Assameseআজি আলি আ:য়ে লৃগাংআজি ফাগুন মাহৰ প্ৰথমটো বুধবাৰ। ফাগুন মাহৰ প্ৰথমটো বুধবাৰে মিচিং জনগোষ্ঠীয় লোকসকলে উদযাপন কৰে আলি আ:য়ে লৃগাং। ৰাজ্যৰ মিচিং জনগোষ্ঠীয় লোকৰ বসতিপ্ৰধান অঞ্চলত আলি আ:য়ে লৃগাঙৰ আয়োজন। চৌদিশে উখল-মাখল পৰিৱেশ। Jyotiprasad Sarma Feb 18, 2026 14:11 ISTআজি আলি আ:য়ে লৃগাং Photograph: (DY365)আজি আলি আ:য়ে লৃগাংমিচিং জনগোষ্ঠীয় লোকসকলৰ মাজত ব্যাপক উছাহলঠঙা গছত কুঁহিপাত, পলাশ-শিমলুৰ ৰঙা আভা আৰু বসন্তৰ আগলি বতৰা লৈ পুনৰ ধৰালৈ নামি আহিছে ফাগুন। আজি ফাগুন মাহৰ প্ৰথমটো বুধবাৰ। ফাগুন মাহৰ প্ৰথমটো বুধবাৰে মিচিং জনগোষ্ঠীয় লোকসকলে উদযাপন কৰে আলি আ:য়ে লৃগাং। ৰাজ্যৰ মিচিং জনগোষ্ঠীয় লোকৰ বসতিপ্ৰধান অঞ্চলত আলি আ:য়ে লৃগাঙৰ আয়োজন। চৌদিশে উখল-মাখল পৰিৱেশ। Advertismentআজি ফাগুনৰ প্ৰথমটো বুধবাৰে মিচিং জনগোষ্ঠীয় লোকৰ পৰম্পৰা উত্সৱ আলি আঃয়ে লৃগাং। আলি আঃ য়ে লৃগাঙৰ বাবে দেখা গৈছে মিচিং ডেকা-গাভৰুৰ মাজত পাৰভঙা উছাহ। আলি আঃয়ে লৃগাং উপলক্ষে প্ৰস্তুত কৰিছে পৰম্পৰা খাদ্য আৰু পৰম্পৰাগত সাজপানী। কামৰ মাজতে ডেকা-গাভৰুসকলে জুৰিছে গীত। ঐনিতমৰ সুৰ আৰু গুমৰাগৰ নৃত্যত উখল-মাখল পৰিৱেশ। কৃষিভিত্তিক এই উত্সৱক লৈ মিচিং জনগোষ্ঠীয় লোকসকলৰ মাজত দেখিবলৈ পোৱা গৈছে আনন্দ-উল্লাস। আলি আ:য়ে লৃগাং মিচিংসকলৰ এক কৃষিভিত্তিক উৎসৱ। প্ৰত্যেক বছৰৰ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে এই উৎসৱ পালন কৰা হয়। বুধবাৰটোক মিচিংসকলে অতি শুভ আৰু লখিমী বুলি বিবেচনা কৰে। এই দিনটোৰ পৰাই তেওঁলোকে আহুধানৰ বীজ সিঁচিবলৈ আৰম্ভ কৰে। শস্যৰ অধিক উৎপাদন কামনা কৰিয়েই নৈপৰীয়া মিচিংসকলে এই উৎসৱ পালন কৰে। নৃগাং উৎসৱে বিভিন্নজনৰ মাজত ঐক্য আৰু সম্প্ৰীতিৰ সাঁকো গঢ়ি, কৃষিকৰ্মৰ বাবে নিয়োজিত হ'বলৈ সকলো মিচিং লোককে সক্ৰিয় আৰু কৰ্মঠ কৰি তোলে। উৎসৱৰ দিনা ভাত, বৰা চাউল আৰু ছাই মদ আগবঢ়াই 'দঞিপল' (সূৰ্য-চন্দ্ৰ)ৰ নাম লৈ স্তুতি গীত আওৰায়। এই স্তুতি গীত পূৰ্বপুৰুষৰ মৃতআত্মাক সন্তুষ্ট কৰাৰ কামনাৰে গোৱা হয়। লগতে শস্যক্ষেত্ৰত যাতে উৎপাদন ভাল হয় আৰু পৰিয়ালৰ সকলোৰে যাতে কুশল-মংগল হয়, তাৰে কামনাৰেও এই প্ৰাৰ্থনা গোৱা হয়। সেইদিনা বৰা চাউলৰ 'পুৰাং', কৌপাতত বান্ধি সিজোৱা ভাত, মাছ, গাহৰিৰ মাংস, আপং আদিৰে ভোজন পৰ্ব কৰা হয়। এই উৎসৱত পৰঃ আপং ব্যৱহাৰ কৰা হয়।আজি অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিং সকলৰ কৃষিভিত্তিক উৎসৱ আলি আ:য়ে লৃগাং। বিহপুৰীয়াৰ সোৱণশিৰি আৰু ডিক্ৰং পৰীয়া মিচিং বসতি প্ৰধান অঞ্চলসমূহত উলহ-মালহেৰে পালন কৰা হৈছে আলি আ:য়ে লৃগাং। বিহপুৰীয়াৰ বদতিত আঞ্চলিক ভিত্তিত আয়োজন কৰা হৈছে আলি আ:য়ে লৃগাং। ঢকুৱাখনাৰ 'নিউ লাইফ একাডেমী'তো আলি আ:য়ে লৃগাং উদযাপন। ছাত্ৰ-ছাত্ৰীসকলক বিদ্যায়তনিক শিক্ষা দিয়াৰ উপৰিও নিজ জনগোষ্ঠীটোৰ কৃষ্টি-সংস্কৃতিৰ জ্ঞান দিয়াৰ উদ্দেশ্যে পালন কৰিছে এই উৎসৱ। যোৰাবাটৰ কাৰ্ম্পুমপুলি গাঁৱতো উদযাপন আলি আ:য়ে লৃগাং। পৰম্পৰাগত ৰীতি-নীতিৰে পূজা-অৰ্চনা কৰি কৃষি ভিত্তিক উৎসৱৰ আয়োজন।ৰাজ্যৰ অন্যান্য ঠাইৰ দৰে খুমটাইৰ ওপৰটেমেৰা জৰাগুৰি মিচিং গাঁৱতো পূৱাৰে পৰা আলি আ:য়ে লৃগাং উদযাপন। পৰম্পৰাগত নিয়ম অনুসৰি উৎসৱটি পালন কৰি আনন্দত বিভোৰ সকলো। কৃষিভিত্তিক উৎসৱ আলি আ:য়ে লৃগাঙৰ বাবে উখল-মাখল মাজুলী। মাজুলীৰ আকাশে-বতাহে এতিয়া গুমৰাগ নৃত্য আৰু ঐনিতমৰ সুৰত মুখৰিত হৈ পৰিছে। কৃষিজীৱী মিচিং সকলে আলি আ:য়ে লৃগাঙৰ দিনটোৰ পৰাই উপাস্য দেৱতাক স্মৰণ কৰি পথাৰত বীজ সিঁচা পৰ্ব আৰম্ভ কৰে।AdvertismentAdvertisment Read the Next Article