Assameseকংগ্ৰেছে আমাক বিশ্বাসঘাটকতা কৰিছে, অসন্তুষ্ট অখিল গগৈ!বিৰোধীৰ মিত্ৰতাত অনিশ্চয়তা। যিকোনো মুহূৰ্ততে ভংগ হ'ব পাৰে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা। কংগ্ৰেছৰ ভুমিকাত অসন্তষ্ট বিধায়ক অখিল গগৈৰ মন্তব্য- কংগ্ৰেছে আমাক বিশ্বাসঘাটকতা কৰিছে। কংগ্ৰেছে ভাৱে অসমৰ সংখ্যালঘু সমষ্টিবোৰ তেওঁলোকৰ বাপতিসাহোন। Mrinmoy Talukdar Feb 20, 2026 19:21 ISTFile Photoকংগ্ৰেছে আমাক বিশ্বাসঘাটকতা কৰিছে, অসন্তুষ্ট অখিল গগৈ!বিৰোধীৰ মিত্ৰতাত অনিশ্চয়তা। যিকোনো মুহূৰ্ততে ভংগ হ'ব পাৰে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা। কংগ্ৰেছৰ ভুমিকাত অসন্তষ্ট বিধায়ক অখিল গগৈৰ মন্তব্য- কংগ্ৰেছে আমাক বিশ্বাসঘাটকতা কৰিছে। কংগ্ৰেছে ভাৱে অসমৰ সংখ্যালঘু সমষ্টিবোৰ তেওঁলোকৰ বাপতিসাহোন। AdvertismentRead More- কেৱল নিজৰ স্বাৰ্থৰ বাবে ৰাজনীতি কৰিছিল ভূপেন বৰাই, সৰৱ মীৰা বৰঠাকুৰবিৰোধী ঐক্যৰ মিত্ৰতাক লৈ ডাঙৰ খবৰ। কোনোপধ্যে অংক মিলা নাই কংগ্ৰেছ আৰু ৰাইজৰ দলৰ। আসন ভাগ-বটোৱাৰাক লৈ কংগ্ৰেছৰ ভূমিকাত অসন্তষ্ট ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। অসন্তষ্ট অখিল গগৈয়ে ক'লে- 'আমি বহুত ধৈৰ্য ধৰিলো। কিন্তু..., এইবাৰ হয় ৰঙামাটি নহয় গুৱাহাটী। Read More- কংগ্ৰেছত আছে পত্ৰ লিখা বিধায়ক, ক্ষোভ ৰেজাউলৰসংবাদ মাধ্যমৰ সম্মুখত অখিল গগৈৰ প্ৰতিক্ৰিয়া- বিৰোধী ঐক্যৰ মিত্ৰতাৰ খবৰ ইতিবাচক নহয়। আসন ভাগ-বটোৱাৰাক লৈ কংগ্ৰেছৰ ভুমিকাত আমি অসন্তষ্ট। সেয়ে আজি অনুষ্ঠিত হৈছে ৰাইজৰ দলৰ কৰ্ণধাৰ সমিতিৰ জৰুৰী বৈঠক। এই বৈঠকৰ অন্ততে বিৰোধী ঐক্যৰ মিত্ৰতাক লৈ শেষবাৰলৈ কংগ্ৰেছলৈ পত্ৰ প্ৰেৰণ কৰিব ৰাইজৰ দলে। Read More- ভূপেন বৰাই বিজেপিত কি সন্মান পাব? প্ৰশ্ন গৌৰৱ গগৈৰঅখিল গগৈৰ মন্তব্য, 'আমি কংগ্ৰেছৰ পৰা মাত্ৰ ১৫ খন আসন বিচাৰিছো। কিন্তু কংগ্ৰেছ নিজৰ স্থিতিত আঁকোৰগোজ। ইফালে কংগ্ৰেছে ১০০ খন আসনতো প্ৰতিদ্ধন্দিতা কৰিব আনহাতে নিজৰ পছন্দৰ সমষ্টি সমূহো কংগ্ৰেছকেই লাগিব। আমি বিচৰা সমষ্টি কেইটাও আমাক দিব বিচৰা নাই কংগ্ৰেছে। Read More- নাই, নহ'ব! কোনোপধ্যে ভূপেন বৰাক বিজেপিলৈ যাব নিদিয়ে অখিল গগৈয়েগতিকে আমি অসমৰ ৰাইজক জনাব বিচাৰিছো যে, আমি বহুত ধৈৰ্য ধৰিলো কিন্তু কংগ্ৰেছৰ কোনো কানসাৰ নাই। আৰু অপেক্ষা নকৰো। এতিয়া হয় ৰঙামাটি নহয় গুৱাহাটী। আমি বহুত চেষ্টা কৰিলো, বহুত কষ্ট কৰিলো কিন্তু ফলাফল শূণ্য। বিৰোধী ঐক্যক লৈ আমি ৰাইজৰ দলে বহু ত্যাগ কৰিলো। আমি কংগ্ৰেছৰ পৰা ৩ টা সংখ্যালঘু সমষ্টি বিচাৰিছিলো। কিন্তু কংগ্ৰেছে আমাক মাত্ৰ এটা সংখ্যালঘু সমষ্টি এৰি দিছে। কংগ্ৰেছৰ নেতাসকলে ভাৱে যে অসমৰ সংখ্যালঘু সমষ্টিবোৰ তেওঁলোকৰ বাপতিসাহোন।AdvertismentAdvertisment Read the Next Article