Assameseৰঙাপৰাত আটছাৰ উত্তাল প্ৰতিবাদশোণিতপুৰৰ ৰঙাপৰাৰ সম জিলা আয়ুক্ত কাৰ্যালয়ৰ সমুখত আটছাৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ। বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে। Jyotiprasad Sarma Feb 18, 2026 15:55 ISTৰঙাপৰাত আটছাৰ উত্তাল প্ৰতিবাদ Photograph: (DY365)ৰঙাপৰাত আটছাৰ উত্তাল প্ৰতিবাদচাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীশোণিতপুৰৰ ৰঙাপৰাৰ সম জিলা আয়ুক্ত কাৰ্যালয়ৰ সমুখত আটছাৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ। বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে। Advertismentশোণিতপুৰৰ ৰঙাপৰাৰ সম জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাই। আটছাৰ শোণিতপুৰ জিলা আৰু তেজপুৰ শাখা সমিতিৰ উদ্যোগত বিন্দুকুৰী, ৰঙাপৰা, পৰুৱা, বালিপৰা উপশাখা আৰু সমূহ প্রাথমিক গোটৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। Also Read: এটা ছাউণ্ড ছিষ্টেম আৰু এটা হত্যাকাণ্ড!চাহ বাগিচাৰ মালিক পক্ষই শ্রমিকসকলক ভূমি আবণ্টন প্ৰদান কৰাৰ চৰকাৰী সিদ্ধান্তক বিৰোধিতা কৰাৰ প্ৰতিবাদত, ন্যূনতম মজুৰি আইন ১৯৪৮ অনুসৰি চাহ শ্ৰমিকৰ দৈনিক মজুৰি প্ৰদান কৰা, চাহ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ দাবীত তিনি ঘণ্টিয়া ধর্ণা কার্যসূচী ৰূপায়ণ কৰে। Also Read: কেৱল নিজৰ স্বাৰ্থৰ বাবে ৰাজনীতি কৰিছিল ভূপেন বৰাই, সৰৱ মীৰা বৰঠাকুৰAdvertismentপ্ৰতিবাদীকাৰীসকলে হাতে হাতে বেনাৰ-প্লেকাৰ্ড লৈ চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰক, মালিকপক্ষ হুঁচিয়াৰ, চাহ শ্ৰমিক জিন্দাবাদ, আমাৰ দাবী মানিবই লাগিবই, অসম চৰকাৰ হুঁচিয়াৰ, অসম চৰকাৰ হায় হায়, ন' এছ টি ন' ৰেষ্ট, আদিবাসীক জনজাতিকৰণ প্ৰদান কৰক, অসম চৰকাৰ লেই লেই চেই চেই, আটছা জিন্দাবাদ আদি ভিন্ন শ্লোগানেৰে ৰঙাপৰা সম জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদৰ পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে। ৰাজ্য চৰকাৰে চাহ শ্ৰমিকৰ মূল সমস্যাসমূহ সমাধান কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে আটছাই। Also Read: কংগ্ৰেছত আছে পত্ৰ লিখা বিধায়ক, ক্ষোভ ৰেজাউলৰ Read More AdvertismentAdvertisment Read the Next Article