Advertisment

১৪ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী, প্ৰধানমন্ত্ৰীৰ প্ৰতিটো কাৰ্যসূচীৰ বিষয়ে জনালে মুখ্যমন্ত্ৰীয়ে

উপহাৰ টোপোলা লৈ আকৌ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সংবাদমেলযোগে প্ৰধানমন্ত্ৰীৰ সময়সূচী বিশদভাৱে জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই।

 ১৪ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী, প্ৰধানমন্ত্ৰীৰ প্ৰতিটো কাৰ্যসূচীৰ বিষয়ে জনালে মুখ্যমন্ত্ৰীয়ে

উপহাৰ টোপোলা লৈ আকৌ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সংবাদমেলযোগে প্ৰধানমন্ত্ৰীৰ সময়সূচী বিশদভাৱে জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই।

Advertisment

Also Read...."দেশতকৈ মামী ডাঙৰ নহয়" শ্লোগানেৰে উত্তাল ৰাজ্য !

মুখ্যমন্ত্ৰীয়ে সংবাদমেলত জনায় যে ১৪ ফেব্ৰুৱাৰীত পুৱা ৯.৫০ বজাত চাবুৱাত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পুৱা ১০ বজাত চাবুৱাৰ পৰা মৰাণলৈ ৰাওনা হ’ব। মৰাণৰ Emergency Landing Facilityত এয়াৰ শ্ব’ উপভোগ কৰিব প্ৰধানমন্ত্ৰীয়ে। মৰাণৰ Emergency Landing Facilityত ১৬খন বিমান অৱতৰণ কৰিব। উল্লেখ্য যে ১৫০ কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ৪.২ কিলোমিটাৰ পথত ইমাৰ্জেন্সি লেণ্ডিং ফেচিলিটি (ELF)ৰ ব্যৱস্থা আছে। এই পথছোৱা যুদ্ধকালীন অৱস্থাত বা জৰুৰীকালীন পৰিস্থিতিত বায়ুসেনাৰ বিমান অৱতৰণ কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে জনায়।

Also Read....বন্ধ হ'ল জুবিন ক্ষেত্ৰত থকা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিনামূলীয়া চাহৰ বিপণী

মৰাণত  এয়াৰ শ্ব’ উপভোগ কৰাৰ পিছতেই পোনে পোনে গুৱাহাটীলৈ যাত্ৰা কৰিব মোদীয়ে। দুপৰীয়া ১ বজাত গুৱাহাটী-উত্তৰ গুৱাহাটী দলং মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে। দলং মুকলি কৰি কিছুসময় দলংখন পৰিদৰ্শন কৰিব মোদীয়ে। গুৱাহাটী-উত্তৰ গুৱাহাটী দলং মুকলি কৰাৰ লগে-লগে অধিক সুচল হ’ব গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ যাতায়াত ব্যৱস্থা। প্ৰায় ৩ হাজাৰ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে এই দলংখন।

দলং মুকলি কৰাৰ পাছতেই লাচিত ঘাটৰ পৰা প্ৰধানমন্ত্ৰীয়ে IIMৰ অস্থায়ী চৌহদ মুকলি কৰিব। ইয়াৰ পাছতেই গুৱাহাটীত নেচনেল ডাটা চেণ্টাৰৰ শুভ উদ্বোধন কৰিব। নেচনেল ডাটা চেণ্টাৰৰ শুভ উদ্বোধন কৰি গুৱাহাটীত ১০০খন বৈদ্যুতিক বাছৰ শুভাৰম্ভণি কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।

Also Read....বিশেষ সংশোধনী (SR 2026)ৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

১০০খন বৈদ্যুতিক বাছৰ শুভাৰম্ভণি কৰাৰ পিছতেই খানাপাৰাত বিজেপিৰ বুথ সন্মিলনত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰীৰ অসমৰ ভ্ৰমণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে সকলো সময়সূচীৰ লগতে কি কি অনুষ্ঠানত অংশগ্ৰহণ কৰিব বিশদভাৱে জনায়।

Also Read....এক ঘণ্টা দহ মিনিট পলমকৈ পৰীক্ষা আৰম্ভ

Advertisment
Advertisment