Assameseএক ঘণ্টা দহ মিনিট পলমকৈ পৰীক্ষা আৰম্ভমঙলবাৰৰ পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। পৰীক্ষাৰ প্ৰথমটো দিনতে ছিপাঝাৰৰ এটা পৰীক্ষা কেন্দ্ৰলৈ বহু পলমকৈ আহিল প্ৰশ্নকাকত। ইফালে ধুবুৰীত এগৰাকী ছাত্ৰই নাপালে এডমিট কাৰ্ড।Jyotiprasad Sarma Feb 10, 2026 15:10 ISTএক ঘণ্টা দহ মিনিট পলমকৈ পৰীক্ষা আৰম্ভ Photograph: (DY365)এক ঘণ্টা দহ মিনিট পলমকৈ পৰীক্ষা আৰম্ভএডমিট কাৰ্ড নাপালে পৰীক্ষাৰ্থীয়েমঙলবাৰৰ পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। পৰীক্ষাৰ প্ৰথমটো দিনতে ছিপাঝাৰৰ এটা পৰীক্ষা কেন্দ্ৰলৈ বহু পলমকৈ আহিল প্ৰশ্নকাকত। ইফালে ধুবুৰীত এগৰাকী ছাত্ৰই নাপালে এডমিট কাৰ্ড।Advertismentআজি মঙলবাৰৰ পৰা আৰম্ভ হৈছে মেট্ৰিক পৰীক্ষা। প্ৰথমদিনা অনুষ্ঠিত হয় অসমীয়া বিষয়ৰ পৰীক্ষা। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনাই দৰঙৰ ছিপাঝাৰৰ এটা পৰীক্ষা কেন্দ্ৰত লাগে অথন্তৰ। গৰুখুঁটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰলৈ সময়মতে নগ’ল প্ৰশ্নকাকত। পৰীক্ষা কেন্দ্ৰটোত প্ৰশ্নকাকত নোপোৱাত স্বাভাৱিকতে হাহাকাৰ লাগে সকলোৰে মাজত। অৱশেষত এক ঘণ্টা দহ মিনিট পলমকৈ প্ৰশ্নকাকত পালে পৰীক্ষা কেন্দ্ৰটোত। যাৰ বাবে গৰুখুঁটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত একঘণ্টা দহ মিনিট পলমকৈ আৰম্ভ হয় প্ৰথম দিনাৰ পৰীক্ষা। পৰীক্ষা কেন্দ্ৰটোত দৰঙৰ আৰক্ষী অধীক্ষক উপস্থিত হৈ ঘটনাৰ তদন্ত কৰে।Also Read: আকৌ ইউ টাৰ্ণ পাকিস্তানৰ , ১৫ ফেব্ৰুৱাৰীত সমুখসমৰত ভাৰত-পাকিস্তানইফালে ধুবুৰীৰ গৌৰীপুৰত এডমিট কাৰ্ড নাপালে এগৰাকী পৰীক্ষাৰ্থীয়ে। শিক্ষা জীৱনৰ প্ৰথমটো খোজোতেই উজুটি খাবলগীয়া হ'ল গৌৰীপুৰৰ আতিফুল ইছলাম নামৰ শিক্ষাৰ্থীগৰাকীয়ে। এডমিট কাৰ্ড নোপোৱাৰ বাবে পৰীক্ষা চলি থকাৰ সময়তে পৰীক্ষা কেন্দ্ৰৰ বাহিৰত থাকিবলগীয়া হয় গৌৰীপুৰৰ আতিফুল ইছলাম। গৌৰীপুৰৰ পি চি ইনষ্টিটিউট উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত ঘটিল এই ঘটনা। এই কেন্দ্ৰটোত ৫৬৫গৰাকী পৰীক্ষাৰ্থী আছিল যদিও এডমিট আহিল ৫৬৪গৰাকীৰহে। সতীৰ্থই পৰীক্ষা কেন্দ্ৰত দিলে পৰীক্ষা আৰু অতিফুল ইছলাম থাকিবলগা হ'ল বাহিৰত। অজ্ঞাত কাৰণত এডমিট কাৰ্ড নাপালে আতিফুল ইছলামে। এই ক্ষেত্ৰত বিদ্যালয়কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় সচেতন মহলে।উল্লেখ্য যে, চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অৱতীৰ্ণ হৈছে ৪,৩৮,৫৬৫গৰাকী পৰীক্ষাৰ্থী। ইয়াৰে ১,৯০,২৪৩জন ছাত্ৰৰ বিপৰীতে ২,৪৮,৩২২গৰাকী ছাত্ৰী অৱতীৰ্ণ হৈছে পৰীক্ষাত। AdvertismentAdvertisment Read the Next Article