Assameseগেৰুৱা বসন পিন্ধিব ভূপেন বৰাইগেৰুৱা বসন পিন্ধিবলৈ সাজু ভূপেন বৰা। ২২ ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব ভূপেন বৰাই। ভূপেন বৰাৰ বাসগৃহৰ পৰা আনুষ্ঠানিক ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দিলীপ শইকীয়াই নিশ্চিত কৰিব ভূপেন বৰাৰ বিজেপিত যোগদানৰ সময়।Jyotiprasad Sarma Feb 17, 2026 21:57 ISTগেৰুৱা বসন পিন্ধিব ভূপেন বৰাই Photograph: (DY365)গেৰুৱা বসন পিন্ধিব ভূপেন বৰাই ২২ ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব ভূপেন বৰাইগেৰুৱা বসন পিন্ধিবলৈ সাজু ভূপেন বৰা। ২২ ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব ভূপেন বৰাই। ভূপেন বৰাৰ বাসগৃহৰ পৰা আনুষ্ঠানিক ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দিলীপ শইকীয়াই নিশ্চিত কৰিব ভূপেন বৰাৰ বিজেপিত যোগদানৰ সময়। ভূপেন বৰাৰ বিজেপি গমনে খহনীয়া আনিব প্ৰদেশ কংগ্ৰেছত!Advertismentমঙলবাৰে সন্ধিয়া ভূপেন বৰাৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ভূপেন বৰাৰ সৈতে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বৈঠকৰ অন্তত কংগ্ৰেছ ত্যাগী ভূপেন বৰাক কাষত বহুৱাই সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভূপেন বাৰৰ বিজেপিত যোগদান সন্দৰ্ভত সংবাদমেলত মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰে। ভূপেন বৰাই ২২ ফেব্ৰুৱাৰীত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব। ভূপেন বৰাৰ বাসগৃহৰ পৰা এই আনুষ্ঠানিক ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত যোগদান কৰিব ভূপেন বৰাই। সভাপতি দিলীপ শইকীয়াই ভূপেন বৰাৰ যোগদানৰ সময় ঠিক কৰিব। লখিমপুৰৰ কংগ্ৰেছৰ বিভিন্ন নেতা-কৰ্মীয়েও বিজেপিত যোগদান কৰিব বুলি সংবাদমেলত উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। কাইলৈ ভূপেন বৰাৰ সৈতে আছুতীয়া বৈঠকত বহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ভূপেন বৰাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ভূপেন বৰা আছিল কংগ্ৰেছৰ শেষৰজন হিন্দু নেতা। এটা সুৰক্ষিত সমষ্টি বিজেপিয়ে আগবঢ়াব ভূপেন বৰাক। ভূপেন বৰাই আসনৰ বাবে দৰ-দাম কৰা নাই বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে, ভূপেন বৰাৰ বিজেপি গমনে খহনীয়া আনিব প্ৰদেশ কংগ্ৰেছত! বিজেপিত যোগদানৰ বাবে সাজু আৰু বহু কংগ্ৰেছ নেতা। ভূপেন বৰাৰ সৈতে বিজেপিত যোগদান কৰিব কংগ্ৰেছৰ বহু নেতা-কৰ্মীয়ে।ইতিমধ্যে ডিব্ৰুগড়ত সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে আজি বিজেপিত যোগদান কৰে। AdvertismentAdvertisment Read the Next Article