Assameseএটা ছাউণ্ড ছিষ্টেম আৰু এটা হত্যাকাণ্ড!দৰং জিলাৰ কলাইগাঁৱৰ উদমাৰিত সংঘটিত চাঞ্চল্যকৰ, শিহৰণকাৰী ঘটনা। ককায়েকৰ হাতত প্ৰাণ গ'ল নিজ ভাতৃৰ। ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি তীব্ৰ চাঞ্চল্যৰ।Jyotiprasad Sarma Feb 18, 2026 14:52 ISTএটা ছাউণ্ড ছিষ্টেম আৰু এটা হত্যাকাণ্ড! Photograph: (DY365)এটা ছাউণ্ড ছিষ্টেমআৰু এটা হত্যাকাণ্ড!দৰং জিলাৰ কলাইগাঁৱৰ উদমাৰিত সংঘটিত চাঞ্চল্যকৰ, শিহৰণকাৰী ঘটনা। ককায়েকৰ হাতত প্ৰাণ গ'ল নিজ ভাতৃৰ। ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি তীব্ৰ চাঞ্চল্যৰ।Advertismentদৰং জিলাৰ উদমাৰিত সংঘটিত এক শোকাৱহ হত্যাকাণ্ড! ছাউণ্ড ছিষ্টেম বন্ধ কৰিবলৈ কোৱাৰ বাবেই ককায়েকৰ হাততে নিহত হ’ল নিজ ভাতৃ। এই ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। Also Read: আজি আলি আ:য়ে লৃগাংখবৰ অনুসৰি কলাইগাঁৱৰ উদমাৰিৰৰ নিত্যানন্দ শৰ্মা নামৰ লোকজনে ছোৱালীৰ পৰীক্ষা চলি থকাৰ বাবে ছাউণ্ড ছিষ্টেম বন্ধ কৰিবলৈ কৈছিল ককায়েক সৰ্বানন্দ শৰ্মা আৰু লক্ষ্যজ্যোতি শৰ্মাক। মেট্ৰিক পৰীক্ষাৰ্থী কন্যাৰ পঢ়াত ব্যাঘাত জন্মাত বন্ধ কৰিবলৈ কৈছিল ছাউণ্ড ছিষ্টেম। ছাউণ্ড ছিষ্টেম বন্ধ কৰিবলৈ কোৱাৰ বাবে সৰ্বানন্দ শৰ্মা আৰু লক্ষ্যজ্যোতিৰ পৰিয়ালৰ সৈতে বাক-বিতণ্ডা লাগে নিত্যানন্দ শৰ্মাৰ সৈতে। এই বাক-বিতণ্ডাই ধাৰণ কৰে ভয়ংকৰ ৰূপ। যাৰ ফলত ককায়েক সৰ্বানন্দ শৰ্মা আৰু লক্ষ্যজ্যোতি শৰ্মাই ভাতৃ নিত্যানন্দ শৰ্মাৰ মূৰত কোবাই আঘাত কৰি হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মঙলবাৰে নিশা প্ৰায় ৯ মান বজাত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। Also Read: গেৰুৱা বসন পিন্ধিব ভূপেন বৰাইঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় মঙলদৈ আৰক্ষী। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰে ঘটনাৰ তদন্ত। ইতিমধ্যে অভিযুক্ত লক্ষ্যজ্যোতি শৰ্মা, সৰ্বানন্দ শৰ্মা আৰু পৰিয়ালৰ আন সদস্যসকলক আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে সোধা-পোছা। উল্লেখ্য যে, কলাইগাঁৱৰ উদমাৰিত সংঘটিত এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলজুৰি সৃষ্টি হয় এক হুৱাদুৱা পৰিৱেশৰ। AdvertismentAdvertisment Read the Next Article