Advertisment

শিৱসাগৰ আৰক্ষীৰ ফোঁপোলাস্বৰূপ!

গণৰাজ্য দিৱসৰ আগদিনা উজনি অসমত চাঞ্চল্যকৰ ঘটনা। দিনদুপৰতে শিৱসাগৰৰ ৰাজপথত সংঘটিত হ'ল গুলীচালনাৰ ঘটনা। বাইক চোৰে গুলীচালনা কৰিলে এজন যুৱকলৈ। কথমপি প্ৰাণৰক্ষা যুৱকজনৰ। 

 শিৱসাগৰ আৰক্ষীৰ ফোঁপোলাস্বৰূপ! Photograph: (DY365)
শিৱসাগৰ আৰক্ষীৰ ফোঁপোলাস্বৰূপ! Photograph: (DY365)

শিৱসাগৰ আৰক্ষীৰ ফোঁপোলাস্বৰূপ!


দিনদুপৰতে ৰাজপথত গুলীচালনা বাইকচোৰৰ

গণৰাজ্য দিৱসৰ আগদিনা উজনি অসমত চাঞ্চল্যকৰ ঘটনা। দিনদুপৰতে শিৱসাগৰৰ ৰাজপথত সংঘটিত হ'ল গুলীচালনাৰ ঘটনা। বাইক চোৰে গুলীচালনা কৰিলে এজন যুৱকলৈ। কথমপি প্ৰাণৰক্ষা যুৱকজনৰ। 

Advertisment

ওলাই পৰিল শিৱসাগৰ আৰক্ষীৰ ফোঁপোলাস্বৰূপ! হাতে হাতে পিষ্টল লৈ ৰাজপথত টহল চোৰ–ডকাইতৰ। গণৰাজ্য দিৱসৰ পূৰ্বে উজনিত গুলীচালনাৰ ঘটনা। শিৱসাগৰৰ জাপিসজীয়াৰ ৰাজপথত বাইকচোৰে চলালে গুলী। মুস্তাকুৰ ৰহমান নামৰ এজন যুৱকলৈ লক্ষ্য কৰি বাইকচোৰৰ গুলীচালনা। 

Also Read: পিষ্টলসহ আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইত

খবৰ অনুসৰি শিৱসাগৰৰ ৰাজমাইৰ দেওবৰীয়া বজাৰৰ পৰা চুৰি হৈছিল এখন পালছাৰ বাইক। পালছাৰ বাইকখন ৰাখি গৰাকী ব্যস্ত আছিল বজাৰ কৰাত। বাইকখনৰ কাষত গৰাকী নথকাৰ সুযোগতে দুই চোৰে বাইকখন নিবলৈ চেষ্টা কৰে। বাইকখনৰগৰাকীয়ে সমগ্ৰ ঘটনা দেখি চিঞৰ-বাখৰ কৰাত বাইক লৈ পলায়ন কৰে চোৰ দুটাই। সেই সময়তে নিজৰ গাড়ীৰে গৈ আছিল মুস্তাকুৰ ৰহমান নামৰ যুৱকজন। তৎক্ষণাত মুস্তাকুৰ ৰহমানে খেদি গৈ পিছ লয় গাড়ী চোৰ দুটাৰ। গাড়ীৰে খেদি খেদি গৈ শিৱসাগৰৰ জাপিসজীয়া অঞ্চলত মুস্তাকুৰ ৰহমানে গাড়ীৰে বাইকখন আগভেটি ধৰে। বাইকখন আগভেটি ধৰাত গুলীচালনা কৰিবলৈ আৰম্ভ কৰে চোৰকেইটাই। গুলীচালনা কৰাত মুস্তাকুৰ ৰহমানে তৎক্ষণাত গাড়ীৰ ভিতৰতে শুই দিয়ে আৰু জীৱন ৰক্ষা কৰে। 

Also Read: জয়ৰ হেট্ৰিকেৰে বৰ্ষাপাৰাত শৃংখলা দখলৰ লক্ষ্য টীম ইণ্ডিয়াৰ

উল্লেখ্য যে, গুলীচালনাৰ ঘটনাৰে জড়িত দুই চোৰক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী। আমগুৰি আৰক্ষী থানাই মৰিয়নীৰ চেলেংহাটৰ পৰা আটক কৰে দুই চোৰক। গোলাঘাটৰ ৰামকৃষ্ণ দলে আৰু বিমান বৰাক আটক কৰে আমগুৰি আৰক্ষীয়ে। 

এই ভয়ংকৰ ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ শিৱসাগৰত চাঞ্চল্যই বিৰাজ কৰা দেখিবলৈ পোৱা যায়। গণৰাজ্য দিৱসৰ আগদিনা কেইফালে আৰক্ষীয়ে টহল দি থকাৰ মাজতে এই ঘটনা সংঘটিত হোৱাত চিন্তিত হৈ পৰিছে সাধাৰণ ৰাইজ। হাতে হাতে পিষ্টল লৈ অভিযানত নমা চোৰ–ডকাইতৰ কাণ্ডত শংকিত হৈ পৰিছে জনসাধাৰণ। এতিয়া প্ৰশ্ন উত্থাপন হৈছে শিৱসাগৰ আৰক্ষীৰ এয়াই নেকি পানী নসৰকা নিৰাপত্তা বেষ্টনী?

Advertisment
Advertisment