Advertisment

এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ!

এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ ৰাইজৰ! আজিপৰ্যন্ত চৰকাৰৰ জল জীৱন আঁচনিয়ে ঢুকি নোপোৱা এখন গাঁও। খোৱাপানীৰ নামত অস্বাস্থ্যকৰ পানী খাই জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে গাঁৱৰ ৰাইজে।

 এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ! Photograph: (DY365)
এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ! Photograph: (DY365)

এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ!


আজিপৰ্যন্ত চৰকাৰৰ জল জীৱন আঁচনিয়ে ঢুকি নোপোৱা এখন গাঁও

এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ ৰাইজৰ! আজিপৰ্যন্ত চৰকাৰৰ জল জীৱন আঁচনিয়ে ঢুকি নোপোৱা এখন গাঁও। খোৱাপানীৰ নামত অস্বাস্থ্যকৰ পানী খাই জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে গাঁৱৰ ৰাইজে। বছৰ বছৰ ধৰি অস্বাস্থ্যকৰ পানী খাই জীৱন নিৰ্বাহ কৰি আহিছে এইখন গাঁৱৰ ৰাইজে। 

Advertisment

একবিংশ শতিকাতো আদিম যুগৰ দৰে নাদ-নৈৰ পানী সেৱন কৰি জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য হৈছে  ধেমাজিৰ জোনাইৰ গিনে মহমৰা গাঁৱৰ ৰাইজে। জোনাই সদৰৰ গাতে লাগি থকা গিনে মহমৰাৰ গাঁওখনত আছে প্ৰায় দুশ ঘৰ পৰিয়াল। এই গাঁওখনৰ বাবে এতিয়া নাদ-নদীৰ পানীয়ে শেষ ভৰসা হৈ পৰিছে। কিয়নো বৰ্তমান গাঁৱখনত থকা কুঁৱাসমূহ শুকাই যোৱাত বিশুদ্ধ খোৱা পানীৰ সমস্যাই দেখা দিছে। কুঁৱাসমূহ শুকাই যোৱাৰ লগতে গাঁওখনৰ কাষৰে বৈ যোৱা নৈখনো ক্ৰমান্বয়ে শুকাই যোৱাত চৰম সংকটৰ সন্মুখীন হৈছে ৰাইজ। 

এতিয়া নাদ-নৈৰ লেতেৰা পানী সেৱন কৰাৰ উপৰি দৈনন্দিন আন আন কাম-কাজতো সেই পানীয়েই ব্যৱহাৰ কৰিবলগীয়া হৈছে এইসকল ৰাইজে। লেতেৰা অস্বাস্থ্যসন্মত পানী ব্যৱহাৰৰ ফলত ইতিমধ্যে গাঁৱৰ বহু লোক নানান ৰোগত আক্ৰান্ত হোৱা বুলি গঞা ৰাইজে উল্লেখ কৰে।
   
ইফালে বিশুদ্ধ খোৱা পানীৰ অভাৱ দূৰ কৰিবলৈ স্থানীয় বিধায়ক, জনপ্ৰতিনিধি আৰু সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষক জল জীৱন মিছন আঁচনিৰ অধীনত পানী যোগান ব্যৱস্থা স্থাপন কৰিবলৈ বাৰম্বাৰ আবেদন জনোৱাৰ পিছতো এতিয়ালৈ কোনো সুফল নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে। 

সেয়ে পুনৰ গাঁওবাসীয়ে ভুগি অহা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰৰ লগতে স্থানীয় বিধায়কক বিশুদ্ধ খোৱা পানীৰ সু-ব্যৱস্থা কৰি দিবলৈ ৰাইজে আহ্বান জনাইছে। 

উল্লেখ্য যে, ২০২৪ চনৰ ভিতৰত গ্ৰামীণ ভাৰতৰ প্ৰতিটো পৰিয়ালত কল সংযোগৰ জৰিয়তে বিশুদ্ধ আৰু পৰ্যাপ্ত খোৱাপানী নিশ্চিত কৰাৰ উদ্দেশ্যৰে চৰকাৰে আৰম্ভ কৰা জল জীৱন মিছন আঁচনিৰ সুবিধা কেতিয়া লাভ কৰিব গাঁৱৰ ৰাইজে এতিয়া সেইটো হৈ পৰিছে এক ডাঙৰ প্ৰশ্ন।  

Advertisment
Advertisment