Advertisment

কংগ্ৰেছৰ দুই বিধায়কৰ সদস্যপদ খাৰিজৰ দাবীত উত্তপ্ত হৈ পৰে বিধানসভাৰ মজিয়া

কংগ্ৰেছৰ দুই বিধায়কৰ সদস্যপদ খাৰিজৰ দাবীত বুধবাৰে অসম বিধানসভাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। কংগ্ৰেছ দল ত্যাগ কৰা এই দুই বিধায়কৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত সদন ত্যাগ কৰে বিৰোধী দলটোৱে।

 কংগ্ৰেছৰ দুই বিধায়কৰ সদস্যপদ খাৰিজৰ দাবীত উত্তপ্ত হৈ পৰে বিধানসভাৰ মজিয়া

কংগ্ৰেছৰ দুই বিধায়কৰ সদস্যপদ খাৰিজৰ দাবীত উত্তপ্ত হৈ পৰে বিধানসভাৰ মজিয়া

Advertisment

Also Read......ভূপেন বৰাই বিজেপিত কি সন্মান পাব? প্ৰশ্ন গৌৰৱ গগৈৰ


শেহতীয়াকৈ ৰাইজৰ দলত যোগদান কৰা কংগ্ৰেছৰ দুই বিধায়কৰ সদস্যপদ খাৰিজৰ দাবীত বুধবাৰে অসম বিধানসভাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।কংগ্ৰেছ দল ত্যাগ কৰা এই দুই বিধায়কৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত সদন ত্যাগ কৰে বিৰোধী দলটোৱে।

বুধবাৰে সদনৰ কাম-কাজ আৰম্ভ হোৱাৰ লগে লগে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৰাইজৰ দলত যোগদান কৰা দুই বিধায়ক আব্দুৰ ৰছিদ মণ্ডল আৰু শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে দাখিল কৰা জাননী সন্দৰ্ভত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ পৰা এক ৰুলিং বিচাৰে। বাঘবৰ সমষ্টি আৰু গোৱালপাৰা পশ্চিম সমষ্টিৰ পৰা তিনিবাৰকৈ নিৰ্বাচিত হোৱা এই দুই বিধায়কক পূৰ্বতে কংগ্ৰেছে নিলম্বন কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁলোকে অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলত যোগদান কৰে। 

Also Read...১৫ লাভ ভোটত পৰাস্ত হ’ব ৰকিবুল হুছেইন, চেলেঞ্জ আজমলৰ

অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এই সন্দৰ্ভত কয় যে তেওঁ এইমাত্ৰহে জাননীসমূহ লাভ কৰিছে আৰু বিষয়টো পৰীক্ষা কৰিবলৈ তেওঁক কিছু সময়ৰ প্ৰয়োজন হ‘ব। দেৱব্ৰত শইকীয়াই সদনত যুক্তি দৰ্শাই যে দলে বিধায়ক দুজনক আনুষ্ঠানিকভাৱে বহিষ্কাৰ কৰা নাছিল যদিও সংবিধানৰ দশম অনুসূচী (Anti-Defection Law) অনুসৰি তেওঁলোকৰ সদস্যপদ খাৰিজৰ বাবে অধ্যক্ষই প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে। অধ্যক্ষই তাৎক্ষণিকভাৱে কোনো সিদ্ধান্ত দিবলৈ অস্বীকাৰ কৰাত অসন্তুষ্ট হৈ প্ৰশ্নোত্তৰ কালতে কংগ্ৰেছৰ সদস্যসকলে সদন ত্যাগ কৰে।

ইয়াৰ পাছতে সংবাদ মাধ্যমক সম্বোধন কৰি বিৰোধী দলপতিগৰাকীয়ে কয় যে, যোৱা চাৰি বছৰ ধৰি দলবিৰোধী কাৰ্যকলাপত লিপ্ত হোৱা কেইবাজনো বিধায়কৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণসহ সদস্যপদ খাৰিজৰ আবেদন জনোৱা হৈছে। এই তালিকাত কমলাক্ষ দে পুৰকায়স্থ, বসন্ত দাস, শশীকান্ত দাস, ছিদ্দিক আহমেদ আৰু শ্বেৰমান আলী আহমেদৰ নাম আছে।

Also Read....ৰঙাপৰাত আটছাৰ উত্তাল প্ৰতিবাদ

মহাৰাষ্ট্ৰ আৰু মণিপুৰ বিধানসভাৰ উদাহৰণ দি শইকীয়াই কয় যে, উচ্চতম ন্যায়ালয়েও এনে আৱেদনসমূহ “যুক্তিসংগত সময়ৰ” ভিতৰত মীমাংসা কৰিবলৈ নিৰ্দেশ দিছে। তেওঁ অভিযোগ কৰে যে অধ্যক্ষগৰাকী চৰকাৰৰ চাপত আছে আৰু বিৰোধীক দুৰ্বল কৰাৰ উদ্দেশ্যেই এই আবেদনসমূহৰ ওপৰত কোনো কাৰ্যব্যৱস্থা গ্ৰহণ কৰা নাই।

Advertisment
Advertisment