Assamese"দেশতকৈ মামী ডাঙৰ নহয়" শ্লোগানেৰে উত্তাল ৰাজ্য !ৰাজ্যজুৰি কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ। কি উজনি, কি মধ্য,কি নামনি অসম সকলোতে কেৱল কংগ্ৰেছৰ প্ৰতিবাদ। কংগ্ৰেছৰ এই প্ৰতিবাদৰ মূল শ্লোগান হৈছে "দেশতকৈ মামী ডাঙৰ নহয়"। Estafur Rahman Feb 10, 2026 18:16 ISTৰাজ্যজুৰি কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ। কি উজনি, কি মধ্য, কি নামনি অসম সকলোতে কেৱল কংগ্ৰেছৰ প্ৰতিবাদ। কংগ্ৰেছৰ এই প্ৰতিবাদৰ মূল শ্লোগান হৈছে "দেশতকৈ মামী ডাঙৰ নহয়"। Advertismentবিধান সভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। নিৰ্বাচনক লৈ শাসক-বিৰোধী নামি পৰিছে প্ৰচাৰত। ৰাজ্যত এতিয়া নিৰ্বাচনী প্ৰচাৰ তুংগত। নিৰ্বাচনৰ প্ৰচাৰ চলি থকাৰ মাজতে কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীও দেখা পোৱা গৈছে।Also Read.....এক ঘণ্টা দহ মিনিট পলমকৈ পৰীক্ষা আৰম্ভআনফালে ৰাজ্যত বিজেপিয়ে গৌৰৱ গগৈক পাকিস্তানী এজেন্টৰ আখ্যা দি ৰাজ্যজুৰি প্ৰতিবাদ কৰাও দেখা পোৱা গৈছে। দুদিন পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লোকসেৱা ভৱনত সাংসদ গৌৰৱ গগৈৰ পাকিস্তানী লিংক সন্দৰ্ভত বহু বিস্ফোৰক অভিযোগ দাঙি ধৰিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলৰ পাছতেই সোমবাৰে গৌৰৱ গগৈয়ে ৰাজীৱ ভৱনত এখনি সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত মুখ্যমন্ত্ৰীয়ে দাঙি ধৰা অভিযোগৰ উত্তৰ দি মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমিকাক লৈও সৰৱ হোৱা দেখা পোৱা গৈছিল। ইয়াৰ পূৰ্বেও গৌৰৱ গগৈৰ নেতৃত্বত দৰং,ছিপাঝাৰ, উজনি অসম আদি ঠাইত "দেশতকৈ মামী ডাঙৰ নহয়" শ্লোগানেৰে প্ৰতিবাদ কৰা দেখা পোৱা গৈছিল। সোমবাৰৰ গৌৰৱ গগৈৰ সংবাদমেলৰ পিছতেই আজি কামৰূপৰ গুইয়াবালাত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ।Also Read....মই পাকিস্তানলৈ গৈছিলোঃ গৌৰৱ গগৈ''দেশতকৈ মামী ডাঙৰ নহয়'' শ্লোগানেৰে গুইয়াবালাত তীব্ৰ প্ৰতিবাদ কংগ্ৰেছ দলৰ। কামৰূপ জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত অনুষ্ঠিত প্ৰতিবাদী কাৰ্য্যসূচীত উপস্থিত থাকে কংগ্ৰেছৰ বহু নেতা-কৰ্মী। প্ৰতিবাদস্থলীৰ পৰাই প্ৰতিবাদকাৰীসকলে কয়- "লাচিত বৰফুকনে কৈ গৈছিল দেশতকৈ মোমাই ডাঙৰ নহয়, আৰু আজি সেই একেই পৰিস্থিতি আহি পৰিছে দেশতকৈ মামী ডাঙৰ নহয়। পত্নীপ্ৰেম, মানুহৰ প্ৰতি থকা ঘৃণা এইবিলাকৰ কাৰণে দেশত এক অৰাজকতাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। এই পৰিস্থিতিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছে অসমক মুক্ত কৰাৰ কাৰণে এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। এইবাৰ বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজে আমাৰ নেতা গৌৰৱ গগৈৰ নেতৃত্বত এখন সুস্থ, সৱল কংগ্ৰেছৰ চৰকাৰ গঠন কৰিব বুলি আমি আশাবাদী"। AdvertismentAdvertisment Read the Next Article