Advertisment

এপাৰ্টমেণ্টৰ কোঠাত উদ্ধাৰ যুৱকৰ মৃতদেহ

গুৱাহাটী মহানগৰীত সংঘটিত এক ভয়ংকৰ ঘটনা। জয়ানগৰৰ ইন্দ্ৰপ্ৰস্থ এপাৰ্টমেণ্টত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। জয়ানগৰৰ ইন্দ্ৰপ্ৰস্থ এপাৰ্টমেণ্টত উদ্ধাৰ হয় এজন যুৱকজনৰ নিথৰ দেহ।

এপাৰ্টমেণ্টৰ কোঠাত উদ্ধাৰ যুৱকৰ মৃতদেহ

গুৱাহাটী মহানগৰীত সংঘটিত এক ভয়ংকৰ ঘটনা। জয়ানগৰৰ ইন্দ্ৰপ্ৰস্থ এপাৰ্টমেণ্টত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। 

Advertisment

গুৱাহাটীৰ জয়ানগৰত সংঘটিত চাঞ্চল্যকৰ ঘটনা। এপাৰ্টমেণ্টৰ কোঠাত উদ্ধাৰ যুৱকৰ মৃতদেহ। জয়ানগৰৰ ইন্দ্ৰপ্ৰস্থ এপাৰ্টমেণ্টত উদ্ধাৰ হয় এজন যুৱকজনৰ নিথৰ দেহ। ইন্দ্ৰপ্ৰস্থ এপাৰ্টমেণ্টটোৰ প্ৰথম মহলাৰ ১০৪ কোঠাত উদ্ধাৰ ২৮ বছৰীয়া যুৱকজনৰ মৃতদেহটো। মৃত যুৱকজনৰ নাম মৰিয়ান চেতিয়া। মৰিয়ান চেতিয়াৰ ঘৰ শিৱসাগৰত বুলি জানিব পৰা গৈছে। 

Also Read: এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ!

নিশা প্ৰায় ২ বজাত ইন্দ্ৰপ্ৰস্থ এপাৰ্টমেণ্টত থকা এজন বন্ধুৰ কোঠালৈ গৈছিল মৰিয়ান চেতিয়া। নিশা দুই বন্ধু মিলি বাহিৰলৈ কেইবাবাৰো ওলাই গৈছিল। এপাৰ্টমেণ্টৰ নিৰাপত্তাৰক্ষীয়ে দেখিছিল বিলাসী বাহনেৰে দুই বন্ধু অহা-যোৱা কৰা। কিন্তু হঠাৎ বন্ধুৰ কোঠাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ সৃষ্টি হয় চাঞ্চল্যৰ। 

Also Read: শক্তি বিভাগৰ আজৱ কাণ্ড। আনহাতে স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত টকা নাইকিয়া হোৱাৰ অভিযোগ।

ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। বশিষ্ঠ আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে। ইফালে ফৰেনছিকৰ দলো ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে সমগ্ৰ ঘটনা সন্দৰ্ভত। 

উল্লেখ্য যে, ঘটনাৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব কেনেকৈ কি পৰিস্থতিত যুৱকজনৰ মৃত্যু হ'ল?

Advertisment
Advertisment