Assameseবিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকাক লৈ মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোঘণাবৃহস্পতিবাৰে তেজপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই বিজেপিৰ প্ৰাৰ্থী তালিকা সন্দৰ্ভত কৰিলে ডাঙৰ ঘোষণা। উৎকণ্ঠাৰ অৱসান ঘটাই মুখ্যমন্ত্ৰীয়ে বিজেপিৰ প্ৰাৰ্থী তালিকাক লৈ কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য।Estafur Rahman Feb 19, 2026 20:22 ISTবিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকাক লৈ মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোঘণাAlso Read....নিৰ্বাচনৰ ঠিক আগতেই হিতাধিকাৰীক নগদ ধন দিয়া আঁচনিক তীব্ৰ সমালোচনা উচ্চতম ন্যায়ালয়ৰAdvertismentৰাজ্যত এতিয়া নিৰ্বাচনমুখী পৰিৱেশ। প্ৰতিটো ৰাজনৈতিক দলেই সাজু হৈছে নিজা নিজা ৰণনীতি হাতত লৈ। শাসকীয় দল পুনৰ ক্ষমতা দখলৰ লক্ষ্য লৈ ইতিমধ্যে ৰণকৌশল প্ৰস্তুত কৰি নামি পৰিছে প্ৰচাৰ অভিযানত। এনে পৰিস্থিতিত বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশে নিৰ্বাচনী সমীকৰণত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব বুলিও আশা কৰিব পাৰি।বৃহস্পতিবাৰে তেজপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই বিজেপিৰ প্ৰাৰ্থী তালিকা সন্দৰ্ভত কৰিলে ডাঙৰ ঘোষণা। উৎকণ্ঠাৰ অৱসান ঘটাই মুখ্যমন্ত্ৰীয়ে বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ দিন সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই কয় যে আৰু ৭-৮ দিনৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ পাব। তেজপুৰত অনুষ্ঠিত এক কাৰ্যসূচীৰ অন্তত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “মই ভাবো যে আৰু ৭দিনৰ ভিতৰত প্ৰাৰ্থী ঘোষণা হৈ যাব।”Also Read...আজি নিশা অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহমুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছতেই ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ আৰু অধিক গতিশীল কৰি তুলিছে। নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহে প্ৰস্তুতি তীব্ৰ কৰাৰ মাজতে বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ সময়সীমা স্পষ্ট হোৱাত কৰ্মী-সমৰ্থকসকলৰো মাজতো বৃদ্ধি পাইছে উৎসাহ।মুখ্যমন্ত্ৰীয়ে লগতে আৰু উল্লেখ কৰি কয় যে, দলৰ ভিতৰত প্ৰাৰ্থী নিৰ্বাচন প্ৰক্ৰিয়া প্ৰায় আমাৰ অন্তিম পৰ্যায়ত উপনীত হৈছে। জয়ৰ সম্ভাৱনা প্ৰাৰ্থীক প্ৰাধান্য দি প্ৰস্তুত কৰা হৈছে তালিকা। লগতে কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনা অব্যাহত থকাৰ কথাও উল্লেখ কৰে। উল্লেখযোগ্য যে আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে ৰাজ্যত আগমন ঘটিছে শাসক-বিৰোধী দলৰ হাইপ্ৰফাইল নেতাৰ। ইপিনে, গুৱাহাটীৰ হোটেল গে’টৱে’ গ্ৰেণ্ডিউৰত আজি অনুষ্ঠিত হৈছে অসম সন্মিলিত মৰ্চাৰ এখন বৈঠক। এই বৈঠকত বিৰোধী ঐক্যক লৈ আলোচনা কৰা হয়। আলোচনাৰ শেষত সাংবাদিকৰ আগত অখিল গগৈ আৰু অজিত ভূঞাই কয় যে দুই এদিনতে বিৰোধী ঐক্যৰ সকলো জল্পনা কল্পনাৰ অন্ত পৰিব।Also Read...থলুৱাভাৱে উৎপাদিত সামগ্ৰীৰে স্বাৱলম্বিতাৰ নিদৰ্শনAdvertismentAdvertisment Read the Next Article