Assameseশক্তি বিভাগৰ আজৱ কাণ্ড। আনহাতে স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত টকা নাইকিয়া হোৱাৰ অভিযোগ।কাজিৰঙাত চাহ শ্ৰমিকৰ ঘৰত আজৱ ঘটনা। প্ৰথমে চাহ শ্ৰমিকৰ ঘৰত কোনো নথকাৰ সময়ত স্মাৰ্ট মিটাৰ সংযোজন কৰে শক্তি বিভাগে৷ গৃহস্থৰ অজ্ঞাতে স্মাৰ্ট মিটাৰ সংযোগ। আনহাতে স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত টকা নাইকিয়া হোৱাৰ অভিযোগ। Bandita Saikia Feb 20, 2026 13:39 ISTশক্তি বিভাগৰ আজৱ কাণ্ড। Photograph: (DY365)শক্তি বিভাগৰ আজৱ কাণ্ডগৃহস্থ নথকাতে দৰ্জা খুলি লগালে স্মাৰ্ট মিটাৰঘৰৰ পৰা সাচতীয়া ধন নাইকিয়া হোৱাৰ অভিযোগAdvertismentকাজিৰঙাত চাহ শ্ৰমিকৰ ঘৰত আজৱ ঘটনা। প্ৰথমে চাহ শ্ৰমিকৰ ঘৰত কোনো নথকাৰ সময়ত স্মাৰ্ট মিটাৰ সংযোজন কৰে শক্তি বিভাগে৷ গৃহস্থৰ অজ্ঞাতে স্মাৰ্ট মিটাৰ সংযোগ কৰাৰ অভিযোগ। আনহাতে ঘৰৰ ভিতৰৰ পৰা সাঁচতীয়া ধন কোনো লোকে হৰলুকি কৰাৰ কথা উল্লেখ কৰিলে ভোক্তভোগীয়ে ৷ যি সময়ত চাহ শ্ৰমিক সকলৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে বিভিন্ন আঁচনি, তেনে সময়তে শক্তি বিভাগৰ এনে নাভূত-নাশ্ৰুত কৰ্ম-কাণ্ডই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।কাজিৰঙাত হাতীখুলি চাহ বাগিচাৰ সমীপত বসবাস কৰা এগৰাকী ভুক্তভোগীৰ অভিযোগ মতে আনদিনাৰ দৰে ঘৰৰ দুৱাৰখন জপাই কৃষি কৰ্মৰ বাবে ওলাই গৈছিল দম্পতী ৷ কিন্তু পথাৰৰ পৰা ওভতি আহি জপাই থোৱা দুৱাৰ খন খোলখাই থকাৰ লগতে, পুৰণি মিটাৰৰ ঠাইত নতুন মিটাৰ দেখি হতবাক হৈ পৰিল দুয়ো৷ তাতে ঘৰৰ ভিতৰৰ পৰাই নোহোৱা হ’ল সযতনে থোৱা ৬ হাজাৰ টকা।একেদৰে চুবুৰীৰ কেইবা ঘৰতো একেধৰণেই স্মাৰ্ট মিটাৰ সংযোগ কৰাৰ কথা সংবাদ মাধ্যমক অৱগত কৰিলে ভুক্তভোগীয়ে ৷ আন এক অভিযোগ অনুসৰি স্মাৰ্ট মিটাৰৰ গ্ৰাহকৰ বিল পৰিশোধৰ লগতে এ পি ডি চি এলৰ মেছেজ লাভ কৰাৰ বাবে মোবাইল ফোন থকাটো প্ৰয়োজন ৷ কিন্তু মোবাইল ফোন নথকা এই লোক সকলৰ বাবে বিদ্যুৎ বিল লেনদেন কৰাতো সম্ভৱ নহ’ব৷ এনেক্ষেত্ৰত সাধাৰণ লোকৰ বিৰুদ্ধে শক্তি বিভাগে লোৱা পদক্ষেপৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় লোকসকলে৷ ইতিমধ্যে সমগ্ৰ বিষয়ৰ ওপৰত কঁহৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে ৷AdvertismentAdvertisment Read the Next Article