Advertisment

মই পাকিস্তানলৈ গৈছিলোঃ গৌৰৱ গগৈ

'মোৰ পত্নীয়ে কামৰ বাবে পাকিস্তানলৈ যাব লগা হৈছিল। মোৰ পত্নীয়ে এবছৰ পাকিস্তানত চাকৰি কৰি আছিল। বিয়া হোৱাৰ পিছত মই যাব নোৱাৰো নেকি? প্ৰথমে লাহোৰলৈ গৈছিলো। তাৰ পিছত মন গ'ল তক্ষশীলালৈ গৈছিলো'।

 মই পাকিস্তানলৈ গৈছিলোঃ গৌৰৱ গগৈ Photograph: (DY365)
মই পাকিস্তানলৈ গৈছিলোঃ গৌৰৱ গগৈ Photograph: (DY365)

মই পাকিস্তানলৈ গৈছিলোঃ গৌৰৱ গগৈ

'মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দিবলৈ এই সংবাদমেল নহয়। অসমৰ ৰাইজক সন্মান জনাইহে এই সংবাদমেলৰ আয়োজন কৰিছো। যাতে অসমৰ ৰাইজৰ কোনো বিভ্ৰান্তি নাথাকে'। 

Advertisment

'মোৰ পত্নীয়ে কামৰ বাবে পাকিস্তানলৈ যাব লগা হৈছিল। মোৰ পত্নীয়ে এবছৰ পাকিস্তানত চাকৰি কৰি আছিল। বিয়া হোৱাৰ পিছত মই যাব নোৱাৰো নেকি? প্ৰথমে লাহোৰলৈ গৈছিলো। তাৰ পিছত মন গ'ল তক্ষশীলালৈ গৈছিলো। স্বামী হিচাপে মই জানিব বিচাৰিছিলো মোৰ পত্নী পাকিস্তানত কেনেকৈ আছে? পাছপ'ৰ্টৰ সকলো তথ্য চৰকাৰক জমা দিয়া হৈছে। মুখ্যমন্ত্ৰীয়ে কৈ আছে মই ১০ দিন ক'ত গলো? কিন্তু SITয়ে এবাৰো নুসুধিলে মই ১০ দিন ক'ত গলো। মই উত্তৰ দিবলৈ সাজু হৈ আছিলো'।

Also Read: পাকিস্তানলৈ গৌৰৱ গগৈ কিয় গৈছিল? মুকলি প্ৰশ্ন অখিল গগৈৰ

আমি ৰাজনীতিবিদ হিচাপে পৰিয়ালৰ পৰা আঁতৰত থাকো। মই সৰুকালত নিজেই দেউতাক ভালদৰে লগ পোৱা নাছিলো। এতিয়া মোৰ সন্তানকো কৰ্মব্যস্ততাৰ বাবে সময় দিব নোৱাৰো। মোৰ পৰিবাৰেই সন্তানক ডাঙৰ-দীঘল কৰিছে। 

'মোৰ সন্তানৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে যিবোৰ ৰাজহুৱা কৰিছে আমি আইনৰ কাষ চাপিম'
'মুখ্যমন্ত্ৰীক মই সকীয়াই দিছো মোৰ ওপৰত যিমান আক্ৰমণ কৰে কৰক'
'মই লাচিতৰ বংশৰ তৰুণ গগৈৰ পুত্ৰ'
'কিন্তু আমাৰ কংগ্রেছ কৰ্মীৰ ওপৰত আক্ৰমণ হ'লে মই এৰি নিদিওঁ'

'বৰ্তমান মোৰ পত্নীৰ পাকিস্তানত বেংক একাউণ্ট নাই'
'যেতিয়া পাকিস্তানত আছিল তেতিয়া বেংক একাউণ্ট আছিল'
'পাকিস্তানৰ পৰা গুচি অহাৰ পিছত একাউণ্ট বন্ধ কৰি আহিছে'

Also Read: 'আজিৰ পৰা আৰু জুবিন ক্ষেত্ৰলৈ নাহো'

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ১০বাৰ বাংলাদেশলৈ গৈছে। মুখ্যমন্ত্ৰী বাংলাদেশলৈ যোৱা ফটো ৰাজহুৱা কৰিলে গৌৰৱ গগৈয়ে। বাংলাদেশত মুখ্যমন্ত্ৰীয়ে উঠা ফটো ৰাজহুৱা কৰিলে গৌৰৱ গগৈয়ে। 'বাংলাদেশৰ এটা বিখ্যাত দৰগাহলৈ গৈছিল মুখ্যমন্ত্ৰী, ফটো মোৰ ওচৰত আছে’।

পাকিস্তানৰে গৌৰৱ গগৈৰ সম্পৰ্কক লৈ মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰা গুৰুতৰ অভিযোগ সন্দৰ্ভত ৰাজীৱ ভৱনত APCCৰ সভাপতি গৌৰৱ গগৈয়ে সংবাদমেল। পাকিস্তান যোৱা সন্দৰ্ভত গৌৰৱ গগৈয়ে সোমবাৰে উল্লেখ কৰে সকলো কথা। 

Advertisment
Advertisment