Assameseনিৰ্বাচনৰ ঠিক আগতেই হিতাধিকাৰীক নগদ ধন দিয়া আঁচনিক তীব্ৰ সমালোচনা উচ্চতম ন্যায়ালয়ৰনিৰ্বাচনৰ প্ৰাকক্ষণত বিভিন্ন ৰাজ্য চৰকাৰে ঘোষণা কৰা বিনামূলীয়া আঁচনিক লৈ উচ্চতম ন্যায়ালয়ৰ সকীয়নি। এই বিনামূলীয়া আঁচনিৰ বিৰুদ্ধে বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে এক অত্যন্ত কঠোৰ স্থিতি গ্ৰহণ কৰে।Estafur Rahman Feb 19, 2026 18:20 ISTনিৰ্বাচনৰ ঠিক আগতেই হিতাধিকাৰীক নগদ ধন দিয়া আঁচনিক তীব্ৰ সমালোচনা উচ্চতম ন্যায়ালয়ৰAdvertismentনিৰ্বাচনৰ প্ৰাকক্ষণত বিভিন্ন ৰাজ্য চৰকাৰে ঘোষণা কৰা বিনামূলীয়া আঁচনিক লৈ উচ্চতম ন্যায়ালয়ৰ সকীয়নি। এই বিনামূলীয়া আঁচনিৰ বিৰুদ্ধে বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে এক অত্যন্ত কঠোৰ স্থিতি গ্ৰহণ কৰে। দেশৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠে মৌখিক পৰ্যবেক্ষণত কয়, নিৰ্বাচনৰ ঠিক আগে আগে এনেধৰণৰ আঁচনি ঘোষণা কৰাৰ প্ৰৱণতাই দেশৰ দীৰ্ঘম্যাদী অৰ্থনৈতিক উন্নয়নত বহু বাধাৰ সৃষ্টি কৰিব পাৰে। আদালতৰ মতে যিসকলৰ সামৰ্থ আছে আৰু যিসকলৰ নাই তেওঁলোকৰ মাজত কোনো পাৰ্থক্য নৰখাকৈ এনেদৰে চৰকাৰী সুবিধা বিলোৱাটো কেৱল তোষণৰ ৰাজনীতিহে। Also Read......আজি নিশা অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহমুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ বিপুল পাঞ্চোলীৰ বিচাৰপীঠে এই মন্তব্য কৰে। মুখ্য ন্যায়াধীশে প্ৰশ্ন উত্থাপন কৰি কয় যে যদি নিৰ্বাচনৰ আগে আগে পোনপটীয়াকৈ বেংক একাউণ্টত টকা সোমাই দিয়াৰ দৰে আঁচনি ঘোষণা কৰা হয় তেন্তে মানুহে কাম কৰিবলৈ ইচ্ছা কৰিবনে? এনে আঁচনিৰ জৰিয়তে মানুহৰ কৰ্মৰ পৰা দূৰত লৈ যোৱা হয়। কল্যাণকামী ৰাষ্ট্ৰ হিচাপে দুখীয়া আৰু প্ৰান্তীয় শ্ৰেণীক সহায় কৰাটো চৰকাৰৰ দায়িত্ব কিন্তু ধনী আৰু সামৰ্থ্যবান লোকসকলকো একেধৰণৰ বিনামূলীয়া সুবিধা দিয়াটো একপ্ৰকাৰ যুক্তিহীন।লগতে আদালতে আৰু কয় নিৰ্বাচনৰ আগে আগে ৰাজ্যসমূহ ৰাজহ নাটনিত চলি থকাৰ পিছতো নিৰ্বাচনৰ সময়ত কাপোৰ, খাদ্য বা নগদ ধন বিলোৱাত ব্যস্ত হৈ পৰে। আচলতে এই ধন ৰাস্তা-ঘাট, চিকিৎসালয় , স্কুল নিৰ্মাণৰ দৰে উন্নয়নমূলক কামতহে ব্যৱহাৰ হ’ব লাগিছিল। মুখ্য ন্যায়াধীশে আক্ষেপেৰে কয় যে, যদি মানুহে পুৱাৰ পৰাই বিনামূলীয়া খাদ্য, গেছ আৰু বিজুলী লাভ কৰে তেন্তে কাম কৰাৰ মানসিকতা গঢ়ি নুঠিব আৰু ইয়াৰ ফলত জাতি গঠনৰ কামত বহু ব্যাঘাত জন্মিব। চৰকাৰসমূহে এনে নীতিৰ ওপৰত পুনৰ বিবেচনা কৰাৰ এতিয়া সময় আহি পৰিছে বুলিও বিচাৰপীঠে মন্তব্য কৰে।Also Read....প্ৰিয়ংকা-অমিত শ্বাহ-শিৱকুমাৰ-নীতিন নবীন ব্যস্ত অসমত। ৰাজ্যত নিৰ্বাচনী বতাহ তুংগতউচ্চতম ন্যায়ালয়ে ৰাজনৈতিক দল আৰু সমাজৰ বঢ়মুৰীয়া সকলে এই বিষয়ত চিন্তা কৰিবলৈ আহ্বান জনাই আৰু কয় যে মানুহক স্বাভিমানী কৰি তোলাৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাটোহে বেছি প্ৰয়োজনীয়। কেৱল নিৰ্বাচন জিকিবৰ বাবে চৰকাৰী ধনৰ অপব্যৱহাৰ কৰিলে দেশৰ অৰ্থনীতি দুৰ্বল হৈ পৰিব বুলি আদালতে সকীয়াই দিয়ে। এই বিষয়টো গুৰুত্বসহকাৰে লৈ আদালতে কেন্দ্ৰীয় চৰকাৰকো জাননী জাৰি কৰিছে আৰু বিষয়টোৰ ওপৰত বিতং শুনানিৰ বাবে সন্মতি প্ৰকাশ কৰিছে।Also Read..থলুৱাভাৱে উৎপাদিত সামগ্ৰীৰে স্বাৱলম্বিতাৰ নিদৰ্শনAdvertismentAdvertisment Read the Next Article