান্তৰ হৈছে। অসম বিজেপি এতিয়া এজন ব্যক্তিৰ ব্যক্তিগত কোম্পানীলৈ ৰূপান্তৰিত হৈছে। নিষ্ঠাৱান বিজেপি কাৰ্যকৰ্তাসকলক এলাগী কৰি অন্য দলৰ মানুহ আনি হিমন্ত বিশ্ব শৰ্মাই বিজেপি দলটোক দুৰ্বল কৰিছে। গতিকে এতিয়াও সময় আছে স্বাভিমানী বিজেপি কাৰ্যকৰ্তাসকলে বিজেপি দলৰ পৰা ওলাই আহক। বিজেপিত আজিকালি কেৱল হিমন্ত বিশ্ব শৰ্মাৰ লবীৰ মানুহ সকলেহে প্ৰাধান্য পায়।AdvertismentAdvertisment Read the Next Article