Advertisment

ঐতিসাহিক দীপৰ বিলত 'বিল মাৰা' উৎসৱ

ঐতিসাহিক দীপৰ বিলত 'বিল মাৰা' উৎসৱ। অইন বেলিৰ দৰে এইবেলিও পৰম্পৰাগতভাৱে মাছ মৰা উৎসৱ পালন কৰিলে দীপৰ বিলত। দীপৰ বিলত একেলগে মাছ ধৰিলে প্ৰায় দুই হাজাৰৰো অধিক মাছমৰীয়াই। উৎসৱমূখৰ হৈ পৰিল দীপৰ বিলৰ পাৰ।

 File Photo
File Photo

ঐতিসাহিক দীপৰ বিলত 'বিল মাৰা' উৎসৱ

ঐতিসাহিক দীপৰ বিলত 'বিল মাৰা' উৎসৱ। অইন বেলিৰ দৰে এইবেলিও পৰম্পৰাগতভাৱে মাছ মৰা উৎসৱ পালন কৰিলে দীপৰ বিলত। দীপৰ বিলত একেলগে মাছ ধৰিলে প্ৰায় দুই হাজাৰৰো অধিক মাছমৰীয়াই। উৎসৱমূখৰ হৈ পৰিল দীপৰ বিলৰ পাৰ।

Advertisment

Read More- কাৰ বাবে মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলে সৰ্বানন্দ সোণোৱাল?

সকলোৰে হাতে হাতে মাছ। উৎসৱমুখৰ পৰিৱেশ দীপৰ বিলৰ পাৰত। ঐতিসাহিক দীপৰ বিলত কাহিলি পুৱাৰে পৰা আৰম্ভ হৈছে 'বিল মাৰা' উৎসৱ। দীপৰ দাতিকাষৰীয়া অঞ্চলৰ মাছমৰীয়া লোকসকলে পূৰ্বৰে পৰা পৰম্পৰাগতভাৱে উৰুকাৰ প্ৰাক মুহূৰ্তত তথা ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দেওবাৰে পালন কৰি আহিছে এই 'বিল মাৰা' উৎসৱ । দীপৰ বিলৰ দাতিকাষৰীয়া লোকসকলে প্ৰায় মাহযোৰা প্ৰস্তুতিৰে নাও ৰং কৰাকে ধৰি নাও মেৰামতি, বিভিন্ন প্ৰকাৰ মাছ মৰা জাল-জাঙোৰ আদি সকলো সাজু কৰি উলিয়াই আজি বিলত মাছ মাৰিলে। 

Read More- অসুৰ বধ হ'বই লাগিব- গৰিমাৰ হুংকাৰ

এইবাৰ বিলত একেলগে নামিল প্ৰায় ৫০০ খনৰো অধিক নাও আৰু প্ৰত্যকখন নাওতে দুজন-তিনিজনকৈ মাছমৰীয়া। দীপৰ বিলৰ দাতীকাষৰীয়া এই মাছমৰীয়া সকলে এনেদৰে মাছ ধৰিয়ে জীৱিকা নিৰ্বাহ কৰি আছে। এইবাৰ দীপৰ বিলত ৰৌ, ভকুৱা, চিতল, বৰালী, বিকেত, মিৰ্কাকে ধৰি বিভিন্ন মাছৰ পোনাসমূহ মেলি দিছিল। সেই পোনাবোৰ এতিয়া ডাঙৰ হোৱাত এনেদৰে বিলৰ বুকুত মাছ ধৰে লোকসকলে। পৰম্পৰাগতভাৱে ধৰা এনে মাছবোৰ বিভিন্ন বজাৰত মোকলাই দিয়ে যদিও দীপৰ বিলৰ পাৰত কোনো ওজন নোহোৱাকৈ আনুমানিক হিচাপে বিক্ৰি কৰে। যাৰ বাবে বিলৰ পাৰত অসংখ্যা গ্ৰাহকৰ সমাগম ঘটে । মাছ ল'বলৈ দীপৰ বিলত পাৰত পুৱাই উপস্থিত হয় বিভিন্ন প্ৰান্তৰ লোক। কোনোবাই যদি ৭ ঘণ্টা কোনোবাই ৫ ঘণ্টা অপেক্ষা কৰি ক্ৰয় কৰিছে মাছ। যি কি নহওক দীপৰ বিলৰ লোভনীয় মাছ খাবলৈ পুৱাৰে পৰা অগনন লোকৰ ভিৰ । ভোগালী বিহুৰ প্ৰাকক্ষণত এনেদৰে দীপৰ পাৰত ভৰি পৰিল বহুতো লোক।

Read More- কি হৈৰাই গৈছে? কোটি কোটি বছৰ পূৰ্বে কি আছিল এন্টাৰ্কটিকাত?

Advertisment
Advertisment