Advertisment

প্ৰিয়ংকা-অমিত শ্বাহ-শিৱকুমাৰ-নীতিন নবীন ব্যস্ত অসমত। ৰাজ্যত নিৰ্বাচনী বতাহ তুংগত

ৰাজ্যত এতিয়া নিৰ্বাচনী ব্যস্ততা তুংগত উঠিছে। আনুষ্ঠানিকভাৱে নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও অসমলৈ আগমন ঘটিছে ইজনৰ পাছত সিজন হাইপ্ৰ’ফাইল নেতাৰ।

 প্ৰিয়ংকা-অমিত শ্বাহ-শিৱকুমাৰ-নীতিন নবীন ব্যস্ত অসমত। ৰাজ্যত নিৰ্বাচনী বতাহ তুংগত

প্ৰিয়ংকা-অমিত শ্বাহ-শিৱকুমাৰ-নীতিন নবীন ব্যস্ত অসমত। ৰাজ্যত নিৰ্বাচনী বতাহ তুংগত..

Advertisment

Also Read......অসমত পুনৰ মৰেল পুলিচিঙৰ ঘটনা

ৰাজ্যত এতিয়া নিৰ্বাচনী ব্যস্ততা তুংগত উঠিছে। আনুষ্ঠানিকভাৱে নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও অসমলৈ আগমন ঘটিছে ইজনৰ পাছত সিজন হাইপ্ৰ’ফাইল নেতাৰ।

১৮ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন উপস্থিত হৈ পৃষ্ঠপ্ৰমুখৰ সন্মিলনত অংশ লৈছিল। ১৯ ফেব্ৰুৱাৰীৰ পুৱাৰ ভাগতে বৰঝাৰত আহি উপস্থিত হয়হি কৰ্ণাটকৰ উপমুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ। বৰঝাৰৰ পৰা শিৱকুমাৰে পোনে পোনে কামাখ্যালৈ গৈ মা কাম্যাখ্যাৰ আশিস লয়। তাৰ পাছত কেইবাখনো নিৰ্বাচনকেন্দ্ৰিক গুৰুত্বপূৰ্ণ বৈঠকত ভাগ ল’বলৈ ৰাজীৱ ভৱনলৈ ৰাওনা হয় কৰ্ণাটকৰ উপমুখ্যমন্ত্ৰীগৰাকী। 

Also Read....সলনি হ'ব আধাৰ কাৰ্ড ! নতুন আধাৰকাৰ্ডৰ ডিজাইন কেনেকুৱা হ'ব ?

Advertisment

ইফালে কৰ্ণাটকৰ উপমুখ্যমন্ত্ৰীগৰাকীৰ পাছতেই গুৱাহাটীত উপস্থিত হয়হি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। বৰঝাৰৰ পৰা পোনে পোনে মা কামাখ্যা মন্দিৰ দৰ্শন কৰি প্ৰিয়ংকা গান্ধী ৰাজীৱ ভৱনত উপস্থিত হয়। কামাখ্যা মন্দিৰত প্ৰিয়ংকা গান্ধীক সংগ দিয়ে গৌৰৱ গগৈকে ধৰি দলটোৰ কেইবাগৰাকী জ্যেষ্ঠ নেতাই। ৰাজীৱ ভৱনত কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত দলটোৰ বিষয়ববীয়াৰ সৈতে অংশ লয় প্ৰিয়ংকাই। 

দুপৰীয়াৰ ভাগলৈ দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত আয়োজিত এক অনুষ্ঠানত বিজেপিৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছে প্ৰকাশ কৰা এখন ইস্তাহাৰ পত্ৰ উন্মোচন কৰে প্ৰিয়ংকাই। তাতেই সংবাদমাধ্যমৰ সৈতে মুখামুখি হয় কংগ্ৰেছ নেত্ৰীগৰাকী। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে প্ৰিয়ংকা গান্ধী। 

Also Read....ডিব্ৰুগড়ৰ পৰা দিছপুৰ দখলৰ হুংকাৰ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ।

Advertisment


আনফালে ১৯ ফেব্ৰুৱাৰীৰ সন্ধিয়াৰ ভাগলৈ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ১৯ ফেব্ৰুৱাৰীৰ পৰা ২১ ফেব্ৰুৱাৰীলৈ অসমত থাকিব শ্বাহ। পোনে পোনে শিলচৰত উপস্থিত হৈ  গৃহমন্ত্ৰীগৰাকীয়ে আৰক্ষীৰ অতিথিগৃহত নিশাটো কটাব। তাৰ পৰা ২০ ফেব্ৰুৱাৰীত ভাইব্ৰেইন ভিলেজ প্ৰগ্ৰাম-২ত অংশ ল’ব অমিত শ্বাহে। 

নাথানপুৰত অমিত শ্বাহে এখন বিশাল ৰাজহুৱা সভাতো অংশ ল’ব। এই উপলক্ষে প্ৰায় ১০০ বিঘা মাটিত সজা হৈছে বিশাল মণ্ডপ। আন্তঃৰাষ্ট্ৰীয় সীমান্তও পৰিদৰ্শন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। 

Also Read...কংগ্ৰেছৰ দুই বিধায়কৰ সদস্যপদ খাৰিজৰ দাবীত উত্তপ্ত হৈ পৰে বিধানসভাৰ মজিয়া

Advertisment

ইফালে ১৯ ফেব্ৰুৱাৰীত মৰাণ জনগোষ্ঠীৰ নামঘৰত সেৱা লৈ তিনিচুকীয়াৰ পৰা দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে। তিনিচুকীয়াত ৰাষ্ট্ৰীয় সভাপতিগৰাকীক উষ্ম আদৰণি জনোৱা হয়। তেওঁ তিনিচুকীয়াৰ গুইজানলৈ যোৱাৰ লগতে মৰাণ ৰজা সৰ্বানন্দ সিংহৰ সমাধি দৰ্শন কৰে।

Advertisment
Advertisment