Advertisment

বন্ধ হ'ল জুবিন ক্ষেত্ৰত থকা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিনামূলীয়া চাহৰ বিপণী

জুবিন ক্ষেত্ৰত থকা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিনামূলীয়া চাহৰ বিপণী আজিৰে পৰা বন্ধ গৈ গ'ল। ৯ ফেব্ৰুৱাৰী, ২০২৬ত প্ৰশাসনে জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য সুচাৰুৰূপে চলাবলৈ তাত থকা সকলো দোকান উঠাই দিয়ে।

 বন্ধ হ'ল জুবিন ক্ষেত্ৰত থকা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিনামূলীয়া চাহৰ বিপণী

জুবিন ক্ষেত্ৰত থকা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিনামূলীয়া চাহৰ বিপণী আজিৰে পৰা বন্ধ গৈ গ'ল

Advertisment

Also read....মই পাকিস্তানলৈ গৈছিলোঃ গৌৰৱ গগৈ

৯ ফেব্ৰুৱাৰী, ২০২৬ত প্ৰশাসনে জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য সুচাৰুৰূপে চলাবলৈ তাত থকা সকলো দোকান উঠাই দিয়ে। নিৰ্মাণ কাৰ্যৰ খাতিৰত সকলো ব্যৱসায়ীয়ে প্ৰশাসনৰ এই নিৰ্দেশনা মানি ত্যাগ কৰে সেই স্থান। প্ৰশাসনৰ নিৰ্দেশনাক সন্মান জনাই বিগত প্ৰায় ৬মাহ ধৰি জুবিন ক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিনামূলীয়া চাহৰ বিপণীখনো বন্ধ কৰাৰ কথা ঘোষণা কৰে কেন্দ্ৰীয় নেতৃত্বই।

এইখিনিতে উল্লেখ কৰিব লাগিব যে, বিগত প্ৰায় ৬মাহ ধৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জুবিন ক্ষেত্ৰলৈ অহা প্ৰতিগৰাকী লোকক বিনামূলীয়া চাহৰ যোগান ধৰিছিল। বিগত সময়চোৱাত ৪ লক্ষাধিক লোকক বিনামূলীয়া চাহ বিতৰণ কৰিছিল সংগঠনটোৱে।

Also read....পাকিস্তানলৈ গৌৰৱ গগৈ কিয় গৈছিল? মুকলি প্ৰশ্ন অখিল গগৈৰ

শেহতীয়াকৈ বিপণীখন বন্ধ কৰাৰ কথা ঘোষণা কৰি সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বই এক প্ৰেছ বিবৃতিযোগে উল্লেখ কৰিছে, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দ্বাৰা অসমীয়া ৰাইজৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ পাছৰ পৰাই জুবিন ক্ষেত্ৰত দৰ্শনাৰ্থীৰ সুবিধাৰ্থে আৰম্ভ কৰা চাহৰ বিপণীখনে চাওঁতে চাওঁতে অক্টোবৰ মাহৰ শেষাৰ্ধৰ পৰা ফেব্ৰুৱাৰী মাহৰ মধ্যভাগত আহি উপস্থিত হৈছোহি আৰু পৰিষদে ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু শেহতীয়াকৈ জুবিন ক্ষেত্ৰ সম্পূৰ্ণৰূপে নিৰ্মাণৰ উদ্দেশ্যে প্ৰশাসনে জাৰি কৰা নিৰ্দেশ তথা কাৰিকৰী কাম-কাজ ক্ষীপ্ৰতৰ ৰূপত হৈ উঠাৰ প্ৰতি লক্ষ্য ৰাখি অনিচ্ছা সত্ত্বেও বিনামূলীয়া চাহৰ বিপণীখন আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 

Also read....বাজপেয়ী ভৱনত হিমন্ত বিশ্ব শৰ্মাক লৈ কি আলোচনা চলিছে? ক'লে ৰকিবুল হুছেইনে-

বিগত দিনকেইটাৰ ৰাইজৰ সহায়-সহযোগৰ বাবে সংগঠনটোৰ নেতৃত্বই ধন্যবাদ জ্ঞাপন কৰে সকলোকে।

Advertisment
Advertisment